ইডেনত লক্ষ্ণৌৰ হাতত ৪ ৰাণত পৰাস্ত কলকাতা, পুৰাণ-মাৰ্ছৰ বিধ্বংসী বেটিং

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ত আজি লক্ষ্ণৌ ছুপাৰ জায়েন্টছে কলকাতা নাইট ৰাইডাৰ্ছক ৪ ৰানত পৰাস্ত কৰে । এই খেলখন কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হয় । য’ত দুয়োটা দলৰ পৰা বিস্ফোৰক বেটিং দেখা যায় । মেচখনত উত্তেজনা তুংগত আছিল ।

এই খেলখনত লক্ষ্ণৌ দলে প্ৰথম বেটিং কৰি ৩টা উইকেট হেৰুৱা ২৩৮ ৰান সংগ্ৰহ কৰে । প্ৰত্যুত্তৰত কলকাতা ৪ ৰানৰ বাবে লক্ষ্যৰ পৰা দূৰত থাকে । এইদৰে লক্ষ্ণৌৱে ৫খন মেচত তৃতীয়টো জয় লাভ কৰে । অন্তিম অভাৰত জয়ী হ’বলৈ কলকাতাক প্ৰয়োজন হৈছিল ২৪ ৰানৰ । ৰিংকু সিং আৰু হৰ্ষিত ৰানা ক্ৰীজত আছিল যদিও তেওঁলোকে নিজৰ দলক জয়ী কৰাত ব্যৰ্থ হয় । ৰিংকু সিঙে বিস্ফোৰক বেটিঙেৰে দলক জয়ৰ কাষ চপাই নিছিল যদিও বিফল হয় । ৰবি বিষ্ণোইৰ অভাৰত ৰিংকু আৰু হৰ্ষিতে ১৯ ৰান সংগ্ৰহ কৰে ।

ৰান চেজৰ পিছত দৌৰি কলকাতাই ইনিংছ আৰম্ভ কৰিছিল যদিও অতি সোনকালেই কুইণ্টন ডি ককৰ ৰূপত ডাঙৰ আঘাতৰ সন্মুখীন হয় যিজনক আকাশ দীপে ১৫ ৰানত আউট কৰে । তেতিয়ালৈ কলকাতাৰ স্ক’ৰ আছিল ৩৭ ৰান । ইয়াৰ পাছতে সুনীল নাৰিন আৰু অজিংক্য ৰাহানেই দ্ৰুত গতিত ৰান সংগ্ৰহ কৰি থাকিল । কলকাতা দলে ৬ অভাৰত ৯০ ৰান সংগ্ৰহ কৰে । ৯০ ৰানৰ স্কৰত সুনীল নাৰিন ১৩টা বলত ৩০ ৰান কৰি আউট হয় ।

নাৰিন আউট হোৱাৰ পিছত ভেংকটেশ আয়াৰ আৰু অধিনায়ক অজিংক্য ৰাহানেই ইনিংছৰ দায়িত্ব লয় । ইয়াৰ মাজতে শ্বাৰদুলে ১৩ নং অভাৰত ৫টা ৱাইড বল কৰিছিল যদিও একেটা অভাৰতে ৰাহানেক ৬১ ৰানত আউট কৰি দুয়োৰে মাজৰ ৭১ ৰানৰ অংশীদাৰিত্বৰ অন্ত পেলায় । কিন্তু ৰাহানে আউট হোৱাৰ লগে লগে কে কে আৰৰ উইকেট তাচপাতৰ দৰে খহি পৰে ।  ৰমনদ্বীপ, অংকৃশ আৰু ৰাছেল কম সময়তে আউট হয় । ৪৫ ৰান সংগ্ৰহ কৰি আউট হয় ভেংকটেশ ।

এটা সময়ত কলকাতাৰ ২টা উইকেটত আছিল ১৬২ ৰান । অধিনায়ক ৰাহানে আউট হোৱাৰ সময়ত এই একেই স্ক’ৰ আছিল । ইয়াৰ পৰাই লক্ষ্ণৌৰ বলাৰসকলে মেচখন দলৰ হাতলৈ আনে । ৰাহানে আউট হোৱাৰ পিছত কে কে আৰৰ উইকেটৰ অবিৰতভাৱে পতন ঘটে । শেষ আশা আছিল ভেংকটেশ আয়াৰ, যি ৪৫ ৰানত আউট হয় । ৰিংকু সিঙক বেটিং কৰিবলৈ অহাৰ সময়লৈকে মেচ প্ৰায় শেষ হৈছিল । আঠ নম্বৰত বেটিং কৰিবলৈ অহা ৰিংকুৱে ১৫টা বলত ৩৮ ৰান কৰি অপৰাজিত হৈ থাকে । হৰ্ষিত ৰাণাই ৯টা বলত ১১ ৰান সংগ্ৰহ কৰে ।

লক্ষ্ণৌৰ ইনিংছ-

এই মেচখনত লক্ষ্ণৌৱে এক সুন্দৰ আৰম্ভণি কৰিছিল । প্ৰথম উইকেটৰ বাবে এইডেন মাৰ্কৰাম আৰু মিচেল মাৰ্ছৰ মাজত ৯৯ ৰানৰ অংশীদাৰিত্ব আছিল । হৰ্ষিত ৰাণাই এইডেন মাৰ্কৰামক ৪৭ ৰানত আউট কৰি প্ৰথমটো ব্ৰেকথ্ৰু প্ৰদান কৰে । মেচখনত কলকাতাৰ বলাৰসকলে সংগ্ৰাম কৰা দেখা গৈছিল । ইয়াৰ পাছত নিকোলাছ পুৰাণ আৰু মিচেল মাৰ্ছৰ মাজত ৩০টা বলত ৭১ ৰানৰ অংশীদাৰিত্ব হয় ।

আন্দ্ৰে ৰাছেলে মাৰ্ছক আউট কৰে । এই সময়ছোৱাত পুৰানে কে কে আৰৰ হৈ ২১টা বলত নিজৰ ৫০ ৰান সংগ্ৰহ কৰে । এই মেচখনত পণ্টে আব্দুল ছামাদক নিজৰ আগত পঠিয়াইছিল যদিও বিশেষ একো কৰিব নোৱাৰি ৬ ৰান সংগ্ৰহ কৰি আউট হয় । আনহাতে নিকোলাছ পুৰানে ৮৭ ৰাণ (৩৬ বল)ত অপৰাজিত হৈ থাকে । কলকাতা দলৰ পৰা সৰ্বাধিক ২ উইকেট লাভ কৰে হৰ্ষিত ৰাণাই । লক্ষ্ণৌৰ হৈ আৱেশ খান আৰু শ্বাৰদুল ঠাকুৰে ২টাকৈ উইকেট দখল কৰে । আনহাতে ৰবি বিষ্ণয়, দিগবেশ ৰাথি আৰু আভেশ খানে ১টাকৈ সফলতা লাভ কৰে ।

