ৰাজস্থান ৰয়েলছৰ অধিনায়ক হ’ব ৰিয়ান পৰাগ…

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ প্ৰথম তিনিখন মেচত খেলিব নোৱাৰিব ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু চেমছনে । ২৩ মাৰ্চত হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত যোৱা সংস্কৰণৰ চূড়ান্ত প্ৰতিযোগী ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ৰাজস্থানে আই পি এল ২০২৫ৰ অভিযান আৰম্ভ কৰিব । সঞ্জুৰ অনুপস্থিতিত দলৰ দায়িত্ব ল’ব ৰিয়ান পৰাগে ।

ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ খেলৰ সময়ত ৰাজস্থান ৰয়েলছৰ নিয়মীয়া অধিনায়ক তথা উইকেটকীপাৰ বেটছমেন সঞ্জুৱে আঙুলিত আঘাত পাইছিল । ইয়াৰ বাবে চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে তেওঁৰ অস্ত্ৰোপচাৰ কৰা হৈছিল । তথ্য অনুসৰি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে তেওঁক উইকেট কীপিঙৰ বাবে এতিয়াও সেউজ সংকেট দিব পৰা নাই ।

চেমছনৰ অনুপস্থিতিত ৰিয়ান পৰাগে প্ৰথম আই পি এল চেম্পিয়ন দলৰ অধিনায়কত্ব কৰিব । তেওঁ আই পি এলৰ ইতিহাসত ফ্ৰেঞ্চাইজিৰ অধিনায়কত্ব কৰা আটাইতকৈ কম বয়সীয়া ক্ৰিকেটাৰ হিচাপে পৰিগণিত হ’ব ।

ৰিয়ান পৰাগক অধিনায়কত্ব দিয়াৰ সিদ্ধান্ত সন্দৰ্ভত ৰাজস্থান ৰয়েলছে কয় যে, ‘ৰাজস্থান ৰয়েলছৰ অধিনায়কত্ব ৰিয়ানক গতাই দিয়াৰ সিদ্ধান্তই তেওঁৰ নেতৃত্বৰ প্ৰতি ফ্ৰেঞ্চাইজিৰ আস্থাক প্ৰতিফলিত কৰিছে, অসমৰ ঘৰুৱা অধিনায়ক হিচাপে থকাৰ সময়ছোৱাত তেওঁ নিজৰ দক্ষতা প্ৰদৰ্শন কৰিছে । বছৰ বছৰ ধৰি ৰয়েলছৰ চেটআপৰ এজন গুৰুত্বপূৰ্ণ সদস্য হোৱাৰ বাবে দলটোৰ বিষয়ে তেওঁৰ বুজাবুজি কল্পনাতীত ।’

জুৰেলে উইকেটকিপিং কৰিব-

যিহেতু প্ৰাৰম্ভিক মেচত চেমছনে খেলিব নোৱাৰিব, সেয়েহে ধ্ৰুৱ জুৰেলক দলৰ উইকেটকীপাৰ হ’ব পাৰে । জুৰেলক ১৪ কোটি টকাৰ বিনিময়ত ফ্ৰেঞ্চাইজিয়ে ধৰি ৰাখিছিল । দলৰ আন কোনো উইকেটকীপাৰ-বেটছমেন নাই ।

আই পি এল ২০২৫ৰ পূৰ্বে ৰিয়ান পৰাগৰ দুৰ্দান্ত প্ৰদৰ্শন… ৬৪টা বলত ১৪৪ ৰানৰ বিস্ফোৰক ইনিংছ

আৰম্ভ হৈছে আই পি এল ২০২৫ৰ কাউণ্টডাউন, ২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব এই প্ৰতিযোগিতা । ইয়াৰ পূৰ্বে সকলো দলে অনুশীলন মেচ খেলি আছে । ৰাজস্থান ৰয়েলছৰ অনুশীলন মেচত বেটছমেন ৰিয়ান পৰাগে বিস্ফোৰক বেটিং কৰি ৬৪ বলত অপৰাজিত ১৪৪ ৰান সংগ্ৰহ কৰিছে ।

১৪৪ ৰানৰ বিস্ফোৰক ইনিংছত ১০টা ছয় আৰু ১৬টা চাৰি কোবাই ৰিয়ান পৰাগে । ৰাজস্থান ৰয়েলছৰ গুৰুত্বপূৰ্ণ খেলুৱৈ পৰাগ আৰু তেওঁৰ ফৰ্মে সঞ্জু চেমছন আৰু দলটোক যথেষ্ট সকাহ দিব । ২৩ মাৰ্চত আই পি এল ২০২৫ত ৰাজস্থান ৰয়েলছে প্ৰথমখন মেচ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে খেলিব ।

ৰিয়ান পৰাগ আই পি এল কেৰিয়াৰ-

২০১৯ চনত আই পি এলত অভিষেক ঘটোৱা ৰিয়ান পৰাগে এই পৰ্যন্ত প্ৰতিযোগিতাখনত ৭০খন মেচ খেলিছে । ইয়াৰ ভিতৰত তেওঁ ১৩৫ ষ্ট্ৰাইক ৰেটত ১১৭৩ ৰান সংগ্ৰহ কৰিছে । আই পি এলত ৰিয়ান পৰাগৰ সৰ্বোচ্চ স্ক’ৰ হৈছে ৮৪ ৰান । তেওঁ ৬টা অৰ্ধশতকীয় ইনিংছ খেলিছে ।

