আই পি এলৰ আগত ডাঙৰ ঘোষণা, বিৰাট কোহলী নহয় এইগৰাকী ক্ৰিকেটাৰ হ’ব আৰ চি বিৰ নতুন অধিনায়ক

আই পি এল ২০২৫ আৰম্ভ হোৱাৰ পূৰ্বে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ বৃহৎ সালসলনি । ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু তথা আৰ চি বিয়ে আই পি এলৰ নতুন অধিনায়ক নিশ্চিত কৰিছে । দলটোৰ নতুন অধিনায়ক হিচাপে পৰিগণিত হৈছে ৰজত পাটিদাৰ ।

ইয়াৰ পূৰ্বে এই পদৰ বাবে আগশাৰীৰ খেলুৱৈ আছিল বিৰাট কোহলী, যিয়ে ২০১৩ চনৰ পৰা ২০২১ চনলৈকে ফ্ৰেঞ্চাইজিৰ নেতৃত্ব দিছিল । ইয়াৰ উপৰিও ২০২৩ চনৰ আই পি এলত তিনিখন মেচৰ অধিনায়ক আছিল তেওঁ ।

২০২১ চনৰ পৰা আৰ চি বিৰ সৈতে জড়িত ৰজত পাটিদাৰ নৱেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া মেগা নিলামৰ পূৰ্বে তেওঁলোকৰ তিনিজন ৰিটেইনড খেলুৱৈৰ ভিতৰত অন্যতম আছিল । ৩১ বছৰীয়া পাটিদাৰে নিজৰ ৰাজ্যিক দল মধ্যপ্ৰদেশৰ ২০২৪–২৫ ছিজনত চৈয়দ মুস্তাক আলী ট্ৰফী আৰু বিজয় হাজাৰে ট্ৰফীত অধিনায়কত্ব কৰিছিল ।

২০১৩ চনৰ পৰা ২০২১ চনৰ ভিতৰত আৰ চি বিৰ অধিনায়ক আছিল বিৰাট কোহলী । তেওঁৰ পিছত ফাফ ডু প্লেচিছে দায়িত্ব লয় । কিন্তু যোৱা বছৰৰ মেগা নিলামৰ পূৰ্বে ২০২২ চনৰ পৰা ২০২৪ চনলৈকে তেওঁলোকৰ অধিনায়ক হিচাপে থকা ডু প্লেছিছক আৰ চি বিয়ে মুকলি কৰি দিছিল । ৪০ বছৰীয়া ডু প্লেছিছে এই ছিজনত দিল্লী কেপিটেলছৰ হৈ খেলিব ।

আৰচিবিৰ ৮ম অধিনায়ক হ’ব ৰজত পাটিদাৰ । ইয়াৰ পূৰ্বে ৰাহুল দ্ৰাবিড় (১৪), কেভিন পিটাৰছন (৬), অনিল কুম্বলে (৩৫), ডেনিয়েল ভেট্ট’ৰী (২৮), বিৰাট কোহলি (১৪৩), শ্বেন ৱাটছন (৩) আৰু ফাফ ডু প্লেছিছ (৪২) দলৰ অধিনায়ক হিচাপে আছিল ।

নিলামৰ পূৰ্বে আৰ চি বিয়ে ধৰি ৰখা খেলুৱৈসকলৰ ভিতৰত আছিল ৰজত পাটিদাৰ (১১.০০ কোটি টকা) । চৈয়দ মুস্তাক আলী ট্ৰফী (এছ এম টি) আৰু বিজয় হাজাৰে ট্ৰফীত মধ্যপ্ৰদেশক নেতৃত্ব দিয়াৰ অভিজ্ঞতা আছে । পাটিদাৰে মধ্যপ্ৰদেশক নেতৃত্ব দি এছ এম টি ২০২৪/২৫ৰ ফাইনেলত মুম্বাইৰ হাতত ৫ উইকেটত পৰাস্ত হয় । ইয়াৰ উপৰিও অজিংক্য ৰাহানে (৪৬৯)ৰ পিছত দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে ১০খন মেচত গড়ে ৬১.১৪ আৰু ষ্ট্ৰাইক ৰেট ১৮৬.০৮ ৰান কৰি ৪২৮ ৰান সংগ্ৰহ কৰে ।