আজি আই পি এলত মুম্বাই-বেংগালুৰুৰ যুঁজ… বুমৰাহৰ প্ৰত্যাৱৰ্তন নিশ্চিত, কোহলী আৰু ৰোহিতৰ ওপৰতো চকু

আজি ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ৰ ২০ সংখ্যক মেচত মুখামুখি হ’ব শক্তিশালী মুম্বাই ইণ্ডিয়ানছ (এম আই) আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) । দুয়োটা দলৰ মাজত এই খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭.৩০ বজাৰ পৰা মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । এই মেচত হাৰ্দিক পাণ্ডিয়াই মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হিচাপে খেলিব, আনহাতে আৰ চি বি দলৰ দায়িত্বত আছে ৰজত পাটিদাৰ ।

বুমৰাহৰ প্ৰত্যাৱৰ্তন নিশ্চিত !

চলিত ছিজনত এই পৰ্যন্ত ৩ খন খেলৰ ভিতৰত ২ খন খেলত জয়লাভ কৰিছে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে । এতিয়া গুজৰাট টাইটানছ (জি টি)ৰ বিৰুদ্ধে শেষৰখন খেলত হোৱা পৰাজয় পাহৰি দুৰ্দান্ত প্ৰত্যাৱৰ্তনৰ চেষ্টা চলাব আৰ চি বিয়ে । আনহাতে, মুম্বাই ইণ্ডিয়ানছে এই পৰ্যন্ত চাৰিখন খেলৰ ভিতৰত মাত্ৰ এখন খেলত জয়লাভ কৰিছে । ৱাংখেড়ে ষ্টেডিয়ামত কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ)ৰ বিৰুদ্ধে মুম্বাইৰ একমাত্ৰ জয় আৰু দলটোৰ খেলুৱৈসকলে এই মেচখনৰ পৰা প্ৰেৰণা ল’বলৈ চেষ্টা কৰিব ।

যদি মুম্বাই ইণ্ডিয়ানে নিজৰ অভিযানক পুনৰ জয়ৰ পথলৈ আনিব বিচাৰে, তেন্তে তেওঁলোকৰ বেটছমেনসকলে ভাল প্ৰদৰ্শন কৰিব লাগিব । মুম্বাইৰ ফালৰ পৰা সামগ্ৰিকভাৱে ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে কেৱল সূৰ্যকুমাৰ যাদৱ আৰু ৰিয়ান ৰিকেলটনে । দলৰ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মাই এতিয়াও বিশেষ অৱদান আগবঢ়াব পৰা নাই । মিডল অৰ্ডাৰ বেটছমেন তিলক বাৰ্মায়ো নিজৰ ভাল আৰম্ভণিক ডাঙৰ স্ক’ৰলৈ ৰূপান্তৰিত কৰিব পৰা নাই । আঁঠুৰ আঘাতৰ বাবে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে অন্তিমখন খেল খেলিব নোৱাৰিলে ৰোহিতে । ৰোহিতক এতিয়া আজিৰ মেচত খেলা দেখা যাব পাৰে । ইয়াৰ ইংগিত দিছে দলৰ মুখ্য প্ৰশিক্ষক মহেলা জয়ৱৰ্ধনে ।

মুম্বাই ইণ্ডিয়ানছৰ বলিং বিভাগেও বিশেষ প্ৰদৰ্শন কৰিব পৰা নাই । লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে অধিনায়ক হাৰ্দিক পাণ্ডিয়াই পাঁচ উইকেট দখল কৰাৰ পাছতো মুম্বাইৰ বলাৰসকলে ৰানৰ প্ৰবাহ বন্ধ কৰিব নোৱাৰিলে । ইয়াৰ পিছত তেওঁলোকৰ বেটছমেনসকল লক্ষ্যত উপনীত হ’ব নোৱাৰিলে । মুম্বাইৰ বাবে ভাল খবৰটো হ’ল আৰ চি বিৰ বিৰুদ্ধে খেলখনৰ পূৰ্বে দলটোত যোগদান কৰিছে ইয়াৰ মূল বেগী বলাৰ যশপ্ৰীত বুমৰাহে । এই মেচত বুমৰাহ বাছনিৰ বাবে উপলব্ধ হৈছে ।

কোহলীৰ পৰা ডাঙৰ ইনিংছৰ সম্ভাৱনা-

ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ ক্ষেত্ৰত মুম্বাইৰ বেটিঙৰ দুৰ্বলতাৰ সুযোগ ল’বলৈ চেষ্টা কৰিব দলটোৱে । কে কে আৰৰ বিৰুদ্ধে ৫৯ ৰান সংগ্ৰহ কৰাৰ পাছত আশানুৰূপ অৱদান আগবঢ়াব নোৱাৰা তাৰকা বেটছমেন বিৰাট কোহলীৰ পৰা ভাল প্ৰদৰ্শনৰ আশা কৰিব দলটোৱে । আৰ চি বিৰ ফিল ছল্ট আৰু দেৱদত্ত পাডিক্কালৰ দৰে বেটছমেন আছে, যিয়ে দলটোক আগ্ৰাসী ৰূপ প্ৰদান কৰে ।

অধিনায়ক ৰজত পাটিদাৰো ডাঙৰ ডাঙৰ শ্বট খেলাত পাকৈত । অষ্ট্ৰেলিয়াৰ টিম ডেভিদে অন্তিম অভাৰত ভাল বেটিং কৰিছে যিটো দলৰ বাবে ভাল লক্ষণ । জোছ হেজলউড আৰু ভুৱনেশ্বৰ কুমাৰৰ ৰূপত তীব্ৰ বেগী বলিং আক্রমণ আছে যদিও ইয়াৰ স্পীনাৰসকলে এতিয়াও ভাল প্রদর্শন কৰিব পৰা নাই ৷

মুম্বাই ইণ্ডিয়ানছৰ সম্ভাৱ্য মূল একাদশ :