ৰাজস্থান ৰয়েলছৰ শক্তিশালী বেটিং লাইন আপ-

জোছ বাটলাৰৰ বিদায়ৰ পিছতো ৰাজস্থান ৰয়েলছৰ বেটিং ইউনিট যথেষ্ট শক্তিশালী দেখা গৈছে । দলটোত মুঠ ৮ জন ভাল বেটছমেন আছে, ইয়াৰে ছিমৰন হেটমায়াৰৰ ৰূপত মাত্ৰ ১ জন বিদেশী খেলুৱৈ আছে । সম্ভৱতঃ যশস্বী জয়ছোৱালে দলৰ হৈ সঞ্জুৰ সৈতে ইনিংছ মুকলি কৰিব ।

ৰাজস্থান ৰয়েলছ দলত আছে মাত্ৰ ২ জন অল ৰাউণ্ডাৰ খেলুৱৈ । এই দলৰ একমাত্ৰ অল ৰাউণ্ডাৰ খেলুৱৈ নীতিশ ৰানা আৰু যুধবীৰ সিং । এই দলটোত সৰ্বাধিক বলাৰ আছে । ৰাজস্থান ৰয়েলছ দলত আছে ১০ জন বলাৰ ।

আই পি এল ২০২৫ত ৰাজস্থান ৰয়েলছৰ খেলুৱৈ-

সঞ্জু চেমচন (অধিনায়ক), যশস্বী জয়ছোৱাল, ছিমৰন হেটমেয়াৰ, শুভম ডুবে, বৈভৱ সূৰ্যবংশী, ধ্ৰুৱ জুৰেল, কুনাল সিং ৰাথোৰ, ৰিয়ান পৰাগ, যুধবীৰ সিং চৰাক, নীতিশ ৰাণা, সন্দীপ শৰ্মা, তুষাৰ দেশপাণ্ডে, আকাশ মাধৱাল, কুমাৰ কাৰ্তিকেয়া, কুৱেনা ম্ফাকা, ৱানিন্দু হাসৰংগা, মহেশ তীক্ষনা, ফজলহক ফাৰুকী, অশোক শৰ্মা, জোফ্ৰা আৰ্চাৰ ।

১৭টা ছিজন, ৮জন অধিনায়ক… এতিয়ালৈকে এইসকল অধিনায়কে তুলিছে আই পি এল ট্ৰফী

২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব আই পি এলৰ ১৮ সংখ্যক ছিজন । কলকাতাৰ ইডেন গাৰ্ডেনত কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মাজত অনুষ্ঠিত হ’ব উদ্বোধনী মেচ । এই পৰ্যন্ত আই পি এলৰ ১৭টা ছিজনত ৮জন অধিনায়কে ট্ৰফী তুলি লোৱাৰ সুযোগ লাভ কৰিছে । ইয়াৰ ভিতৰত মহেন্দ্ৰ সিং ধোনী আৰু ৰোহিত শৰ্মা শীৰ্ষত আছে । দুয়োজনে সৰ্বাধিক ৫টাকৈ খিতাপ দখল কৰিছে । জানক এতিয়ালৈকে আই পি এল জয় কৰা অধিনায়কসকলৰ বিষয়ে…

মহেন্দ্ৰ সিং ধোনী-

আই পি এলৰ অন্যতম সফল অধিনায়ক মহেন্দ্ৰ সিং ধোনী হৈছে সৰ্বাধিক ট্ৰফী জয় কৰা খেলুৱৈ । তেওঁ ৫ বাৰ চেন্নাই ছুপাৰ কিংছক চেম্পিয়ন কৰি তুলিছে । ইয়াৰ উপৰিও তেওঁৰ দলটোৱে ৫ বাৰ ৰানাৰ্ছ আপো লাভ কৰিছে । ২০১০, ২০১১, ২০১৮, ২০২১ আৰু ২০২৩ চনত ধোনীৰ দল চেম্পিয়ন হৈছিল । তেওঁৰ অধিনায়কত্বত ২০০৮, ২০১২, ২০১৩, ২০১৫ আৰু ২০১৯ চনত চেন্নাই দলটো ফাইনেলত পৰাস্ত হৈছিল ।

ৰোহিত শৰ্মা-

মুম্বাই ইণ্ডিয়ানছৰ কিংবদন্তি ৰোহিত শৰ্মায়ো ৫টা আই পি এল খিতাপ দখল কৰিছে । ৰোহিতৰ অধিনায়কত্বত ২০১৩, ২০১৫, ২০১৭, ২০১৯ আৰু ২০২৩ চনত মুম্বাই দলটোৱে খিতাপ দখল কৰিছে । এতিয়া ৰোহিতৰ ঠাইত হাৰ্দিক পাণ্ডিয়া দলৰ অধিনায়ক ।

গৌতম গম্ভীৰ-

ধোনী আৰু ৰোহিতৰ পিছত গৌতম গম্ভীৰ আই পি এলৰ সফল অধিনায়ক । তেওঁ দুবাৰকৈ কলকাতা নাইট ৰাইডাৰ্ছক চেম্পিয়ন কৰি তুলিছে । তেওঁৰ অধিনায়কত্বত ২০১২ আৰু ২০১৪ চনত দলটোৱে খিতাপ দখল কৰে ।

শ্বেন ৱাৰ্ণ-

আই পি এলৰ প্ৰথম ছিজনত ৰাজস্থান ৰয়েলছৰ অধিনায়ক আছিল শ্বেন ৱাৰ্ণ । দুৰ্বল বুলি গণ্য কৰা ৰাজস্থান দলটোক তেওঁ ফাইনেললৈ লৈ যায় আৰু তাৰ পিছত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে জয় লাভ কৰে । ইয়াৰ পিছত ৰাজস্থানে দ্বিতীয়টো খিতাপৰ বাবে অপেক্ষা কৰি আছে ।