১৪৩খন মেচত আৰচিবিৰ অধিনায়কত্ব কৰিছিল কোহলীয়ে-

আই পি এলত ১৪৩খন মেচত আৰ চি বিক নেতৃত্ব দিয়া কোহলীয়ে এম এছ ধোনীৰ পিছত অধিনায়ক হিচাবে দ্বিতীয় সৰ্বাধিক । তেওঁলোকৰ অভিলেখ হৈছে ৬৮টা জয় আৰু ৭১টা পৰাজয় আৰু চাৰিটাত কোনো ফলাফল নাই । আৰ চি বিয়ে আই পি এলত জয়ী হোৱা নাই যদিও ২০১৬ চনত কোহলীয়ে তেওঁলোকক ফাইনেললৈ লৈ গৈছিল, যিটো ছিজনত তেওঁ অভিলেখ ৯৭৩ ৰান সংগ্ৰহ কৰিছিল ।

লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়ক হ’ব ঋষভ পন্ট, সঞ্জীৱ গোৱেংকাই কৰিলে ঘোষণা

২১ মাৰ্চৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ তথা আই পি এল ২০২৫ । আই পি এল ২০২৫ আৰম্ভ হোৱাৰ পূর্বে লক্ষ্ণৌ ছুপাৰ জায়েন্টছে (এল এছ জি) এটা ডাঙৰ সিদ্ধান্ত লৈছে ৷ লক্ষ্ণৌৰ দলটোৱে ঋষভ পন্টক দলৰ অধিনায়ক হিচাপে নিযুক্তি দিছে । লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ স্বত্বাধিকাৰী সঞ্জীৱ গোৱেংকাই ষ্টাৰ স্প’ৰ্টছৰ সৈতে হোৱা এক বাৰ্তালাপত এই কথা নিশ্চিত কৰিছে ।

পন্টৰ বিষয়ে ভৱিষ্যদ্বাণী কৰিলে গোৱেংকাই-

ঋষভ পন্টক অধিনায়ক হিচাপে নিযুক্তি দিয়াটো নিশ্চিত কৰি সঞ্জীৱ গোৱেংকাই কয়, ‘যিবোৰ কৌশল তৈয়াৰ কৰা হৈছিল, সেইবোৰ সকলো ঋষভৰ কাষত আছে । এই সকলোবোৰ তেওঁক মনত ৰাখিয়েই কৰা হৈছিল ।‘

সঞ্জীৱ গোৱেংকাক যেতিয়া সোধা হৈছিল যে কেৱল ঋষভ পন্ট কিয়, গোৱেংকাই কৈছিল- মই ভাবো সময়ে প্ৰমাণ কৰিব । কেৱল আই পি এলৰ আটাইতকৈ দামী খেলুৱৈয়েই নহয় আই পি এলৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ । মানুহে ধোনী আৰু ৰোহিতক আই পি এলৰ সফল অধিনায়কৰ তালিকাত ৰাখে । মোৰ কথা মনত ৰাখক,  ১০-১২ বছৰৰ পাছত ধোনী আৰু ৰোহিতৰ লগতে এই তালিকাত ঋষভ পন্টো থাকিব ।

অধিনায়ক হোৱাৰ পিছত পণ্টে এই কথা কয়-

লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়ক হোৱাৰ পাছত ঋষভ পণ্টে কয়, ‘মোৰ বিষয়ে তেওঁ যি ক’লে, সেই কথাই মোক আপ্লুত কৰিছে ।‘ ঋষভ পন্টৰ মতে লক্ষ্ণৌ দললৈ নিৰ্বাচিত হোৱাৰ পিছত গোৱেংকাৰ সৈতে হোৱা সকলো কথা-বতৰাৰ পৰা তেওঁ অনুভৱ কৰিছিল যে ফ্ৰেঞ্চাইজিত তেওঁক মুকলি মনেৰে আদৰণি জনোৱা হৈছে ।

আই পি এলৰ ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈ ঋষভ পন্ট । আই পি এল ২০২৫ৰ নিলামত লক্ষ্ণৌ ছুপাৰ জায়েন্টছ (এল এছ জি)য়ে ২৭ কোটি টকাত ক্ৰয় কৰিছিল পণ্টক । পণ্ট যোৱা ছিজনত দিল্লী কেপিটেলছৰ অধিনায়ক আছিল । দিল্লীৰ দলে তেওঁক ৰিটেইন কৰা নাছিল । এনে পৰিস্থিতিত ২০১৬ চনৰ পিছত প্ৰথমবাৰৰ বাবে নিলামত প্ৰৱেশ কৰে পণ্ট । যদিও দিল্লীৰ দলে পন্টৰ বাবে আৰ টি এম কাৰ্ডৰ নিয়ম ব্যৱহাৰ কৰিছিল, কিন্তু শেষত লক্ষ্ণৌৰ দলে ডাঙৰ বিড দি পণ্টক ক্ৰয় কৰে ।