ৰিয়ান ৰিকেলটন (উইকেটকীপাৰ), ৰোহিত শৰ্মা, উইল জেকছ, সূৰ্যকুমাৰ যাদৱ, তিলক বাৰ্মা, হাৰ্দিক পাণ্ডিয়া (অধিনায়ক), মিচেল ছেণ্টনাৰ, যশপ্ৰীত বুমৰাহ, ভিগনেশ পুথুৰ, ট্ৰেণ্ট ব’ল্ট, দীপক চহৰ ।

ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ সম্ভাৱ্য মূল একাদশ :

ফিল ছল্ট, বিৰাট কোহলী, দেৱদত্ত পডিক্কাল, ৰজত পাটিদাৰ (অধিনায়ক), লিয়াম লিভিংষ্টন, জিতেশ শৰ্মা (উইকেটকীপাৰ), টিম ডেভিদ, ক্ৰুনাল পাণ্ডিয়া, যশ দয়াল, জোছ হেজলউড, ভুৱনেশ্বৰ কুমাৰ ।

হায়দৰাবাদক পৰাস্ত কৰি পইণ্ট টেবুলত অগ্ৰগতি গুজৰাটৰ… মহম্মদ ছিৰাজৰ দুৰ্দান্ত প্ৰদৰ্শন

দেওবাৰে অনুষ্ঠিত হোৱা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ এখন মেচত গুজৰাট টাইটানছে (জি টি) ছানৰাইজাৰ্ছ হায়দৰাবাদক ৭ উইকেটত পৰাস্ত কৰে । এই জয়ৰ পিছত গুজৰাট টাইটানছে পইণ্ট টেবুলত ডাঙৰ জাঁপ দিছে । একে সময়তে পইণ্ট তালিকাৰ তলত আছে হায়দৰাবাদ দল ।

গুজৰাটে এই ছিজনত এতিয়ালৈকে ৪ খন মেচ খেলিছে । ইয়াৰে ৩খন মেচত জয়ী হৈছে দলটো । ৬ পইণ্টেৰে দ্বিতীয় স্থানত আছে গুজৰাট । প্ৰথম নম্বৰত আছে দিল্লী কেপিটেলছ দল, যিয়ে ৩খন মেচৰ আটাইকেইখনতে জয়লাভ কৰিছে । একে সময়তে ছানৰাইজাৰ্ছ হায়দৰাবাদে এই ছিজনৰ আৰম্ভণি কৰিছিল এক বিস্ফোৰক জয়েৰে । কিন্তু তাৰ পিছত একেৰাহে চাৰিখন মেচত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছে দলটো । ২ পইণ্টেৰে একেবাৰে অন্তিম স্থানত আছে হায়দৰাবাদ ।

ছিৰাজৰ বিস্ফোৰক প্ৰদৰ্শন-

মহম্মদ ছিৰাজে এই মেচত শক্তিশালী বলিং কৰে । ৪ অভাৰত মাত্ৰ ১৭ ৰান খৰচ কৰি ৪টা উইকেট দখল কৰে মহম্মদ ছিৰাজে । অভিষেক শৰ্মা, ট্ৰেভিছ হেড, অনিকেত বাৰ্মা আৰু ছিমৰজীত সিঙক পেভিলিয়নলৈ পঠিয়াই হায়দৰাবাদৰ বেটিং মেৰুদণ্ড ভাঙি দিয়ে ছিৰাজে ।

হায়দৰাবাদৰ ইনিংছ-

প্ৰথমে বেটিং কৰিবলৈ অহা হায়দৰাবাদৰ আৰম্ভণি আছিল অতি বেয়া । প্ৰথম অভাৰতে মহম্মদ চিৰাজে হায়দৰাবাদৰ শক্তিশালী বেটছমেন হিচাপে গণ্য কৰা ট্ৰেভিছ হেডক আউট কৰে । ৮ ৰান সংগ্ৰহ কৰি আউট হয় হেড । ইয়াৰ পিছত অভিষেক শৰ্মাও ৫ম অভাৰত আউট হয় । তেওঁৰ বেটৰ পৰা মাত্ৰ ১৮ ৰানহে আহে ।

বিস্ফোৰক বেটছমেন ঈশান কিষনৰ পৰা এটা ডাঙৰ ইনিংছ আশা কৰা হৈছিল যদিও তেওঁ মাত্ৰ ১৭ ৰান সংগ্ৰহ কৰি ৮ম অভাৰত আউট হয় । ইয়াৰ পিছত হেইনৰিখ ক্লাচেনে কিছু ভাল শ্বট খেলিলেও ১৪ অভাৰত উইকেট বিসৰ্জন দিয়ে । তাৰ পিছৰ অভাৰত নীতিশ ৰেড্ডীও পেভিলিয়নমুখী হয় । কিন্তু শেষত পেট কামিন্সে কিছু ভাল শ্বট খেলিছিল যাৰ বাবে হায়দৰাবাদ দলে ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৫২ ৰান কৰিবলৈ সক্ষম হয় ।

গুজৰাটৰ ইনিংছ-

গুজৰাটৰ ১৫৩ ৰানৰ লক্ষ্যৰ প্ৰত্যুত্তৰত গুজৰাটৰ আৰম্ভণি ভাল নাছিল । তৃতীয় অভাৰতে দলটোৱে ছাই সুদৰ্শনৰ উইকেট হেৰুৱাব লগা হয় । ইয়াৰ পিছত বাটলাৰো তাৰ পিছৰ অভাৰত আউট হয় । কোনো ৰান নকৰাকৈ পেভিলিয়মুখী হয় বাটলাৰ । কিন্তু ইয়াৰ পিছত ৱাশ্বিংটন সুন্দৰ আৰু শুবমন গীলৰ মাজত এক শক্তিশালী অংশীদাৰিত্বৰ সৃষ্টি হয় । গীলে অপৰাজিত অৰ্ধ শতক অৰ্জন কৰাৰ বিপৰীতে সুন্দৰ ৪৯ ৰানত আউট হয় । ইয়াৰ পিছত ৰাদাৰফোৰ্ডেও কিছু বিস্ফোৰক শ্বট খেলে । লগে লগে গুজৰাটে ১৬.৪ নং অভাৰত বিজয় লক্ষ্যত উপনীত হয় ।