আডাম গীলখ্ৰীষ্ট-

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন কিংবদন্তি আডাম গিলখ্ৰীষ্টেও আই পি এলৰ খিতাপ দখল কৰাৰ সুযোগ লাভ কৰিছে । ২০০৯ চনত তেওঁ ডেকান চাৰ্জাৰ্ছক চেম্পিয়ন হিচাপে গঢ়ি তুলিছিল । ফাইনেলত ডেক্কানে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুক পৰাস্ত কৰিছিল । এই দলটো ২০১২ চনত ভংগ হয় ।

ডেভিদ ৱাৰ্নাৰ-

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ ডেভিদ ৱাৰ্নাৰে ২০১৬ চনত ছানৰাইজাৰ্ছ হায়দৰাবাদক চেম্পিয়ন কৰি তুলিছিল । তেওঁ দলটোৰ অধিনায়ক আছিল । ফাইনেলত ছানৰাইজাৰ্ছে বিৰাট কোহলী নেতৃত্বাধীন ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুক পৰাস্ত কৰিছিল ।

হাৰ্দিক পাণ্ডিয়া-

মুম্বাই ইণ্ডিয়ানছৰ পৰা ২০২২ চনত গুজৰাট টাইটানছ দলত যোগদান কৰিছিল হাৰ্দিক পাণ্ডিয়াই । এই ছিজনত গুজৰাটৰ লগতে লক্ষ্ণৌ ছুপাৰ জায়েন্টেও প্ৰথমবাৰৰ বাবে আই পি এল খেলাৰ সুযোগ লাভ কৰে । হাৰ্দিকে গুজৰাট টাইটানছক প্ৰথম ছিজনতে চেম্পিয়ন কৰি তুলিছিল । তেওঁৰ অধিনায়কত্বত ২০২৩ চনত গুজৰাটে ফাইনেলতো প্ৰৱেশ কৰিছিল যদিও চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল । ২০২৩ চনৰ শেষৰ ফালে গুজৰাট এৰি হাৰ্দিকে মুম্বাই ইণ্ডিয়ানছ দললৈ উভতি আহে । তেওঁ এতিয়া মুম্বাইৰ অধিনায়ক ।

শ্ৰেয়াছ আয়াৰ-

ভাৰতৰ তাৰকা খেলুৱৈ শ্ৰেয়াছ আয়াৰে ২০২৪ চনত কলকাতা নাইট ৰাইডাৰ্ছক চেম্পিয়ন কৰি তুলিছিল । প্ৰথমবাৰৰ বাবে খিতাপ জয় কৰাৰ সুযোগ লাভ কৰে তেওঁ । ফাইনেলত কলকাতাই ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰে । এতিয়া পঞ্জাৱ কিংছ দলত যোগদান কৰিছে আয়াৰে ।

আই পি এল ২০২৫ত কোনটো দলৰ আছে আটাইতকৈ বিপদজনক অ’পেনাৰ ?  জানক ১০ টা দলৰ তালিকা…

২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব আই পি এল ২০২৫, মুঠ ১০ টা দলে অংশগ্ৰহণ কৰিব এই প্ৰতিযোগিতাত । প্ৰায় ২ মাহ ধৰি চলিবলগীয়া এই ইভেণ্টত মুঠ ৭৪খন মেচ অনুষ্ঠিত হ’ব । দহটা দলৰ আটাইকেইটাৰ দল আৰু অধিনায়কৰ নামো প্রকাশ কৰা হৈছে ৷ চেন্নাই আৰু মুম্বাই ইণ্জিয়ানছৰ দৰে ডাঙৰ দলবোৰ এইবাৰো পূৰ্বৰ দৰেই অতি শক্তিশালী দেখা গৈছে । একে সময়তে অক্ষৰ পেটেলৰ অধিনায়কত্বত থকা দিল্লী কেপিটেলছেও এইবাৰ অতি শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিবলৈ সৈজু হৈছে ।

দলৰ সংমিশ্ৰণ যিমানেই শক্তিশালী নহওক কিয়, প্ৰথমে বেটিং বা লক্ষ্য অনুসৰণ কৰাৰ সময়ত, এটা দলৰ জয়ৰ ভেটি স্থাপন কৰে অ’পেনিং বেটছমেনসকলে । ইয়াত জানি লওক আই পি এল ২০২৫ত কোনটো দলৰ অপেনিং যুটী আটাইতকৈ শক্তিশালী দেখা গৈছে ।

চেন্নাই ছুপাৰ কিংছ – ঋতুৰাজ গাইকোৱাদ আৰু ডেভন কনৱেঃ

ডেভন কনৱেই আই পি এল ২০২৪ত খেলিব পৰা নাছিল, কিন্তু তাৰ এটা ছিজন পূৰ্বে অৰ্থাৎ আই পি এল ২০২৩ত তেওঁ ঋতুৰাজ গাইকোৱাদৰ সৈতে চি এছ কেক খিতাপ জয়ৰ দিশত আগুৱাই লৈ যায় । গাইকোৱাদ আৰু কনৱেই একেলগে ২০২৩ চনত ১২৬২ ৰান সংগ্ৰহ কৰিছিল । দুয়োজনৰে গড়ে ৫০ জনতকৈ অধিক ৰান আছিল । এই মাৰাত্মক যুটীটোৱে পুনৰ এবাৰ চি এছ কেৰ বাবে অপেনিং কৰা দেখা যাব ।