উল্লেখ্য যে ঋষভ পণ্টে দিল্লী কেপিটেলছৰ অধিনায়কত্ব কৰিছিল ৪৩খন মেচত, য’ত দলটোৱে ২৩খন খেলত জয়লাভ কৰিছিল । আনহাতে দিল্লী দলে ১৯খনত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল । এখন মেচ টাই আছিল ।

শ্ৰেয়াছ আয়াৰক অধিনায়ক হিচাপে নিযুক্তি পঞ্জাব কিংছৰ,  আই পি এল ২০২৫ৰ পূৰ্বে কাক জনালে ধন্যবাদ

আই পি এল ২০২৫ৰ পূৰ্বে পঞ্জাব কিংছে শ্ৰেয়াছ আয়াৰক দলৰ অধিনায়ক হিচাপে নিযুক্তি দিছে । দেওবাৰে নিশা পঞ্জাব কিংছে এই কথা ঘোষণা কৰে । ইয়াৰ পূৰ্বে কলকাতা নাইট ৰাইডাৰ্ছৰ অংশ আছিল আয়াৰ । যোৱা ছিজনতো শ্ৰেয়াছ আয়াৰৰ অধিনায়কত্বতত কলকাতা নাইট ৰাইডাৰ্ছে খিতাপ দখল কৰিছিল । আয়াৰৰ কথা ক’বলৈ গ’লে অভিজ্ঞ খেলুৱৈ হোৱাৰ উপৰিও তেওঁ এজন ভাল অধিনায়কো । আয়াৰৰ লগতে পঞ্জাব কিংছে ৰিকি পণ্টিঙকো গুৰুত্বপূৰ্ণ দায়িত্ব দিছে । পণ্টিঙক দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ।

পঞ্জাবে এক্স (টুইটাৰ)ত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে । ইয়াৰ জৰিয়তে দলটোৱে আয়াৰক অধিনায়ক নিযুক্তি দিয়াৰ বিষয়ে তথ্য ভাগ-বতৰা কৰিছে । অধিনায়ক হোৱাৰ বাবে দলটোৰ লগতে অনুৰাগীকো ধন্যবাদ জনাইছে আয়াৰে । তেওঁ সঁচাকৈয়ে মোৰ মনটো ভাল লাগিছে বুলিও কয় । তেওঁ কয়, মোৰ ওপৰত বিশ্বাস দেখুওৱা অনুৰাগী, দল আৰু প্ৰশিক্ষকসকলক ধন্যবাদ । আমি আমাৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াম । নিলামত ভাল কাম কৰিছে প্ৰশিক্ষক আৰু মেনেজমেণ্টে । আমাৰ খেলুৱৈৰ ভাল সংমিশ্ৰণ আছে ।

পঞ্জাবে পণ্টিঙৰ হাতত অৰ্পণ কৰিলে গুৰু দায়িত্ব-

শ্ৰেয়াছ আয়াৰক অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ সমান্তৰালকৈ পঞ্জাব কিংছে ৰিকি পণ্টিঙকো ডাঙৰ দায়িত্ব দিছে । দলটোৱে পণ্টিংক মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে । ২০২৪ চনৰ ডিচেম্বৰ মাহত পণ্টিঙে পঞ্জাব কিংছত যোগদান কৰে । ইয়াৰ পূৰ্বে তেওঁ দিল্লী কেপিটেলছৰ সৈতে আছিল । পণ্টিঙে আয়াৰৰ বিষয়ে কয়, শ্ৰেয়াছৰ খেলৰ বিষয়ে ভাল ধাৰণা আছে । তেওঁ নিজৰ অধিনায়কত্ব প্ৰমাণ কৰিছে । ইয়াৰ আগতেও আই পি এলত আয়াৰৰ সৈতে ভাল সময় কটালোঁ ।

শ্ৰেয়াছ আয়াৰৰ অভিলেখ-

আই পি এলত এতিয়ালৈকে ১১৫খন মেচ খেলিছে আয়াৰে । এই সময়ছোৱাত তেওঁ ৩১২৭ ৰান সংগ্ৰহ কৰিছে । প্ৰতিযোগিতাখনত ২১টা অৰ্ধশতক অৰ্জন কৰিছে আয়াৰে । তেওঁৰ সৰ্বোত্তম স্ক’ৰ হৈছে ৯৬ ৰান । যোৱা ছিজনত ১৪খন মেচত ৩৫১ ৰান সংগ্ৰহ কৰিছিল তেওঁ । আনহাতে আই পি এল ২০২২ত তেওঁ ৪০১ ৰান সংগ্ৰহ কৰিছিল আয়াৰে ।