ৰাজস্থানে ৰখালে পঞ্জাৱৰ বিজয় ৰথ… আৰ্চাৰ-সন্দীপৰ তীক্ষ্ণ বলিং

চণ্ডীগড়ৰ মুলনপুৰৰ মহাৰাজা যাদবীন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত পঞ্জাব কিংছ (পি বি কে এছ) আৰু ৰাজস্থান ৰয়েলছ (আৰ আৰ)ৰ মাজত অনুষ্ঠিত হয় চলিত আই পি এলৰ ১৮ সংখ্যক মেচ । এই মেচত ৰাজস্থান দলে পঞ্জাবক ৫০ ৰানত পৰাস্ত কৰে । প্ৰথমে বেটিং কৰি ৰাজস্থানে পঞ্জাৱৰ সন্মুখত ২০৬ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল । ইয়াৰ প্ৰত্যুত্তৰত পঞ্জাৱে দুৰ্বল আৰম্ভণিৰে ২০ অভাৰত ৯টা উইকেট হেৰুৱাই মাত্ৰ ১৫৫ ৰানহে কৰিবলৈ সক্ষম হয় ।

পঞ্জাৱৰ ইনিংছ-

২০৬ ৰানৰ লক্ষ্যৰ প্ৰত্যুত্তৰত পঞ্জাৱৰ আৰম্ভণি অতি দুৰ্বল আছিল । প্ৰথম অভাৰতে জফ্ৰা আৰ্চাৰে প্ৰিয়ংশ আৰিয়া আৰু অধিনায়ক শ্ৰেয়াছ আয়াৰক পেভিলিয়নলৈ প্ৰেৰণ কৰে । ইয়াৰ পিছত মাৰ্কাছ ষ্টয়নিছো চতুৰ্থ অভাৰত আউট হয় । তেওঁৰ বেটৰ পৰা মাত্ৰ এটা ৰানহে আহে । কাৰ্তিকেয়াই ৭ম অভাৰত প্ৰভসীমৰণক নিজৰ চিকাৰ কৰে ।

ইয়াৰ পিছত গ্লেন মেক্সৱেল আৰু নেহাল বাধেৰাই এক উজ্জ্বল অংশীদাৰিত্ব গঢ়ে । নেহালে ৬২ ৰানৰ ইনিংছ খেলে । মেক্সৱেলে ৩০ ৰান সংগ্ৰহ কৰে । কিন্তু দুয়োজনেই অগা-পিছাকৈ আউট হয় । ইয়াৰ পিছত পঞ্জাৱৰ এজনো বেটছমেন ক্ৰীজত অধিক সময় তিষ্ঠিবলৈ সক্ষম নহ’ল আৰু পঞ্জাবে ২০ অভাৰত মাত্ৰ ১৫৫ ৰানহে সংগ্ৰহ কৰে । এই পৰাজয়ৰ পিছত পঞ্জাৱৰ বিজয়ৰথ স্তব্ধ হৈ পৰে ।

ৰাজস্থানৰ হৈ জফ্ৰা আৰ্চাৰে সৰ্বাধিক ৩টা উইকেট দখল কৰে । সন্দীপ শৰ্মা আৰু মহীশ তীক্ষনাই ২টা, কুমাৰ কাৰ্তিকেয়া আৰু ৱানিন্দু হাছাৰাংগাই ১টাকৈ উইকেট দখল কৰে ।

ৰাজস্থানৰ ইনিংছ-

প্ৰথমে বেটিং কৰিবলৈ অহা ৰাজস্থানৰ আৰম্ভণি ভাল আছিল । সঞ্জু চেমচন আৰু যশস্বী জয়ছোৱাল দুয়োকে ভাল ছন্দত দেখা গৈছিল । দুয়োজনে ভাল আৰম্ভণি কৰে । ৰাজস্থানে ৮৯ ৰান সংগ্ৰহ কৰি প্ৰথমটো আঘাত লাভ কৰে যেতিয়া চেমচন ৩৮ ৰান সংগ্ৰহ কৰি আউট হয় । অৱশ্যে আনটো মূৰত যশস্বী জয়ছোৱালক আগ্ৰাসী ৰূপত দেখা যায় । ৬৭ ৰান সংগ্ৰহ কৰি আউট হয় যশস্বী । ইয়াৰ পিছত ৰিয়ান পৰাগ আৰু শ্বিমৰন হেটমায়াৰে ইনিংছৰ দায়িত্ব লয় । দুয়োজনে কিছু উজ্জ্বল শ্বট খেলে, যাৰ বাবে ৰাজস্থান দলে ২০ অভাৰত ৪ উইকেট হেৰুৱাই ২০৫ ৰান সংগ্ৰহ কৰে ।

কামত নাহিল ধোনীৰ যাদু… চলিত ছিজনত চেন্নাই ছুপাৰ কিংছৰ তৃতীয়টো পৰাজয়,  দিল্লীৰ জয়ৰ হেট্ৰিক

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ ১৭ সংখ্যক মেচখন চেন্নাই ছুপাৰ কিংছ (চি এছ কে) আৰু দিল্লী কেপিটেলছ (ডি চি)ৰ মাজত অনুষ্ঠিত হয় । শনিবাৰে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়াম (চেপাউক)ত অনুষ্ঠিত হোৱা এই মেচখনত দিল্লী কেপিটেলছে ২৫ ৰানত জয়লাভ কৰে । দিল্লীয়ে আয়োজক দলটোক ১৮৪ ৰানৰ লক্ষ্য দিছিল যদিও ৫ উইকেটত ১৫৮ ৰানহে কৰিবলৈ সক্ষম হয় চেন্নাই । এই ষ্টেডিয়ামত ১৫ বছৰৰ পাছত চি এছ কেক পৰাস্ত কৰিছে দিল্লী কেপিটেলছে ।

ৰান সংগ্ৰহৰ বাবে সংগ্ৰাম চি এছ কেৰ-

চেন্নাই ছুপাৰ কিংছৰ হৈ মহেন্দ্ৰ সিং ধোনীয়ে ২৬টা বলত চাৰি আৰু ছয়ৰ সহায়ত অপৰাজিত ৩০ ৰান সংগ্ৰহ কৰে । আনহাতে বিজয় শংকৰে ৬৯ ৰানত অপৰাজিত হৈ থাকে । বিজয় শংকৰৰ ৫৪টা বলৰ ইনিংছত ৫টা চাৰি আৰু এটা ছয় আছিল । এই ছিজনত চাৰিখন মেচত চেন্নাই ছুপাৰ কিংছৰ এয়া আছিল তৃতীয়টো পৰাজয় । আনহাতে এইটো আছিল দিল্লীৰ একেৰাহে তৃতীয়টো জয় ।