ছানৰাইজাৰ্ছ হায়দৰাবাদ – ট্ৰেভিছ হেড আৰু অভিষেক শৰ্মাঃ

কোনে পাহৰিব পাৰে আই পি এল ২০২৪ৰ সেই ধুমুহাময় ইনিংছবোৰ, যেতিয়া ট্ৰেভিছ হেড আৰু অভিষেক শৰ্মাই একেলগে বিপক্ষৰ বলাৰক নিৰ্দয় প্ৰহাৰ কৰিছিল । যোৱা ছিজনত এই যুটীৰ বলতে এছ আৰ এইচে আই পি এলৰ ইতিহাসত দুটাকৈ সৰ্বাধিক স্ক’ৰ লাভ কৰিছিল ।

ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু – বিৰাট কোহলী আৰু ফিল ছল্টঃ

বিৰাট কোহলীয়ে ৭৪১ ৰান সংগ্ৰহ কৰি আই পি এল ২০২৪ৰ অৰেঞ্জ কেপ লাভ কৰে । এতিয়া তেওঁ আৰ চি বিত ইংলেণ্ডৰ ডেছিং অ’পেনাৰ ফিল ছল্টৰ সমৰ্থন লাভ কৰিব । বিৰাটৰ আই পি এলৰ পৰিসংখ্যা আচৰিত হোৱাৰ বিপৰীতে আনটো মূৰৰ পৰা আই পি এল ২০২৪ত ১৮২ ৰান ষ্ট্ৰাইক ৰেট বজাই ৰাখি এইবাৰ ছল্টে বলাৰক ব্যতিব্যস্ত কৰিব পাৰে ।

গুজৰাট টাইটানছ – শুভমন গীল আৰু জোছ বাটলাৰঃ

দুয়োজন আন্তঃৰাষ্ট্ৰীয় তাৰকা, বলাৰক বহুত ভালকৈ পঢ়িব জানে । আই পি এলৰ এটা ছিজনত ৮০০ৰো অধিক ৰান সংগ্ৰহ কৰা চাৰিজন নিৰ্বাচিত খেলুৱৈৰ ভিতৰত গীলৰ নাম অন্তৰ্ভুক্ত হৈছে । যদিহে জোছ বাটলাৰে তেওঁৰ সৈতে আৰম্ভণি কৰে আৰু দুয়োজন খেলুৱৈয়ে ফৰ্মত থাকে, তেন্তে গুজৰাট জায়েণ্টছক আই পি এল ২০২৫ত ফাইনেলৰ বাবে ডাঙৰ প্ৰতিদ্বন্দ্বী বুলি কোৱাটো ভুল নহ’ব ।

মুম্বাই ইণ্ডিয়ানছ – ৰোহিত শৰ্মা আৰু ৰিয়ান ৰিকেলটন/উইল জেকছঃ

মুম্বাই ইণ্ডিয়ানছৰ ইনিংছ মুকলিৰ ক্ষেত্ৰত ৰোহিত শৰ্মাৰ অভিজ্ঞতা আছে । শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাৰ খেলুৱৈ ৰিয়ান ৰিকেলটনে বগা বল ক্ৰিকেটত নতুন উচ্চতা লাভ কৰিবলৈ সক্ষম হৈছে । ৰিকেলটনৰ উপৰিও উইল জেকছো অ’পেনিং বেটিঙৰ বাবে উন্নত বিকল্প হ’ব পাৰে । ২০২৪ চনৰ আই পি এলত আৰ চি বিৰ হৈ খেলি থকাৰ সময়ত তেওঁ ১৭৫ ষ্ট্ৰাইক ৰেটত ২৩০ ৰান সংগ্ৰহ কৰে ।

কলকাতা নাইট ৰাইডাৰ্ছ – অজিংক্য ৰাহানে/সুনিল নাৰিনে আৰু কুইণ্টন ডি ককঃ

কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়ক অজিংক্য ৰাহানে দক্ষিণ আফ্ৰিকাৰ বিস্ফোৰক বেটছমেন কুইণ্টন ডি ককৰ সৈতে অইপেনিঙৰ দায়িত্ব ল’ব পাৰে । কিন্তু নিয়মিতভাৱে দলটোক বিস্ফোৰক আৰম্ভণি দি অহা সুনীল নাৰিনেও অ’পেনিঙৰ বাবে এক উন্নত বিকল্প বুলি প্ৰমাণ কৰিব পাৰে ।

ৰাজস্থান ৰয়েলছ – সঞ্জু চেমছন আৰু যশস্বী জয়ছোৱালঃ

অধিনায়ক সঞ্জু চেমছন আৰু যশস্বী জয়ছোৱালক ৰাজস্থান ৰয়েলছ দলৰ আটাইতকৈ শক্তিশালী যুটী বুলি ক’ব পাৰি । যোৱা ছিজনত দুয়োজনে একেলগে ৯৬৬ ৰান সংগ্ৰহ কৰিছিল, দুয়োৰে ফৰ্ম ভাল আৰু অপেনিঙৰ বহু অভিজ্ঞতা আছে ।

দিল্লী কেপিটেলছ – ফাফ ডু প্লেছিছ আৰু জেক ফ্ৰেজাৰ মেকগাৰ্কঃ

অষ্ট্ৰেলিয়াৰ যুৱ আৰু শক্তিশালী খেলুৱৈ জেক ফ্ৰেজাৰ মেকগাৰ্কে যোৱা ছিজনত বিধ্বংসী ৰূপ ধাৰণ কৰিছিল । যোৱা বছৰ তেওঁ আই পি এলত ২৩৪ ৰান ষ্ট্ৰাইক ৰেটত ৩৩০ ৰান সংগ্ৰহ কৰিছিল । তেওঁৰ লগতে ফাফ ডু প্লেছিছৰ অভিজ্ঞতা আৰু তেওঁৰ আগ্ৰাসী বেটিং দিল্লীৰ বাবে ট্ৰাম্প কাৰ্ড বুলি প্ৰমাণিত হ’ব পাৰে ।