সলনি হ’ল আই পি এল ২০২৫ ৰ সূচী…! জানি লওক কেতিয়া আৰু ক’ত অনুষ্ঠিত হ’ব ফাইনেল

আই পি এল ২০২৫ সন্দৰ্ভত এটা ডাঙৰ আপডেট প্ৰকাশ পাইছে । শেহতীয়া বাতৰি অনুসৰি এই মেগা টুৰ্ণামেণ্টৰ সূচী সলনি কৰা হৈছে । ইয়াৰ পূৰ্বে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ এই ছিজন চলিত বৰ্ষৰ ১৪ মাৰ্চৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল । কিন্তু এতিয়া ২১ মাৰ্চৰ পৰা আৰম্ভ হ’ব এই টুৰ্ণামেন্ট । ইয়াৰ লগতে চূড়ান্ত খেলৰ তাৰিখ আৰু স্থান সন্দৰ্ভতো পৰিৱৰ্তন কৰা হৈছে বুলি খবৰ প্ৰকাশ পাইছে । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ উপাধ্যক্ষ ৰাজীৱ শুক্লাই এই সন্দৰ্ভত তথ্য প্ৰদান কৰিছে ।

স্প’ৰ্টছ ষ্টাৰৰ এক খবৰ অনুসৰি অহা ২১ মাৰ্চত অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ প্ৰথমখন খেল । ২৫ মে’ত অনুষ্ঠিত হ’ব চূড়ান্ত খেলখন । এই প্ৰতিযোগিতাখন পূৰ্বে ১৪ মাৰ্চৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল । কিন্তু এতিয়া সূচী সলনি কৰা হৈছে । হায়দৰাবাদৰ ৰাজীৱ গান্ধী ষ্টেডিয়ামে এক ডাঙৰ সুযোগ পাবলৈ গৈ আছে । ইয়াতেই অনুষ্ঠিত হ’ব প্ৰথম দুখন কোৱাৰ্টাৰ ফাইনেল মেচ । খবৰ অনুসৰি এই ষ্টেডিয়ামে নিজেই আই পি এল সন্দৰ্ভত এটা আপডেট দিছিল ।

কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব ফাইনেল-

২০২৪ চনৰ আই পি এলত চেম্পিয়ন আছিল কলকাতা নাইট ৰাইডাৰ্ছ । গতিকে এইবাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব চূড়ান্ত খেল । ইয়াৰ সমান্তৰালকৈ ইয়াত প্লে অফৰ মেচসমূহো অনুষ্ঠিত হ’ব । এই সন্দৰ্ভত শীঘ্ৰে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ বৈঠক অনুষ্ঠিত হ’ব ।

WPL ২০২৫ সন্দৰ্ভতো প্ৰকাশ পাইছে আপডেট-

খবৰ অনুসৰি মহিলা প্ৰিমিয়াৰ লীগ ২০২৫ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ’ব । এইবাৰ প্ৰতিযোগিতাখনৰ বাবে চাৰিটা স্থান নিৰ্বাচন কৰা হ’ব । চাৰিখন চহৰত অনুষ্ঠিত হ’ব WPLৰ মেচ । ইয়াৰ ভিতৰত আছে মুম্বাই, লক্ষ্ণৌ, বাংগালুৰু আৰু বদোদৰা । অৱশ্যে এতিয়ালৈকে প্ৰতিযোগিতাখনৰ তাৰিখ সন্দৰ্ভত কোনো আপডেট পোৱা হোৱা নাই ।

আই পি এলৰ শেষৰ ছিজনৰ ফলাফল কি আছিল –

আই পি এল ২০২৪ৰ অন্তিমখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত অনুষ্ঠিত হৈছিল । কে কে আৰে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই এই মেচখনত ৮ উইকেটত জয়লাভ কৰে । পইণ্ট টেবুলৰ কথা ক’বলৈ গ’লে কে কে আৰ শীৰ্ষত আছিল । দলটোৱে মুঠ ১৪খন খেল খেলিছিল । এই সময়ছোৱাত ৯ খন মেচত জয়ী আৰু ৩ খন পৰাস্ত হৈছিল দলটো । আনহাতে হায়দৰাবাদে ১৪খন খেলৰ ভিতৰত ৮খন মেচত জয়লাভ কৰিছিল ।