লক্ষ্য অনুসৰণ কৰাৰ সময়তে চেন্নাই ছুপাৰ কিংছৰ আৰম্ভণি ভাল নাছিল আৰু ১৪ ৰানৰ স্ক’ৰত দুটা উইকেট হেৰুৱাইছিল দলটোৱে ৷ ৰাচিন ৰবিন্দ্ৰক (৩) ৰান আউট কৰে বেগী বলাৰ মুকেশ কুমাৰে । ইফালে, অধিনায়ক ৰুতুৰাজ গাইকোৱাদ (৫) বেগী বলাৰ মিচেল ষ্টাৰ্কৰ চিকাৰ হয় । ইয়াৰ পাছত বিপৰাজ নিগমে আনজন অ’পেনাৰ ডেভন কনৱে (১৩)ক কম সময়তে পেভিলিয়নৰ বাট দেখুৱাই ।

‘ইমপেক্ট চাব’ হিচাপে আহি শিৱম ডুবেই আগ্ৰাসী ৰূপ ধৰিবলৈ চেষ্টা কৰিছিল যদিও স্পীনাৰ বিপ্ৰজে ১৮ ৰানত তেওঁক আউট কৰে । ৰবীন্দ্ৰ জাডেজাই ভাল প্ৰদৰ্শন কৰিব বুলি আশা কৰা হৈছিল যদিও মাত্ৰ ২ ৰান সংগ্ৰহ কৰি তেওঁক কুলদীপ যাদৱৰ বলত উইকেট বিসৰ্জন দিয়ে । জাডেজা আউট হোৱাৰ সময়ত চেন্নাইৰ স্ক’ৰ আছিল ৫ উইকেটত ৭৪ ৰান । ইয়াৰ পৰা চেন্নাইক জয়ী হ’বলৈ আগ্ৰাসী বেটিঙৰ প্ৰয়োজন আছিল যদিও বিজয় শংকৰ আৰু এম এছ ধোনীয়ে বিশেষ একো কৰিব নোৱাৰিলে । দুয়োৰে মাজত ৮৪ ৰানৰ অংশীদাৰিত্ব আছিল ।

কে এল ৰাহুলৰ শক্তিশালী ইনিংছ…

টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ পিছত দিল্লী কেপিটেলছে ৬ উইকেটত ১৮৩ ৰান সংগ্ৰহ কৰে । প্ৰথম অভাৰতে জেক ফ্ৰেজাৰ-মেকগাৰ্কৰ উইকেট হেৰুৱাই দিল্লী কেপিটেলছ আৰম্ভণিতে শলঠেকত পৰিছিল । জেকে একাউণ্ট খোলাত ব্যৰ্থ হৈ খলিল আহমেদৰ চিকাৰ হয় । ইয়াৰ পাছত অভিষেক পোৰেল আৰু কে এল ৰাহুলে মিলি দ্বিতীয় উইকেটৰ বাবে ৫৪ ৰান সংযোজন কৰি ইনিংছৰ দায়িত্ব লয় । স্পীনাৰ ৰবীন্দ্ৰ জাডেজাই পোৰেলক আউট কৰি এই অংশীদাৰিত্ব ভংগ কৰে । পোৰেলে ২০টা বলত ৩৩ ৰান সংগ্ৰহ কৰে, য’ত ৪টা চাৰি আৰু এটা ছয় আছিল ।

তাৰ পাছত দিল্লী কেপিটেলছৰ অধিনায়ক অক্ষৰ পেটেল ক্ৰীজলৈ আহে । চতুৰ্থ উইকেটত অক্ষৰ আৰু কে এল ৰাহুলৰ মাজত ৩৬ ৰানৰ অংশীদাৰিত্ব গঢ়ে । অক্ষৰক ২১ ৰানত নূৰ আহমেদে বল্ড কৰে । অক্ষৰ আউট হোৱাৰ পিছত সমীৰ ৰিজৱীয়ে কে এল ৰাহুলক সমৰ্থন কৰে । চতুৰ্থ উইকেটৰ বাবে দুয়োৰে মাজত ৫৬ ৰানৰ অংশীদাৰিত্বৰে দিল্লীক গতি প্ৰদান কৰে ।

এই অংশীদাৰিত্বৰ সময়তে কে এল ৰাহুলে ৩৩টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰে । সমীৰ ৰিজৱীক ২০ ৰানত খলিল আহমেদে আউট কৰে । ৰিজৱীৰ পিছত দিল্লীয়ে শেষ অভাৰত কে এল ৰাহুল আৰু আশুতোষ শৰ্মা (১)ৰ উইকেট হেৰুৱাই । ৰাহুলে ৬টা চাৰি আৰু তিনিটা ছয়ৰ সহায়ত ৫১টা বলত ৭৭ ৰান সংগ্ৰহ কৰে । চেন্নাইৰ হৈ বেগী বলাৰ খলিল আহমেদে সৰ্বাধিক দুটা উইকেট দখল কৰে ।

জোছ বাটলাৰ আৰু ছাই সুদৰ্শনৰ ধুমুহাত বিধ্বস্ত আৰ চি বি… ৮ উইকেটত জয়লাভ গুজৰাটৰ

আই পি এল ২০২৫ৰ ১৪ সংখ্যক মেচত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) ৮ উইকেটত শোচনীয় পৰাজয়ৰ সন্মুখীন হয় । গুজৰাট টাইটানছে (জি টি) ১৮ অভাৰত আৰ চি বিয়ে বান্ধি দিয়া ১৭০ ৰানৰ লক্ষ্যত উপনীত হয় । এই ছিজনৰ প্ৰথমখন মেচ ঘৰুৱা খেলপথাৰত খেলিছিল আৰ চি বিয়ে । য’ত দলটো পৰাজয়ৰ সন্মুখীন হ’বলগা হয় । গুজৰাটে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰিবলৈ সিদ্ধান্ত লৈছিল । প্ৰথমে বেটিং কৰি আৰ চি বিয়ে ৮ উইকেট হেৰুৱাই ১৬৯ ৰান সংগ্ৰহ কৰে ।

১৭০ ৰানৰ লক্ষ্য অনুসৰণ কৰি গুজৰাটে মাত্ৰ ১৭.৫ অভাৰতে বিজয় সাব্যস্ত কৰে । কোনো পৰিৱৰ্তন নোহোৱাকৈ খেলপথাৰত নামিছিল আৰ চি বি । আনহাতে গুজৰাটৰ মূল একাদশত পৰিৱৰ্তন কৰা হৈছিল । কাগিছো ৰাবাদাৰ স্থানত আৰ্ছাদ খানক স্থান দিয়া হয় ।