লক্ষ্ণৌ ছুপাৰ জায়েন্টছ – এইডেন মাক্ৰাম আৰু মিচেল মাৰ্ছঃ

এল এছ জিৰ দলত নিকোলাছ পুৰাণ, ঋষভ পন্ট আৰু ডেভিদ মিলাৰৰ দৰে শক্তিশালী বেটছমেন আছে । কিন্তু প্ৰশ্ন হয় কোনে অপেনিং কৰিব ? এইডেন মাৰ্ক্ৰাম আৰু মিচেল মাৰ্ছক দলটোৰ সম্ভাৱ্য অপেনিং যুটি হিচাপে দেখা গৈছে । এল এছ জি মুকলিৰ ক্ষেত্ৰত দুৰ্বল যেন লাগে কাৰণ মাৰ্ক্ৰাম আৰু মাৰ্ছে সাধাৰণতে তিনি নম্বৰ বা তাতকৈ তলত বেটিং কৰে ।

পঞ্জাব কিংছ – জোছ ইংলিছ আৰু প্ৰভসিমৰণ সিং

বৰ্তমান চেম্পিয়নছ ট্ৰফী ২০২৫ত ইংলেণ্ডৰ বিৰুদ্ধে ১২০ ৰানৰ উজ্জ্বল ইনিংছ খেলি আহিছে জোছ ইংলিছ । একে সময়তে প্ৰভসিমৰন সিঙো দীৰ্ঘদিন ধৰি পঞ্জাৱ কিংছৰ সৈতে জড়িত হৈ আছে । কিন্তু দুয়োৰে টি-২০ ষ্টেটাছ বৰ ভাল নহয়, আনহাতে টি-২০ মেচত ইংলিছৰ অভিজ্ঞতাৰ অভাৱ পঞ্জাৱৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে ।

আই পি এল ২০২৫-ৰ পূৰ্বে দিল্লী কেপিটেলছৰ ডাঙৰ ঘোষণা; কে এল ৰাহুল নহয় এইজন হে হ’ল অধিনায়ক

২২ মাৰ্চৰ আৰম্ভ হ’ব আই পি এল ২০২৫। প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা ১০টা দলৰ ভিতৰত, ৯ টা দলে তেওঁলোকৰ অধিনায়কৰ নাম ঘোষণা কৰিছে।

কিন্তু কেৱল দিল্লী কেপিটেলছে তেওঁলোকৰ অধিনায়কৰ নাম প্ৰকাশ কৰা নাছিল।এতিয়া দিল্লী কেপিটেলছেও দলটোৰ অধিনায়ক ঘোষণা কৰিছে। হোলীৰ বিশেষ উপলক্ষে দলটোৱে অনুৰাগীসকলক এটা ডাঙৰ উপহাৰ দিছে।

ভাৰতৰ অলৰাউণ্ডাৰ অক্ষৰ পেটেলক তেওঁলোকৰ অধিনায়ক হিচাপে নিযুক্তি দিছে। অক্ষৰ পেটেলে অলপতে টীম ইণ্ডিয়াৰ সৈতে চেম্পিয়নছ ট্ৰফীৰ খিতাপ জয় কৰাত সফল হৈছিল।

এই প্ৰতিযোগিতাখনত, তেওঁ বেট আৰু বল দুয়োটাৰে অৱদান আগবঢ়াইছিল। তাৰেই পুৰস্কাৰ এতিয়া দিল্লীৰ অধিনায়কত্ব লাভ কৰিছে খেলুৱৈ গৰাকীয়ে।

অৱশ্যে ইয়াৰ আগেয়ে কে এল ৰাহুলে নেতৃত্ব দিব বুলি চৰ্চা চলিছিল যদিও শুকুৰবাৰে আনুষ্ঠানিকভাৱে অক্ষৰ পেটেলক অধিনায়কৰ দায়িত্ব অৰ্পণ কৰে ফ্ৰেন্সাইজিটোৱে।

৩১বছৰীয়া অক্সাৰ পেটেলে ২০১৯ চনত দিল্লী কেপিটেলছত যোগদান কৰিছিল আৰু তেতিয়াৰ পৰা ৬ টা ছিজনত শীৰ্ষ প্ৰদৰ্শন কৰা খেলুৱৈ হিচাপে আত্মপ্ৰকাশ কৰিছে।

তেওঁ দিল্লী কেপিটেলছৰ হৈ ৮২ খন খেলত ৯৬৭ ৰাণ সংগ্ৰহ কৰিছে আৰু ৭.০৯ ৰ আকৰ্ষণীয় অৰ্থনীতিত ৬২ টা উইকেট দখল কৰিছে।

অধিনায়ক হিচাপে নিযুক্ত হোৱাৰ পিছত অক্ষৰ পেটেলে কয় যে দিল্লী কেপিটেলছৰ অধিনায়ক হোৱাটো তেওঁৰ বাবে এক ডাঙৰ সন্মান আৰু তেওঁৰ ওপৰত দলটোৰ বিশ্বাসৰ বাবে তেওঁ দলৰ গৰাকী আৰু সহায়ক কৰ্মচাৰীৰ প্ৰতি আন্তৰিকতাৰে কৃতজ্ঞ।অক্ষৰৰ নেতৃত্বত দিল্লীয়ে ন উদ্যোমেৰে আগবঢ়িব বুলি আশা প্ৰকাশ কৰে সহ স্বত্বাধিকাৰী পাৰ্থ জিন্দালে।