আৰ চি বিৰ বেটিং-

প্ৰথমে বেটিং কৰিবলৈ সিদ্ধান্ত লোৱা আৰ চি বিৰ আৰম্ভণি শোচনীয় আছিল । দ্বিতীয় অভাৰতে আৰ চি বিয়ে তাৰকা বেটছমেন বিৰাট কোহলীৰ ৰূপত প্ৰথমটো আঘাত লাভ কৰে । মাত্ৰ ৭ ৰান সংগ্ৰহ কৰি আৰ্ছাদ খানৰ চিকাৰ হয় কোহলী । ইয়াৰ পিছত তৃতীয় অভাৰত দেৱদত্ত পাদ্দিকালক ছিৰাজে পেভিলিয়নৰ বাট দেখুৱাই । তাৰ পাছত পঞ্চম অভাৰত ছিৰাজে বিপজ্জনক বেটছমেন ফিল ছল্টক আউট কৰে । সপ্তম অভাৰত ঈশন্তে অধিনায়ক ৰজত পাটিদাৰক আউট কৰি বেংগালুৰুৰ বেটিং মেৰুদণ্ড ভাঙি দিয়ে ।

ইয়াৰ পিছত জিতেশ শৰ্মাই দলক আগুৱাই নিয়াৰ দায়িত্ব গ্ৰহণ কৰি ৩৩ ৰানৰ ইনিংছ খেলে । কিন্তু তেওঁ ১৩ নং অভাৰত পেভিলিয়নমুখী হয় । কিন্তু ইয়াৰ পিছত লিভিংষ্টনে ধুমুহাময় ইনিংছ খেলি অৰ্ধশতক অৰ্জন কৰে । একে সময়তে টিম ডেভিদেও উজ্জ্বল বেটিং কৰে । ইয়াৰ ভিত্তিত আৰ চি বিয়ে ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৬৯ ৰান সংগ্ৰহ কৰে ।

গুজৰাটৰ বেটিং-

১৭০ ৰানৰ লক্ষ্য অনুসৰণ কৰি গুজৰাটে শক্তিশালী আৰম্ভণি কৰে । গীল আৰু ছাই সুদৰ্শনে সুদৃঢ় আৰম্ভণি কৰে । অৱশ্যে ১৪ ৰান সংগ্ৰহ কৰি আউট হয় গীল। কিন্তু ইয়াৰ পিছত ছাই সুদৰ্শন আৰু জোছ বাটলাৰে দায়িত্ব লৈ দলৰ জয়ৰ ভেটি স্থাপন কৰে । ৪৯ ৰান সংগ্ৰহ কৰি ছাই সুদৰ্শন আউট হয় যদিও তেওঁ মেছখন গুজৰাটৰ হাতলৈ যোৱাত সহায় ৰে । ইয়াৰ পিছত বাটলাৰে এক দৰ্শনীয় ইনিংছ খেলে । বাটলাৰে ৭৩ ৰানৰ অপৰাজিত ইনিংছ খেলে আৰু গুজৰাটে ১৮ নং অভাৰত খেলখন জয় কৰে ।

আজি কোহলীৰ মুখামুখি হ’ব ডি এছ পি ছিৰাজ… চিন্নস্বামী ষ্টেডিয়ামত বেংগালুৰু-গুজৰাটৰ যুঁজ

বুধবাৰে আই পি এল ২০২৫ৰ চতুৰ্দশ মেচত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (আৰ চি বি) আৰু গুজৰাট টাইটানছৰ মাজত অনুষ্ঠিত হ’ব । আৰ চি বিয়ে নিজৰ ঘৰুৱা খেলপথাৰত এই ছিজনৰ প্ৰথমখন মেচ খেলিব । তেওঁলোকৰ লক্ষ্য হ’ব বলাৰৰ উৎকৃষ্ট ফৰ্মৰ ভিত্তিত জয়ৰ হেট্ৰিক অৰ্জন কৰা । আজি (২ এপ্ৰিল) সন্ধিয়া ৭.৩০ বজাৰ পৰা বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত আৰম্ভ হ’ব এই মেচখন ।

ইডেন গাৰ্ডেনছত কলকাতা আৰু চেপাউকত চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ক পৰাস্ত কৰি আৰ চি বিয়ে এক সুন্দৰ আৰম্ভণি কৰিছে । গুজৰাটৰ দলটোৱে এতিয়ালৈকে দুয়োখন উদ্বোধনী মেচ নিজৰ ঘৰুৱা খেলপথাৰত খেলিছে । প্ৰথমখন খেলত পঞ্জাব কিংছৰ হাতত পৰাস্ত হোৱাৰ বিপৰীতে দ্বিতীয়খন মেচত মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰে দলটোৱে ।

এতিয়ালৈকে আই পি এলত আৰ চি বি আৰু গুজৰাটৰ মাজত ৫ খন মেচ অনুষ্ঠিত হৈছে । এই সময়ছোৱাত আৰ চি বিয়ে ৩ খন মেচত জয়লাভ কৰাৰ বিপৰীতে গুজৰাটে ২ খন মেচত জয়লাভ কৰিছে ।

অৱশ্যে চিন্নস্বামী ষ্টেডিয়ামৰ খেলপথাৰ বেটছমেনৰ বাবে সহায়ক আৰু ইয়াত তিনিবাৰকৈ ২৬০ৰো অধিক স্ক’ৰ হৈছে । চুটি বাউণ্ডেৰী আৰু দ্ৰুত আউটফিল্ডে বলাৰসকলক সদায় অসুবিধা দি আহিছে যদিও ৰয়েল চেলেঞ্জাৰছৰ মতে ইয়াৰ দুজন বলাৰ জোছ হেজলউড আৰু ভুৱনেশ্বৰ কুমাৰে বেটছমেনক ৰোধ কৰিব পাৰে ।

চলিত আই পি এলত হেজলউডে ৬তকৈ কম ইকনমি ৰেটত ৰান দিয়াৰ বিপৰীতে চেন্নাইৰ বিৰুদ্ধে খেলখনত ভুৱনেশ্বৰে প্ৰতি অভাৰত গড়ে মাত্ৰ ৬.৬ ইকনমিৰে ৰান দিছিল ।

গুজৰাট টাইটানছৰো অতি সক্ষম বেটছমেন আছে । অধিনায়ক শুভমন গীল আৰু সাই সুদৰ্শনে ভাল অ’পেনিং যুটি গঠন কৰিছে । আৰ চি বিয়ে তেওঁলোকক আৰম্ভণিতে ৰোধিবলৈ চেষ্টা কৰিব ।

নতুন বল চুইং কৰিব পৰাৰ ক্ষমতাৰে ভুৱনেশ্বৰ আৰু সঠিক বলিঙৰ দক্ষতাৰে হেজলউডে একেলগে তেওঁলোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে । বাওঁহাতৰ বেগী বলাৰ য়শ দয়ালো উপযোগী বুলি প্ৰমাণিত হৈছে ।

স্পীন বিভাগত ক্ৰুনাল পাণ্ডিয়া আৰু সুয়াশ শৰ্মাক দুৰ্বল দেখা গৈছে, আনহাতে গুজৰাটত ৰছিদ খান আৰু আৰ চাই কিশোৰৰ দৰে বিপজ্জনক স্পীনাৰ আছে ।

এনে পৰিস্থিতিত স্পীনাৰৰ সন্মুখত বিৰাট কোহলী, ফিল ছল্ট, অধিনায়ক ৰজত পাটিদাৰ আৰু দেৱদত্ত পাদিক্কালৰ প্ৰকৃত পৰীক্ষা হ’ব । গুজৰাটত আছে কাগিছ’ ৰাবাদা আৰু মহম্মদ ছিৰাজৰ দৰে বেগী বলাৰ । পূৰ্বে আৰ চি বিৰ হৈ খেলা ছিৰাজক নিলামত ক্ৰয় কৰিছিল গুজৰাটে ।

কোহলী আৰু ছল্টে যোৱা দুখন মেচত ৯৫ আৰু ৪৫ ৰানৰ অংশীদাৰিত্ব গঢ়ি তুলিছে । চিন্নাস্বামী ষ্টেডিয়ামত দুয়োজন বিপদজনক হৈ উঠিব পাৰে ।

আৰ চি বিৰ সম্ভাৱ্য মূল একাদশ : ফিল ছল্ট (উইকেটকীপাৰ), বিৰাট কোহলী, টিম ডেভিদ, জিতেশ শৰ্মা, ৰজত পাটিদাৰ (অধিনায়ক), দেৱদত্ত পাদিক্কাল, লিয়াম লিভিংষ্টন, ক্ৰুনাল পাণ্ডিয়া, য়শ দয়াল, জোছ হেজলউড, ভুৱনেশ্বৰ কুমাৰ ।

গুজৰাট টাইটানছৰ সম্ভাব্য মূল একাদশ : জোছ বাটলাৰ (উইকেটকীপাৰ), শুভমন গীল (অধিনায়ক), ছাই সুদৰ্শন, শ্বাৰফেন ৰাদাৰফোৰ্ড, শ্বাহৰুখ খান, ৰছিদ খান, ৰাহুল টেৱাটিয়া, চাই কিশোৰ, কাগিছো ৰাবাদা, প্ৰসিদ্ধ কৃষ্ণ, মহম্মদ চিৰাজ ।

পঞ্জাৱৰ বিৰুদ্ধে ৮ উইকেটত পৰাস্ত লক্ষ্ণৌ… প্ৰভসিমৰণ সিঙৰ পিছত  শ্ৰেয়াছ আয়েৰৰ অৰ্ধশতক

আজি অনুষ্ঠিত হোৱা আই পি এলৰ ১৩ সংখ্যক মেচত পঞ্জাব কিংছে লক্ষ্ণৌ ছুপাৰ জায়েন্টছক ৮ উইকেটত পৰাস্ত কৰে । লক্ষ্ণৌৱে নিজৰ ঘৰুৱা খেলপথাৰতে এক শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছে । চলিত ছিজনত পঞ্জাৱৰ এয়া একেৰাহে দ্বিতীয়টো জয় । আনহাতে লক্ষ্ণৌৱে প্ৰতিযোগিতাখনৰ দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন হৈছে । লক্ষ্ণৌৰ একনা ষ্টেডিয়ামত খেলা এই মেচখনত এল এছ জিয়ে প্ৰথমে বেটিং কৰি ১৭১ ৰান সংগ্ৰহ কৰে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ১৭ নং অভাৰত ৮ উইকেট বাকী থকা অৱস্থাত পঞ্জাবে মেচখনত বিজয় সাব্যস্ত কৰে ।

একনা ষ্টেডিয়ামত খেলা এই মেচখনত পঞ্জাৱ কিংছে ১৭২ ৰানৰ লক্ষ্য লাভ কৰে । পঞ্জাৱ দলৰ নতুন তাৰকা প্ৰিয়ংশ আৰ্য্য এইবাৰ ব্যৰ্থ হ’ল যদিও তেওঁৰ সংগী প্ৰভসিমৰণৰ ধুমুহাত লক্ষ্ণৌৰ বলাৰসকল বিধ্বস্ত হয় । মাত্ৰ ২৩টা বলত প্ৰভসিমৰণ সিঙে নিজৰ অৰ্ধ শতক সম্পূৰ্ণ কৰি মেচখনত ৩৪টা বলত ৬৯ ৰানৰ ধুমুহাময় ইনিংছ খেলে । এই ইনিংছত তেওঁ ৯টা চাৰি আৰু ৩টা ছয় কোবাই ।

পুনৰ উজ্জ্বলিল অধিনায়ক শ্ৰেয়াছ আয়েৰ-

প্ৰভসিমৰন সিঙ আউট হোৱাৰ পিছত অধিনায়ক শ্ৰেয়াছ আয়েৰে পঞ্জাব কিংছৰ ইনিংছ দ্ৰুতগতিত আগুৱাই লৈ যায় । গুজৰাট টাইটানছৰ বিৰুদ্ধে খেলখনত অধিনায়ক শ্ৰেয়াছে ৯৭ ৰানৰ অপৰাজিত ইনিংছ খেলিছিল । আজি লক্ষ্ণৌৰ বিৰুদ্ধে তেওঁ ৩০টা বলত অপৰাজিত ৫২ ৰান সংগ্ৰহ কৰে । মাত্ৰ ২খন মেচত ১৪৯ ৰান সংগ্ৰহ কৰি দুয়োখন মেচতে বিস্ফোৰক অৰ্ধশতক অৰ্জন কৰিছে আয়াৰে ।

পঞ্জাৱৰ বিজয়ত নেহাল বাধেৰাইও গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই । ২৫টা বলত ৪৩ ৰান কৰি অপৰাজিত হৈ থাকে ৱাধেৰা । অধিনায়ক শ্ৰেয়াছৰ সৈতে তেওঁ মাত্ৰ ৩৭টা বলত ৬৭ ৰান সংযোজন কৰিছিল । লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ কেৱল দিগবেশ ৰাথীয়েহে ২ উইকেট ল’বলৈ সক্ষম হয় । তেওঁৰ বাহিৰে আন সকলো বলাৰেই ব্যৰ্থ প্ৰমাণিত হয় । উল্লেখ্য যে এই জয়ৰ সৈতে পঞ্জাব কিংছ এতিয়া ৪ পইণ্টেৰে পইণ্ট তালিকাত দ্বিতীয় স্থান দখল কৰিছে ।