কেতিয়া আৰু ক’ত অনুষ্ঠিত হ’ব আই পি এলৰ উদ্বোধনী অনুষ্ঠান… জানি লওক সকলো

২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৮ সংখ্যক সংস্কৰণ । আই পি এলৰ প্ৰথমখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (কে কে আৰ বনাম আৰ চি বি)ৰ মাজত অনুষ্ঠিত হ’ব । ইয়াৰ পূৰ্বে এক বৃহৎ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হ’ব । জানক আই পি এলৰ উদ্বোধনী অনুষ্ঠানৰ তাৰিখ, সময় আদিৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য । উল্লেখ্য যে ইয়াৰ টিকট বিক্ৰীও ইতিমধ্যে আৰম্ভ হৈছে ।


ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছে আই পি এল ২০২৫ৰ প্ৰথমখন মেচ আৰ চি বিৰ বিৰুদ্ধে খেলিব । ২২ মাৰ্চত সন্ধিয়া ৭:৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব আই পি এলৰ এই প্ৰথমখন খেল । ৭ বজাত অনুষ্ঠিত হ’ব টছ । এইবাৰ আৰ চি বিয়ে অধিনায়কৰ পদ অৰ্পণ কৰিছে ৰজত পাটিদাৰক । আনহাতে কে কে আৰৰ কমাণ্ড জ্যেষ্ঠ খেলুৱৈ অজিংক্য ৰাহানেৰ হাতত । এই খেলখনৰ পূৰ্বে ইয়াত এক বৃহৎ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হ’ব ।

আই পি এল ২০২৫ উদ্বোধনী অনুষ্ঠানৰ স্থান-

কলকাতাৰ ইডেন গাৰ্ডেন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ উদ্বোধনী অনুষ্ঠান ।

আই পি এল ২০২৫ৰ উদ্বোধনী অনুষ্ঠানৰ সময়-

সন্ধিয়া ৭:৩০ বজাৰ পৰা আৰম্ভ হ’ব আই পি এলৰ প্ৰথমখন খেল, সন্ধিয়া ৭ বজাত টছ হ’ব । ইয়াৰ পূৰ্বে সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হ’ব আই পি এলৰ উদ্বোধনী অনুষ্ঠান ।

আই পি এল ২০২৫ৰ উদ্বোধনী অনুষ্ঠানৰ কণ্ঠশিল্পী-

আই পি এলৰ উদ্বোধনী অনুষ্ঠানত বলীউডৰ বিখ্যাত তাৰকাসকলে প্ৰদৰ্শন কৰিব । কিন্তু এই অনুষ্ঠানত কোন শিল্পীয়ে কণ্ঠদান কৰিব সেয়া এতিয়াও নিশ্চিত হোৱা নাই ।

আই পি এল ২০২৫ৰ উদ্বোধনী অনুষ্ঠানৰ টিকট-

কলকাতাৰ ইডেন গাৰ্ডেনত কে কে আৰ বনাম আৰ চি বি খেলৰ পূৰ্বে আই পি এলৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব । এই মেচখনৰ টিকট মুকলি অনুষ্ঠানৰো টিকট হ’ব । এই খেলখনৰ টিকট অনলাইনত বিক্ৰীৰ বাবে উপলব্ধ হৈছে । অনুৰাগীয়ে BookMyShow ত টিকট বুকিং কৰিব পাৰিব । এই খবৰ লিখাৰ সময়ত উপলব্ধ নূন্যতম টিকট আছিল ৩৫০০ টকা ।

মুঠ ১০টা দলৰ মাজত অনুষ্ঠিত হ’ব আই পি এল ২০২৫-

চেন্নাই ছুপাৰ কিংছ, দিল্লী কেপিটেলছ, গুজৰাট টাইটানছ, কলকাতা নাইট ৰাইডাৰ্ছ, লক্ষ্ণৌ ছুপাৰ জায়েন্টছ, মুম্বাই ইণ্ডিয়ানছ, পঞ্জাব কিংছ, ৰাজস্থান ৰয়েলছ, ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু, ছানৰাইজাৰ্ছ হায়দৰাবাদ ২০২৫ চনৰ আই পি এলত খেলা ১০টা দল ।

আই পি এলত দ্ৰুততম শতক অৰ্জন কৰা শীৰ্ষ ৫ গৰাকী খেলুৱৈ… কিমান নম্বৰত আছে বিৰাট কোহলী

আই পি এলৰ ইতিহাসত কোনজন বেটছমেনে দ্ৰুততম শতক অৰ্জন কৰিছে জানেনে ? এই তালিকাৰ শীৰ্ষ ৫ বেটছমেনৰ নাম কাৰ ?  লগতে এই তালিকাত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ বিৰাট কোহলী কিমান নম্বৰত আছে ?  আচলতে আই পি এলৰ ইতিহাসত দ্ৰুততম শতক অৰ্জন কৰাৰ অভিলেখ ক্ৰীছ গেইলৰ নামত আছে । আই পি এল ২০১৩ ছিজনত পুনে ৱাৰিয়ৰ্ছৰ বিৰুদ্ধে মাত্ৰ ৩০টা বলত শতক অৰ্জন কৰিছিল ক্ৰীছ গেইলে । একে সময়তে ক্ৰীছ গেইলৰ পিছত এই তালিকাত দ্বিতীয় স্থানত আছে ইউছুফ পাঠান ।

এই বেটছমেনসকলে আই পি এল মেচত দ্ৰুততম শতক অৰ্জন কৰিছে-

আই পি এলত মাত্ৰ ৩৭টা বলত শতক অৰ্জন কৰাৰ কৃতিত্ব অৰ্জন কৰিছে ইউছুফ পাঠানে । আই পি এল ২০১০ ছিজনত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে তেওঁ এই কৃতিত্ব অৰ্জন কৰিছিল । সেই সময়ত ইউছুফ পাঠান ৰাজস্থান ৰয়েলছ দলৰ অংশ আছিল । ক্ৰীছ গেইল আৰু ইউছুফ পাঠানৰ পিছত তৃতীয় স্থানত আছে ডেভিদ মিলাৰ । আই পি এল ২০১৩ ছিজনত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ বিৰুদ্ধে ৩৮টা বলত শতক অৰ্জন কৰিছিল ডেভিদ মিলাৰে । আই পি এলৰ ইতিহাসত এয়া তৃতীয় দ্ৰুততম শতক । সেই সময়ত ডেভিদ মিলাৰ পঞ্জাব কিংছৰ অংশ আছিল ।

তালিকাত ক’ত আছে বিৰাট কোহলী ?

এই খেলুৱৈসকলৰ পিছতে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ ট্ৰেভিছ হেডৰ নাম আছে । যোৱা ছিজনত ট্ৰেভিছ হেডে ৩৯টা বলত শতক অৰ্জন কৰিছিল । আই পি এলৰ ইতিহাসত চতুৰ্থটো দ্ৰুততম শতক । কিন্তু কিমান নম্বৰত আছে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ বেটছমেন বিৰাট কোহলী ?  আই পি এলৰ ইতিহাসত দ্ৰুততম শতক অৰ্জন কৰিবলৈ বিৰাট কোহলীয়ে কিমান বলৰ সন্মুখীন হৈছে ?  দৰাচলতে আই পি এলৰ ইতিহাসত বিৰাট কোহলীৰ আটাইতকৈ দ্ৰুততম শতক ৫৩ টা বলত অৰ্জন কৰিছে । ২০১৬ চনৰ আই পি এলত এই কৃতিত্ব অৰ্জন কৰিছিল বিৰাট কোহলীয়ে । এনেদৰে আই পি এলৰ মেচত দ্ৰুততম শতক অৰ্জন কৰা বেটছমেনৰ তালিকাত বিৰাট কোহলীৰ নাম বহু তলত আছে ।

আই পি এল ২০২৫ৰ বাবে নতুন অধিনায়ক ঘোষণা কৰিলে কলকাতাই, সহ-অধিনায়কৰ দায়িত্ব লাভ কৰিলে ভেংকটেশ আয়াৰে

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ অন্যতম দল কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ)ৰ আই পি এল ২০২৫ৰ বাবে নতুন অধিনায়ক ঘোষণা । ভাৰতীয় ক্ৰিকেট দলৰ বাহিৰত থকা অজিংক্য ৰাহানেক কে কে আৰে অধিনায়ক হিচাপে নিযুক্তি দিছে । একে সময়তে অল-ৰাউণ্ডাৰ ভেংকটেশ আয়াৰক কে কে আৰে সহ-অধিনায়কৰ দায়িত্ব প্ৰদান কৰিছে ।

কলকাতা নাইট ৰাইডাৰ্ছে আনুষ্ঠানিকভাৱে অজিংক্য ৰাহানেক দলৰ অধিনায়ক হিচাপে নিযুক্তি দিছে । একে সময়তে অল ৰাউণ্ডাৰ ভেংকটেশ আয়েৰে সহ-অধিনায়কত্ব লাভ কৰিছে, তেওঁক ফ্ৰেঞ্চাইজিয়ে ২৩.৭৫ কোটি টকাত ক্ৰয় কৰিছিল । নতুন অধিনায়কক ঘোষণা কৰি কে কে আৰৰ চি ই অ’ ভেংকি মহীশূৰে কয় যে, “আজিংক্য ৰাহানেৰ দৰে এজনক পাই আমি আনন্দিত হৈছো, যিয়ে তেওঁৰ অভিজ্ঞতা আৰু পৰিপক্কতা এজন নেতা হিচাপে কঢ়িয়াই আনে । লগতে, ভেংকটেশ আয়াৰে কে কে আৰৰ বাবে এজন ফ্ৰেঞ্চাইজি খেলুৱৈ হৈ আহিছে আৰু তেওঁৰ নেতৃত্বৰ বহু গুণ আছে । আমি নিশ্চিত যে আমি আমাৰ খিতাপ ৰক্ষা আৰম্ভ কৰাৰ লগে লগে তেওঁলোকে এটা ভাল সংমিশ্ৰণ ঘটাব ।”

কে কে আৰৰ অধিনায়কত্ব লাভ কৰাৰ সন্দৰ্ভত অজিংক্য ৰাহানেই কয়, “আই পি এলৰ অন্যতম সফল ফ্ৰেঞ্চাইজি কলকাতা নাইট ৰাইডাৰ্ছক নেতৃত্ব দিয়াটো এক সন্মানৰ কথা । মই ভাবো আমাৰ এটা ডাঙৰ আৰু ভাল দল আছে । মই সকলোৰে সৈতে কাম কৰিবলৈ আৰু আমাৰ খিতাপ ৰক্ষাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ আগ্ৰহী ।”