আজি আই পি এলত দুই ব্যয়বহুল খেলুৱৈৰ সংঘৰ্ষ… লক্ষ্ণৌত ছুপাৰ জায়েন্টছ আৰু পঞ্জাৱ কিংছৰ যুঁজ

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ ১৩ সংখ্যক মেচত আজি (১ এপ্ৰিল) লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ মুখামুখি হ’ব পঞ্জাব কিংছ (পি বি কে এছ) । লক্ষ্ণৌৰ ভাৰত ৰত্ন শ্ৰী অটল বিহাৰী বাজপেয়ী একনা ক্ৰিকেট ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭.৩০ বজাৰ পৰা দুয়োটা দলৰ মাজত এই খেলখন আৰম্ভ হ’ব । এই মেচত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়ক হিচাপে থাকিব ঋষভ পন্ট । একে সময়তে পঞ্জাৱ কিংছৰ বাঘজৰী শ্ৰেয়াছ আয়েৰৰ হাতত থাকিব ।

দুয়োটা দলে শেষৰখন খেলত জয়লাভ কৰিছে-

এই মেচখন আই পি এলৰ ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈ (ঋষভ পন্ট) আৰু দ্বিতীয় সৰ্বাধিক দামী খেলুৱৈ (শ্ৰেয়াছ আয়াৰ)ৰ মাজত হ’ব । আই পি এল ২০২৫ৰ মেগা নিলামত ঋষভ পন্টক এল এছ জিয়ে ২৭ কোটি টকাত ক্ৰয় কৰাৰ বিপৰীতে শ্ৰেয়াছ আয়েৰে ২৬.৭৫ কোটি টকাত পঞ্জাব কিংছত যোগদান কৰে । চলিত আই পি এল ছিজনত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ প্ৰথমখন খেলত দিল্লী কেপিটেলছ (ডি চি)ৰ বিৰুদ্ধে এটা উইকেটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল । অৱশ্যে লক্ষ্ণৌৱে পুনৰ প্ৰত্যাৱৰ্তন কৰি ঘৰুৱা খেলপথাৰত ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ)ক ৫ উইকেটত পৰাস্ত কৰি একাউণ্ট মুকলি কৰে ।

আনহাতে, এই ছিজনত পাঞ্জাব কিংছে একমাত্ৰ মেচত গুজৰাট টাইটানছ (জি টি)ৰ বিৰুদ্ধে খেলিছিল, য’ত তেওঁলোকে ১১ ৰানত জয়লাভ কৰে । আজিৰ খেলখনত সকলোৰে দৃষ্টি থাকিব ঋষভ পন্টৰ ওপৰত, যিয়ে প্ৰথম দুখন মেচত বেটছমেন হিচাপে ব্যৰ্থ হোৱাৰ পিছত নিজৰ ডাঙৰ মূল্যৰ ন্যায্যতা প্ৰদান কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ হ’ব । প্ৰথম দুখন মেচত পণ্টে শূন্য আৰু ১৫ ৰানহে কৰিবলৈ সক্ষম হয় । এই ছিজনত পঞ্জাৱ কিংছত যোগদান কৰা দিল্লী কেপিটেলছ (ডি চি)ৰ প্ৰাক্তন প্ৰশিক্ষক ৰিকি পণ্টিঙৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে পণ্ট মুখামুখি হ’ব ।

ইফালে ঋষভ পণ্টৰ দৰে বিপৰীতে  পঞ্জাৱ কিংছৰ অধিনায়ক শ্ৰেয়াছ আয়াৰ ফৰ্মত আছে । গুজৰাট টাইটানছৰ বিৰুদ্ধে ৪২টা বলত ৯৭ ৰানৰ অপৰাজিত মেচ বিজয়ী ইনিংছ খেলিছিল শ্ৰেয়াছে । আই পি এল বিজয়ী অধিনায়ক শ্ৰেয়াছে তিনি নম্বৰত বেটিং কৰি ভাল পায় আৰু তেওঁ এই ছন্দ অব্যাহত ৰাখিব বিচাৰে । শশাংক সিঙেও যোৱা ছিজনৰ পৰা নিজৰ উৎকৃষ্ট ফৰ্ম অক্ষুণ্ণ ৰাখিছে । আনহাতে প্ৰিয়ংশ আৰ্য্যই ২৩টা বলত ৪৭ ৰান সংগ্ৰহ কৰি আই পি এল কেৰিয়াৰৰ উজ্জ্বল আৰম্ভণি কৰে ।

পঞ্জাৱৰ হৈ বেগী বলাৰ অৰ্শদ্বীপ সিং আৰু ‘ইমপেক্ট চাব’ হিচাপে অহা মিডিয়াম পেচাৰ বিজয় কুমাৰ বৈশাখে উন্নত বলিং কৰিছে । ভাৰতীয় প্ৰবীণ লেগ স্পীনাৰ যুজবেন্দ্ৰ চাহালে পঞ্জাৱৰ স্পীন আক্ৰমণত নেতৃত্ব দিয়াৰ বিপৰীতে গ্লেন মেক্সৱেলেও প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে । লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ নিকোলাছ পুৰাণ আৰু মিচেল মাৰ্ছো আছে, যিসকল এই মুহূৰ্তত অতি উত্তম ফৰ্মত আছে ।

যদি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ শক্তিশালী বেটিং অৰ্ডাৰে ডাঙৰ স্ক’ৰ কৰে তেন্তে তেওঁলোকৰ ফলপ্ৰসূ লেগ স্পীনেৰে সফলতা প্ৰদান কৰাৰ দায়িত্ব ৰবি বিষ্ণয়ৰ ওপৰত পৰিব । তেওঁৰ সৈতে আছে লেগ স্পীনাৰ দিগবেশ ৰাথী, যিয়ে যোৱা বছৰ দিল্লী প্ৰিমিয়াৰ লীগৰ উদ্বোধনী ছিজনত তেওঁৰ আকৰ্ষণীয় প্ৰদৰ্শনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল । আয়োজক দলটোৰ বাওঁহাতৰ স্পীনাৰ শ্বাহবাজ আহমেদকো খেলোৱাৰ বিকল্প আছে ।