আই পি এল ২০২৪ৰ বিজয়ী কে কে আৰ, অধিনায়ক আছিল শ্ৰেয়াছ আয়াৰ-

উল্লেখ্য য়ে, কলকাতাই আই পি এল ২০২৪ৰ খিতাপ দখল কৰিছিল । ফাইনেলত কে কে আৰে ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰিছিল । শ্ৰেয়াছ আয়াৰৰ অধিনায়কত্বত কে কে আৰ চেম্পিয়ন হৈছিল যদিও আই পি এল ২০২৫ৰ নিলামৰ পূৰ্বে কে কে আৰে নিজৰ চেম্পিয়ন অধিনায়ক শ্ৰেয়াছ আয়াৰক মুকলি কৰি দিছিল । এই কথাত সকলো আচৰিত হৈ পৰিছিল । তেতিয়াৰ পৰাই দলটোৱে নতুন অধিনায়ক বিচাৰি আছিল । ২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব আই পি এল ২০২৫ । এতিয়া কে কে আৰে ৰাহানেৰ নেতৃত্বত খেলা দেখা যাব ।

আই পি এল ২০২৫ৰ সূচী ঘোষণা…২২ মাৰ্চত কে কে আৰ আৰু আৰ চি বিৰ যুঁজ; গুৱাহাটীতো হ’ব দুখনকৈ মেচ

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৮ সংখ্যক ছিজন অৰ্থাৎ আই পি এল ২০২৫ৰ সূচী ঘোষণা কৰা হৈছে । আই পি এল ২০২৫ৰ প্ৰথমখন মেচ ২২ মাৰ্চত কে কে আৰৰ ঘৰুৱা খেলপথাৰ ইডেন গাৰ্ডেনত কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মাজত অনুষ্ঠিত হ’ব । ২৫ মে’ত অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ ফাইনেল ।

২২ মাৰ্চত ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ প্ৰথমখন মেচ । ইফালে ২৫ মে’ত ইডেন গাৰ্ডেনৰ খেলপথাৰতে ১৮ সংখ্যক ছিজনৰ ফাইনেল খেল অনুষ্ঠিত হ’ব । ২০২৫ চনৰ আই পি এলত ১৩খন চহৰত ১০টা দলৰ মাজত মুঠ ৭৪খন খেল অনুষ্ঠিত হ’ব । ইয়াৰ ভিতৰত নকআউট অৰ্থাৎ প্লে অফৰ মেচো অন্তৰ্ভুক্ত আছে । ২২ মাৰ্চৰ পৰা ১৮ মে’ৰ ভিতৰত লীগ পৰ্যায়ৰ মেচ অনুষ্ঠিত হ’ব ।

চেন্নাই আৰু মুম্বাইৰ মাজত দুবাৰ সংঘৰ্ষ হ’ব

২৩ মাৰ্চত অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ সৰ্ববৃহৎ খেলখন । এই দিনটোত আই পি এলৰ দুটা বৃহৎ দলৰ মাজত সংঘৰ্ষ হ’ব । ২৩ মাৰ্চত চেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত হ’ব সংঘৰ্ষ । এই ছিজনত দুয়োটা দলৰ মাজত দুবাৰকৈ যুঁজ হ’ব ।

আই পি এল ২০২৫ৰ দ্বিতীয়খন খেল ২৩ মাৰ্চত ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছৰ মাজত অনুষ্ঠিত হ’ব । ২৩ মাৰ্চত চেন্নাই আৰু মুম্বাইৰ মাজতো সংঘৰ্ষ হ’ব । অৰ্থাৎ ২৩ মাৰ্চত অনুষ্ঠিত হ’ব দুখনকৈ মেচ ।

১৩খন চহৰত অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ মেচ-

আই পি এলৰ ১৮ সংখ্যক ছিজনৰ খেলসমূহ মুঠ ১৩খন চহৰত অনুষ্ঠিত হ’ব । আই পি এল ২০২৫ৰ খেলসমূহ লক্ষ্ণৌ, মুম্বাই, হায়দৰাবাদ, চেন্নাই, আহমেদাবাদ, বিশাখাপট্টনম, গুৱাহাটী, বেংগালুৰু, নিউ চণ্ডীগড়, জয়পুৰ, দিল্লী, কলকাতা আৰু ধৰমশালাত অনুষ্ঠিত হ’ব । ২০২৫ চনৰ আই পি এলত মুঠ ১২খন ডাবল হেডাৰ মেচ অনুষ্ঠিত হ’ব ।

প্ৰতি বছৰে আই পি এলৰ প্ৰথমখন মেচ পূৰ্বৰ ছিজনৰ ফাইনেল খেলা দল দুটাৰ মাজত খেলা হয় যদিও এইবাৰ সেয়া হোৱা নাই । যোৱা ছিজনৰ ফাইনেলত অৰ্থাৎ আই পি এল ২০২৪ত কলকাতা নাইট ৰাইডাৰ্ছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত সংঘৰ্ষ হৈছিল যদিও আই পি এল ২০২৫ৰ প্ৰথমখন মেচ কে কে আৰ আৰু আৰ চি বিৰ মাজত অনুষ্ঠিত হ’ব ।

গুৱাহাটীত অনুষ্ঠিত হ’ব দুখনকৈ মেচ-

উল্লেখ্য যে, আই পি এল ২০২৫ৰ সময়সূচী ঘোষণা কৰাৰ মাজতে অসমবাসীৰ বাবেও আহিছে ভাল খবৰ । কিয়নো আই পি এলৰ ১৮ সংখ্যক সংস্কৰণৰ দুখনকৈ মেচ গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । আই পি এলৰ দল ৰাজস্থান ৰয়েলছৰ দ্বিতীয়খন ঘৰুৱা খেলপথাৰ বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাৰ দুখনকৈ হাই ভল্টেজ মেচ । গুৱাহাটীত ২৬ মাৰ্চত ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত অনুষ্ঠিত হ’ব মেচ । ইফালে ৩০ মাৰ্চত অনুষ্ঠিত হ’ব চেন্নাই চুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচ ।