চাহালৰ চক্ৰবেহুত আৱদ্ধ কলকাতা… ৰোমাঞ্চকৰ খেলত জয়লাভ পঞ্জাব কিংছৰ

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ৩১ সংখ্যক মেচখন মঙলবাৰে পঞ্জাব কিংছ (পি বি কে এছ) আৰু কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ)ৰ মাজত অনুষ্ঠিত হয় । এই ৰোমাঞ্চকৰ খেলখনত পঞ্জাৱে ১৬ ৰাণত জয়লাভ কৰে । চণ্ডীগড়ৰ মুলনপুৰত অনুষ্ঠিত হোৱা মেচখনত কলকাতাই ১১২ ৰানৰ লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ হয় । আই পি এলৰ ইতিহাসত পঞ্জাৱ দলে সৰ্বনিম্ন মুঠ ৰক্ষা কৰিছে । ইয়াৰ পূৰ্বে ২০০৯ চনত চেন্নাই আৰু পঞ্জাৱৰ মাজত খেলা মেচখনত মুঠ ১১৬ ৰান ডিফেণ্ড হৈছিল ।

এই মেচখনত পঞ্জাব কিংছৰ অধিনায়ক শ্ৰেয়াছ আয়াৰে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । কিন্তু পঞ্জাবে ১৬ অভাৰত ১১১ ৰানত অল আউট হয় । হৰ্ষিত ৰাণাই ৩টা উইকেট দখল কৰাৰ বিপৰীতে বৰুণ চক্ৰৱৰ্তী আৰু সুনীল নাৰিনে ২টাকৈ উইকেট লাভ কৰে । পঞ্জাৱে বান্ধি দিয়া লক্ষ্য দেখি নাৰিন, ৰাছেল আৰু ৰিংকু সিঙৰ দৰে বিস্ফোৰক বেটছমেনেৰে সজ্জিত কলকাতাই ইয়াক সহজেই উপনীত হ’ব বুলি আশা কৰা হৈছিল ।

কিন্তু যেতিয়া কে কে আৰ বেটিং কৰিবলৈ খেলপথাৰত নামিছিল, তেতিয়া প্ৰথম অভাৰৰ পৰাই তেওঁলোকৰ পতন আৰম্ভ হৈছিল আৰু ৰাহানেৰ সমগ্ৰ দলটো চাহালৰ স্পীনত আৱদ্ধ হৈ পৰা দেখা গৈছিল । পঞ্জাৱৰ বলাৰসকলে কলকাতাক ১১২ ৰানৰ লক্ষ্যত উপনীত হোৱাত বাধা প্ৰদান কৰে আৰু ১৬ নং অভাৰত সমগ্ৰ দলটো ৯৫ ৰানতে অল আউট হয় । চাহালে ৪টা উইকেট দখল কৰে ।

কলকাতাৰ ইনিংছ-

১১২ ৰানৰ লক্ষ্য অনুসৰণ কৰি কে কে আৰৰ আৰম্ভণি দুৰ্বল আছিল । প্ৰথম অভাৰতে সুনীল নাৰিন পেভিলিয়নমুখী হয় । তেওঁৰ বেটৰ পৰা মাত্ৰ ৫ ৰানহে আহে । ইয়াৰ পিছত কুইণ্টন ডি ককেও পৰৱৰ্তী অভাৰত পেভিলিয়নলৈ উভতি আহে । তেওঁৰ বেটৰ পৰা মাত্ৰ ২ ৰানহে আহে । কিন্তু ইয়াৰ পিছত ৰাহানেই কিছু ভাল শ্বট খেলিছিল যদিও ৮ম অভাৰত আউট হয় অধিনয়াকগৰাকী । ৰাহানেই ১৭ ৰান সংগ্ৰহ কৰে । ইয়াৰ পিছত ৰঘুবংশীও দশম অভাৰত আউট হয় ।

ইয়াৰ পিছত একেবাৰে পৰৱৰ্তী অভাৰত মেক্সৱেলে ভেংকটেশ আয়াৰক আউট কৰে । ইয়াৰ পাছতে চাহালে তৃতীয় অভাৰত ৰিংকু সিং আৰু ৰমনদীপক পেভিলিয়নৰ বাট দেখুৱাই । ইয়াৰ পিছত কলকাতাই বিশেষ প্ৰদৰ্শন কৰাত ব্যৰ্থ হয় । ৰাছেলে নিশ্চিতভাৱে কিছুমান আক্ৰমণাত্মক শ্বট খেলিছিল । কিন্তু দলক জয়ৰ সোৱাদ দিয়াত ব্যৰ্থ হয় । ১৬ অভাৰৰ প্ৰথমটো বলত কে কে আৰ অল আউট হয় । ফলত পঞ্জাৱে ১৬ ৰানত জয়লাভ কৰে ।

পঞ্জাৱৰ বেটিং-

টছত জয়ী হৈ প্ৰথমে বেটিং কৰিবলৈ যোৱা পঞ্জাৱৰ আৰম্ভণি ভাল আছিল । প্ৰিয়ংশ আৰ্যই ভাল শ্বট খেলিছিল । কিন্তু চতুৰ্থ অভাৰত প্ৰিয়ংশ আৰ্যক হৰ্ষিত ৰাণাই আউট কৰে । আৰ্যৰ বেটৰ পৰা ২২ ৰান আহে । ইয়াৰ পিছত পঞ্জাব বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয় । চতুৰ্থ অভাৰত শ্ৰেয়াছ আয়াৰো কোনো ৰান নকৰাকৈ পেভিলিয়নমুখী হয় ।

ইয়াৰ পিছত পৰৱৰ্তী অভাৰত জোছ ইংলিছো আউট হয় । পাৱাৰপ্লেৰ শেষ অভাৰত প্ৰভসিমৰন সিঙেও উইকেট বিসৰ্জন দিয়ে । তেওঁৰ বেটৰ পৰা মাত্ৰ ৩০ ৰানহে আহে । ৯ম অভাৰত নেহাল ৱাধেৰাও ১০ ৰান সংগ্ৰহ কৰি আউট হয় । ইয়াৰ পিছতে পঞ্জাৱৰ বেটিং তাচ পাতৰ দৰে ভাঙি পৰে । পঞ্জাবে সম্পূৰ্ণ ২০ অভাৰ খেলাত ব্যৰ্থ হয় আৰু ১৬ অভাৰত ১১১ ৰানত অল আউট হয় ।

নাৰিন আৰু চক্ৰৱৰ্তীৰ স্পীন নে প্ৰিয়ংশ-আয়েৰৰ বেটিং বিক্ৰম… চণ্ডীগড়ত আজি পঞ্জাৱ-কলকাতাৰ যুঁজ

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত আজি অৰ্থাৎ মঙলবাৰে পঞ্জাব কিংছ (পি বি কে এছ)ৰ মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ) । এই খেলখন চণ্ডীগড়ৰ মুলনপুৰত অনুষ্ঠিত হ’ব । অন্তিমখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ)ৰ হাতত ৮ উইকেটত পৰাস্ত হৈছিল পঞ্জাব কিংছ । মেচখন যথেষ্ট ৰোমাঞ্চকৰ আছিল কাৰণ এছ আৰ এইচৰ বেটছমেনসকলে ২৪৬ ৰানৰ লক্ষ্যত সহজেই উপনীত হৈছিল । অৱশ্যে এই পৰ্যন্ত ৫ খন মেচৰ ভিতৰত ৩ খন খেলত জয়লাভ কৰি পি বি কে এছৰ যোগ্যতাৰ আশা সজীৱ হৈ আছে ।

একে সময়তে চেন্নাইত কে কে আৰে অন্তিমখন খেলত চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ক পৰাস্ত কৰে । কে কে আৰৰ বলাৰ বিশেষকৈ তেওঁলোকৰ স্পীনাৰসকলে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই ২০ অভাৰত চেন্নাইক ১০৩/৯ ৰানত সীমাবদ্ধ কৰি ৰাখে । কে কে আৰে চেন্নাইক সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত ৰাখি ৬১টা বলত ১০৪ ৰানৰ লক্ষ্যত উপনীত হয় ।

কোনটো দলৰ কিমান শক্তিশালী-

এই পৰ্যন্ত আই পি এলৰ ইতিহাসত পঞ্জাব কিংছ আৰু কে কে আৰৰ মাজত ৩৩খন মেচ অনুষ্ঠিত হৈছে । ইয়াত কে কে আৰৰ আধিপত্য দেখা গৈছে । কে কে আৰে ২১খন মেচত জয়লাভ কৰাৰ বিপৰীতে পঞ্জাৱ দলে মাত্ৰ ১২খন মেচত জয়লাভ কৰিবলৈ সক্ষম হৈছে । দ্বিতীয়তে বেটিং কৰা দলটোৱে অধিক মেচত জয়লাভ কৰিছে । উল্লেখ্য যে পঞ্জাৱৰ বিৰুদ্ধে আন্দ্ৰে ৰাছেলৰ পৰিসংখ্যা উৎকৃষ্ট । ৰাছেলে এই পৰ্যন্ত পঞ্জাৱৰ বিৰুদ্ধে ৪৩২ ৰান সংগ্ৰহ কৰিছে ।

খেলখনৰ পিটচ ৰিপৰ্ট :

এই মেচৰ বাবে খেলপথাৰৰ পিটচ বেটিঙৰ বাবে অনুকূল বুলি কোৱা হয়, যাৰ বাবে ই উচ্চ স্ক’ৰ কৰা মেচ হ’ব পাৰে । দুয়োটা দলৰ বেটিং লাইন আপ শক্তিশালী, যিয়ে ৰান সংগ্ৰহত সহায় কৰিব । পিটচখন বলাৰসকলৰ বাবে বিশেষ সহায়ক নহ’ব, গতিকে টছত জয়ী হোৱা দলটোৱে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত ল’ব লাগে কাৰণ লক্ষ্য খেদিবলৈ সহজ হ’ব ।

পঞ্জাব কিংছ (পি বি কে এছ)ৰ সম্ভাৱ্য মূল একাদশ :

প্ৰিয়ংশ আৰ্য, প্ৰভসিমৰন সিং, শ্ৰেয়াছ আয়েৰ, মাৰ্কাছ ষ্টয়নিছ, নেহাল ৱাধেৰা, গ্লেন মেক্সৱেল, শশাংক সিং, যশ ঠাকুৰ, অৰ্শদীপ সিং, লকি ফাৰ্গুচন, যুজবেন্দ্ৰ চাহাল ।

কলকাতা নাইট ৰাইডাৰ্ছৰ সাম্ভাব্য মূল একাদশ-

কুইণ্টন ডি কক, সুনীল নাৰিন, অজিংক্য ৰাহানে, ভেংকটেশ আয়াৰ, ৰিংকু সিং, মইন আলী, আন্দ্ৰে ৰাছেল, ৰমনদীপ সিং, হৰ্ষিত ৰানা, বৈভৱ অৰোৰা, বৰুণ চক্ৰৱৰ্তী ।

আজি ছাৱাই মানসিং ষ্টেডিয়ামত ৰাজস্থান-বেংগালুৰুৰ যুঁজ… বেটছমেন নে বলাৰ, কোন হ’ব লাভৱান

জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত আজি ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মাজত অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ ২৮ সংখ্যক মেচ । ঘৰুৱা খেলপথাৰত ১৮ সংখ্যক ছিজনৰ এইখন হ’ব ৰাজস্থানৰ প্ৰথমখন মেচ । এই মেচত খেলপথাৰৰ অৱস্থা কেনেকুৱা লগতে জানক ইয়াত আই পি এলৰ অভিলেখ আৰু দুয়োটা দলৰ হেড টু হেড ৰেকৰ্ড ।

এই মেচৰ পূৰ্বে ৰাজস্থান ৰয়েলছে ৫ খন মেচ খেলিছে, ইয়াৰে ২ খনত জয় আৰু ৩ খনত পৰাস্ত হৈছে । একে সময়তে ৰজত পাটিদাৰৰ অধিনায়কত্বত থকা আৰ চি বিৰ দলটোৱে একেৰাহে দুখন খেলত জয়লাভ কৰিছিল যদিও তাৰ পাছত দুখনত পৰাজয়ৰো সন্মুখীন হ’বলগীয়া হৈছে । বৰ্তমান ৫ খন মেচৰ ভিতৰত দলটোৱে ৩ খনত জয় আৰু ২ খনত পৰাস্ত হৈছে । পইণ্ট তালিকাত আৰ চি বি আৰু ৰাজস্থান ক্ৰমে ৫ম আৰু ৭ম স্থানত আছে ।

ছাৱাই মানসিং ষ্টেডিয়ামত আই পি এলৰ ৰেকৰ্ড-

জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত আই পি এলৰ মুঠ ৫৭খন খেল অনুষ্ঠিত হৈছে । প্ৰথম বেটিং কৰা দলটোৱে মাত্ৰ ২০ বাৰহে জয়লাভ কৰাৰ বিপৰীতে প্ৰথমে বলিং কৰা দলটোৱে ৩৭ বাৰ জয়লাভ কৰিছে । টছত জয়ী হোৱা দলটোৱে ইয়াত ৩০ বাৰ আৰু পৰাজিত দলে ২৭ বাৰ মেচত জয়লাভ কৰিছে ।

-ছাৱাই মানসিং ষ্টেডিয়ামত আই পি এলৰ সৰ্বোচ্চ স্ক’ৰঃ ২১৭/৬ (এছ আৰ এইচ বনাম আৰ আৰ)

-আই পি এলত সৰ্বাধিক ব্যক্তিগত স্ক’ৰঃ আৰ চি বিৰ হৈ বিৰাট কোহলী (১১৩ বনাম আৰ আৰ)

-আই পি এলৰ শ্ৰেষ্ঠ স্পেল: আৰ আৰৰ বাবে সোহেইল তনভিৰ (৬/১৪ বনাম চি এছ কে)

-সৰ্বোচ্চ সফল ৰান চেজ: ১৯৯ (আৰ আৰৰ বিৰুদ্ধে জি টি)

ৰাজস্থান ৰয়েলছ বনাম ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু হেড টু হেড-

আই পি এলত ৰাজস্থান আৰু বাংগালুৰুৰ মাজত মুঠ ৩২খন মেচ অনুষ্ঠিত হৈছে । ইয়াৰে বেংগালুৰুৱে ১৫ বাৰ আৰু ৰাজস্থানে ১৪ বাৰ জয় লাভ কৰিছে । ৰাজস্থানৰ বিৰুদ্ধে আই পি এলৰ সৰ্বোচ্চ স্ক’ৰ ২০০ । বেংগালুৰুৰ বিৰুদ্ধে ৰাজস্থানৰ সৰ্বোচ্চ স্ক’ৰ ২১৭ ।

ছাৱাই মানসিং ষ্টেডিয়ামৰ পিটচ ৰিপৰ্ট-

জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামৰ খেলপথাৰখন ক’লা মাটিৰে নিৰ্মিত । ইয়াত ৰান সংগ্ৰহ কৰাটো সহজ নহ’ব, অৱশ্যে ইয়াত দ্ৰুত বলাৰসকলক লক্ষ্য কৰি ডাঙৰ স্ক’ৰ লাভ কৰিব পৰা যাব । ইয়াত স্পীনাৰৰ বিৰুদ্ধে খেলাটো কঠিন হ’ব । ইয়াত ১৯০ পৰ্যন্ত স্ক’ৰ প্ৰথমে বেটিং কৰা দলটোৰ বাবে ভাল বুলি গণ্য কৰা হ’ব । টছত জয়ী হোৱাৰ পিছত ইয়াত প্ৰথমে বেটিং কৰাৰ সিদ্ধান্তটো উপযুক্ত হ’ব ।

অভিষেক শৰ্মাৰ বিধ্বংসী ৰূপ, হায়দৰাবাদৰ হৈ অৰ্জন কৰিলে বিস্ফোৰক শতক… বহু অভিলেখ ভংগ

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ খেলুৱৈ অভিষেক শৰ্মাৰ বিস্ফোৰক প্ৰদৰ্শন । আই পি এল ২০২৫ৰ ২৭ সংখ্যক মেচত পঞ্জাব কিংছৰ বিৰুদ্ধে দুৰ্দান্ত শতক অৰ্জন কৰে অভিষেকে । অভিষেকে মাত্ৰ ৪০টা বলত শতক সম্পূৰ্ণ কৰি বহু অভিলেখ ভংগ কৰে । এই ইনিংছত তেওঁ ছয় আৰু চাৰিৰ বৰষুণ নমায় । ট্ৰেভিছ হেডেও অভিষেকক সমৰ্থন কৰে কিন্তু ৬৬ ৰান সংগ্ৰহ কৰি আউট হয় তেওঁ ।

পঞ্জাব কিংছৰ বিৰুদ্ধে হায়দৰাবাদৰ হৈ অ’পেনিং কৰিবলৈ আহিছিল অভিষেক । এই সময়ছোৱাত তেওঁ ৫৫টা বলৰ সন্মুখীন হৈ ১৪১ ৰান সংগ্ৰহ কৰে । এই ইনিংছত অভিষেকে ১৪টা চাৰি আৰু ১০টা ছয় কোবাই । এই ইনিংছৰ আধাৰত তেওঁ বহু অভিলেখ ভংগ কৰে । আই পি এলত দ্ৰুততম শতক অৰ্জন কৰা ষষ্ঠজন খেলুৱৈ হিচাপে পৰিগণিত হৈছে অভিষেক । অভিষেকে মাত্ৰ ৪০টা বলত নিজৰ শতক সম্পূৰ্ণ কৰে ।

আই পি এলত দ্ৰুততম শতক-

৩০ বল – ক্ৰীছ গেইল (আৰ চি বি), ২০১৩

৩৭ বল – ইউছুফ পাঠান (আৰ আৰ), ২০১০

৩৮ বল – ডেভিদ মিলাৰ (পাঞ্জাব), ২০১৩

৩৯ বল – ট্ৰেভিছ হেড (হায়দৰাবাদ) বনাম আৰ চি বি, বেংগালুৰু, ২০২৪

৩৯ বল – প্ৰিয়ংশ আৰ্য্য (পাঞ্জাৱ) বনাম চি এছ কে, মল্লপুৰ, ২০২৫

৪০ বলত – অভিষেক শৰ্মা (হায়দৰাবাদ) বনাম পি বি কে এছ, হায়দৰাবাদ, ২০২৫*

নিকোলাছ পোৰাণৰ বিস্ফোৰক ইনিংছ… অন্তিম অভাৰত গুজৰাটৰ বিৰুদ্ধে লক্ষ্ণৌৰ জয়

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ ২৬ সংখ্যক মেচখনত লক্ষ্ণৌ ছুপাৰ জায়েন্টছ (এল এছ জি)য়ে গুজৰাট টাইটানছ (জি টি)ক ৬ উইকেটত পৰাস্ত কৰে । ১২ এপ্ৰিল (শনিবাৰ)ত লক্ষ্ণৌৰ ভাৰত ৰত্ন শ্ৰী অটল বিহাৰী বাজপেয়ী একনা ক্ৰিকেট ষ্টেডিয়ামত খেলা এই মেচখনত লক্ষ্ণৌ দলে ১৮১ ৰানৰ লক্ষ্য অনুসৰণ কৰি জয়লাভ কৰে, যিটো শেষ অভাৰত লাভ কৰে । চলিত ছিজনত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ ছখন মেচত এয়া চতুৰ্থটো জয় আছিল । আনহাতে, ৬খন মেচত গুজৰাট টাইটানছৰ এয়া আছিল দ্বিতীয়টো পৰাজয় ।

পোৰাণৰ ধুমুহাময় ইনিংছত বিধ্বস্ত গুজৰাট-

লক্ষ্য অনুসৰণ কৰা লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ আৰম্ভণি ভাল আছিল । অধিনায়ক ঋষভ পন্ট আৰু এইডেন মাৰ্ক্ৰামে একেলগে ৬.২ অভাৰত ৬৫ ৰান সংগ্ৰহ কৰে । পন্টক ‘ইমপেক্ট চাব’ প্ৰসিদ্ধ কৃষ্ণই ২১ ৰানত (১৮ বল, ৪ টা চাৰি)আউট কৰে । পণ্টৰ পিছত নিকোলাছ পোৰানে বেটিং কৰিবলৈ আহে আৰু তেওঁ ধুমুহাৰ গতিত ৰান সংগ্ৰহ কৰে । চাই কিশোৰৰ এটা অভাৰত পোৰানে তিনিটা ছয় কোবাই । ইফালে এইডেন মাৰ্ক্ৰামেও নিজৰ অৰ্ধ শতক সম্পূৰ্ণ কৰে । ফলত লক্ষ্ণৌৱে মাত্ৰ ১০ অভাৰতে ১১৪ ৰান সংগ্ৰহ কৰে ।

গুজৰাটে দ্বিতীয়টো ব্ৰেকথ্ৰু লাভ কৰে যেতিয়া প্ৰসিদ্ধ কৃষ্ণই এইডেন মাক্ৰামক আউট কৰে । মাৰ্ক্ৰামে ৯টা চাৰি আৰু এটা ছয়ৰ সহায়ত ৩১টা বলত ৫৮ ৰান সংগ্ৰহ কৰে । দ্বিতীয় উইকেটৰ বাবে মাক্ৰাম আৰু পোৰাণৰ মাজত ৫৮ ৰানৰ অংশীদাৰিত্ব গঢ়ি উঠে । মাক্ৰাম আউট হোৱাৰ কিছু সময়ৰ পাছতে নিকোলাছ পোৰানে ২৩টা বলত নিজৰ অৰ্ধ শতক সম্পূৰ্ণ কৰে । ৬১ ৰান সংগ্ৰহ কৰি ৰছিদ খানৰ বলত আউট হয় পোৰাণ । পোৰানে ৩৪টা বলৰ মুখামুখি হয় আৰু ৭টা ছয়ৰ লগতে এটা চাৰিটা কোবাই । ইয়াৰ পৰাই লক্ষ্ণৌৰ বাবে জয়ৰ পথ সহজ হৈ পৰে ।

শুভমন আৰু সুদৰ্শনৰ অৰ্ধ শতক, তাৰ পিছতে উইকেটৰ পতন-

টছত পৰাস্ত হোৱাৰ পাছত গুজৰাট টাইটানছে প্ৰথমে বেটিং কৰি ৬ উইকেটত ১৮০ ৰান সংগ্ৰহ কৰে । গুজৰাটৰ আৰম্ভণি ভাল আছিল । অধিনায়ক শুভমন গীল আৰু সাই সুদৰ্শনে একেলগে প্ৰথম উইকেটৰ বাবে ১২০ ৰানৰ অংশীদাৰিত্ব গঢ়ি তুলিছিল । এই অংশীদাৰিত্বৰ সময়ছোৱাত শুভমনে ৩১টা বলত নিজৰ অৰ্ধ শতক সম্পূৰ্ণ কৰে । আনহাতে সুদৰ্শনে ৩২টা বলত ৫০ ৰান কৰে । ত্ৰয়োদশ অভাৰত লক্ষ্ণৌৱে প্ৰথম সফলতা লাভ কৰে যেতিয়া শুভমন গীল ডাঙৰ শ্বট মাৰিবলৈ চেষ্টা কৰি থকা অৱস্থাত আৱেশ খানৰ বলত আউট হয় । শুভমনে ৬টা চাৰি আৰু এটা ছয়ৰ সহায়ত ৩৮টা বলত ৬০ ৰান সংগ্ৰহ কৰে ।

ইয়াৰ পাছতে স্পীনাৰ ৰবি বিষ্ণোইয়ে একেটা অভাৰতে ছাই সুদৰ্শন আৰু ৱাশ্বিংটন সুন্দৰক আউট কৰে । সুদৰ্শনে ৩৭টা বলত ৫৬ ৰান সংগ্ৰহ কৰে, য’ত আছিল ৭টা চাৰি আৰু এটা ছয় । আনহাতে সুন্দৰৰ বেটৰ পৰা ২ ৰান আহে । ইয়াৰ পাছতে উইকেটকীপাৰ বেটছমেন জোছ বাটলাৰেও ১৬ ৰান সংগ্ৰহ কৰি স্পীনাৰ দিগবেশ সিং ৰাথীৰ চিকাৰ হয় ।

ধাৰাবাহিকভাৱে উইকেটৰ পতনৰ বাবে গুজৰাট টাইটানছ ২০০ ৰানৰ সীমাৰ পৰা বহু দূৰত থাকে । গুজৰাট টাইটানছৰ ইনিংছৰ অন্তিম অভাৰত শ্বাৰফান ৰাদাৰফোৰ্ড (২২) আৰু ৰাহুল টেৱাটিয়া (০)ৰ উইকেট হেৰুৱায় । লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ হৈ শাৰদুল ঠাকুৰ আৰু ৰবি বিষ্ণোই দুটাকৈ উইকেট দখল কৰে । দিগবেশ সিং ৰাথী আৰু আবেশ খানে এটাকৈ সফলতা লাভ কৰে । গুজৰাটে মাত্ৰ ৮ অভাৰতে ৬০ ৰান সংগ্ৰহ কৰি ৬ টা উইকেট হেৰুৱাই ।

কিং কোহলীৰ আৰ চি বিৰ সন্মুখত আজি কেপ্তেইন ‘বাপু‘ৰ দিল্লী… জানক কোন কিমান শক্তিশালী

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত আজি অৰ্থাৎ ১০ এপ্ৰিলত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু দিল্লী কেপিটেলছৰ দল মুখামুখি হ’ব । দিল্লী কেপিটেলছে তিনিখন খেলৰ ভিতৰত তিনিওখন খেলত জয়লাভ কৰাৰ বিপৰীতে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৱে চাৰিখন খেলৰ ভিতৰত তিনিখন খেলত জয়লাভ কৰিছে । এনে পৰিস্থিতিত এই মেচত দুয়োটা দলৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা দেখা যাব । এই খেলখন বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ।

কলকাতা, চেন্নাই, মুম্বাইৰ দৰে দলক পৰাস্ত কৰিছে আৰ চি বিয়ে । ঘৰুৱা ক্ষেত্ৰত গুজৰাট টাইটানছৰ বিৰুদ্ধে দলটোৱে একমাত্ৰ পৰাজয়ৰ সন্মুখীন হৈছে । কিন্তু ঘৰুৱা দলটো আত্মবিশ্বাসেৰে ভৰি পৰিব কাৰণ বৰ্তমান তাৰকা বেটছমেন বিৰাট কোহলীৰ ফৰ্ম অতি উত্তম ।

কোহলী বনাম ষ্টাৰ্ক আৰু কুলদীপ-

৩৬ বছৰীয়া বিৰাট কোহলীয়ে মিচেল ষ্টাৰ্ক আৰু বাওঁহাতৰ ৰিষ্ট স্পীনাৰ কুলদীপ যাদৱৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব । টি-২০ত ষ্টাৰ্কৰ তুলনাত সামান্য আছে কোহলী কাৰণ তেওঁ ৩১টা বলত ৭২ ৰান সংগ্ৰহ কৰিছে যদিও অষ্ট্ৰেলিয়ান পেচাৰগৰাকীয়ে এই ছিজনত ভয়ংকৰ ফৰ্মত আছে । তিনিখন মেচত গড়ে ১১ ৰানত ৯টা উইকেট দখল কৰিছে ষ্টাৰ্কে ।ইয়াত আৰ চি বিৰ অধিনায়ক ৰজত পাটিদাৰেও ডাঙৰ ভূমিকা পালন কৰিব কাৰণ তেওঁ স্পীনৰ বিৰুদ্ধে খেলিব পৰা এজন উৎকৃষ্ট খেলুৱৈ ।

এই পৰ্যন্ত আই পি এলত আৰ চি বি আৰু দিল্লী কেপিটেলছৰ মাজত ৩১খন মেচ অনুষ্ঠিত হৈছে । ইয়াৰে আৰ চি বিয়ে ২০খন খেলত জয়লাভ কৰাৰ বিপৰীতে দিল্লী কেপিটেলছে ১১খন মেচত জয়লাভ কৰিছে ।

আৰ চি বিৰ সম্ভাৱ্য মূল একাদশ :

ফিল ছল্ট, বিৰাট কোহলী, দেৱদত্ত পদ্দিকল, ৰজত পাটিদাৰ (অধিনায়ক), লিয়াম লিভিংষ্টন, জিতেশ শৰ্মা (উইকেটকীপাৰ), টিম ডাভিদ, ক্ৰুনাল পাণ্ডিয়া, ভুৱনেশ্বৰ কুমাৰ, জোছ হেজলউড, যশ দয়াল, সুয়শ শৰ্মা ।

দিল্লী কেপিটেলছৰ সম্ভাৱ্য মূল একাদশ :

জেক ফ্ৰেজাৰ-মেকগাৰ্ক, কে এল ৰাহুল, অভিষেক পোৰেল, ট্ৰিষ্টান ষ্টাবছ, সমীৰ ৰিজভি, অক্ষৰ পেটেল (অধিনায়ক), আশুতোষ শৰ্মা, বিপ্ৰজ নিজৰাম, মিচেল ষ্টাৰ্ক, কুলদীপ যাদৱ, মোহিত শৰ্মা, মুকেশ কুমাৰ ।

ৰাজস্থানৰ বিৰুদ্ধে গুজৰাটৰ জয়লাভ… পইণ্ট টেবুলৰ শীৰ্ষত উপনীত শুভমন ব্ৰিগেড

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ২৩ সংখ্যক খেলখন বুধবাৰে গুজৰাট টাইটানছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত অনুষ্ঠিত হয় । এই মেচখন আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হয় । এই খেলখনত গুজৰাটে ৰাজস্থানক ৫৮ ৰানত পৰাস্ত কৰে ।

মেচখনত টছত জয়লাভ কৰাৰ পাছত ৰাজস্থানে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় । প্ৰথমে বেটিং কৰি গুজৰাটে ৰাজস্থানক ২১৮ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে । ছাই সুদৰ্শনে ৮২ ৰানৰ এক উজ্জ্বল ইনিংছ খেলে । ইয়াৰ প্ৰত্যুত্তৰত ৰাজস্থানে ১৯.২ অভাৰত মাত্ৰ ১৫৯ ৰানহে কৰিবলৈ সক্ষম হয় আৰু আটাইকেইটা উইকেট হেৰুৱাই পৰাজয়ৰ সন্মুখীন হয় । এই জয়ৰ জৰিয়তে গুজৰাটে ৫খন খেলত ৪ খনত জয় আৰু ১ খনত পৰাজয়ৰে পইণ্ট তালিকাৰ শীৰ্ষত উপনীত হয় । আনহাতে, পাঁচখন মেচত দুখনত জয় আৰু তিনিখনত পৰাজয়ৰে এতিয়া সপ্তম স্থানত আছে ৰাজস্থান দল ।

ৰাজস্থানৰ ইনিংছ-

২১৮ ৰানৰ প্ৰত্যুত্তৰত ৰাজস্থানৰ আৰম্ভণি ভাল নাছিল । দ্বিতীয় অভাৰতে যশস্বী জয়ছোৱাল আৰছাদ খানৰ বলি হয় । যশস্বীৰ বেটৰ পৰা মাত্ৰ ৬ ৰানহে আহে । ইয়াৰ পিছতে তৃতীয় অভাৰত এটা ৰান সংগ্ৰহ কৰি আউট হয় নীতিশ ৰানা । অৱশ্যে ইয়াৰ পিছত সঞ্জু চেমচন আৰু ৰিয়ান পৰাগে দলৰ ইনিংছৰ দায়িত্ব লয় ।

গুজৰাটৰ বেটিং-

প্ৰথমে বেটিং কৰিবলৈ অহা গুজৰাটৰ আৰম্ভণি ভাল নাছিল । তৃতীয় অভাৰতে জফ্ৰা আৰ্চাৰে গুজৰাটৰ অধিনায়ক গীলক বল্ড কৰে । সেই সময়ত গুজৰাটৰ স্ক’ৰ আছিল মাত্ৰ ১৪ ৰান । কিন্তু ইয়াৰ পিছত ছাই সুদৰ্শন আৰু জোছ বাটলাৰৰ মাজত এক উজ্জ্বল অংশীদাৰিত্বৰ সৃষ্টি হয় । বাটলাৰে বিস্ফোৰক বেটিং কৰে । দশম অভাৰত গুজৰাটৰ স্ক’ৰ ৯৪ ৰান হোৱাৰ সময়তে বাটলাৰৰ উইকেটৰ পতন ঘটে । ছাই সুদৰ্শনে ৮২ ৰানৰ বিস্ফোৰক ইনিংছ খেলে । শ্বাহৰুখ খানেও ৩৬ ৰান সংগ্ৰহ কৰে । পিছত ৰাহুল তেৱাতিয়াই শ্বৰ্ট ন’ক খেলে, যাৰ বাবে গুজৰাটে ৰাজস্থানৰ সন্মুখত ২১৮ ৰানৰ লক্ষ্য স্থাপন কৰে ।

নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আজি গুজৰাট-ৰাজস্থানৰ যুঁজ… জানক এই ষ্টেডিয়ামৰ আই পি এল অভিলেখ

আই পি এল ২০২৫ৰ ২৩ সংখ্যক মেচত আজি মুখামুখি হ’ব গুজৰাট টাইটানছ আৰু ৰাজস্থান ৰয়েলছ । নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামত আজি অনুষ্ঠিত হ’ব এই খেলখন । ইতিমধ্যে পইণ্ট তালিকাত দ্বিতীয় স্থানত আছে শুভমন গীল নেতৃত্বাধীন গুজৰাট আৰু সপ্তম স্থানত আছে সঞ্জু ছেমচন নেতৃত্বাধীন ৰাজস্থান ৰয়েলছ ।

শুভমন গীলৰ অধিনায়কত্বত থকা গুজৰাট টাইটানছ ৪খন মেচৰ ভিতৰত ৩খনত জয়লাভ কৰাৰ বিপৰীতে মাত্ৰ ১খন মেচত পৰাস্ত হৈছে । ৰাজস্থান ৰয়েলছ ৪ খন মেচৰ ভিতৰত ২ খনত জয় আৰু ২ খনত পৰাস্ত হৈছে । গীলৰ অধিনায়কত্বত থকা গুজৰাটৰ ঘৰুৱা খেলপথাৰত শক্তিশালী দেখা গৈছে । এই খেলপথাৰত এতিয়ালৈকে আই পি এল ২০২৫ত ২ খন মেচ খেলা হৈছে, তাৰ ভিতৰত গুজৰাটে এখন মেচত জয়ী আৰু এখনত পৰাস্ত হৈছে ।

আহমেদাবাদত আই পি এল ৰেকৰ্ড-

এই পৰ্যন্ত নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামত মুঠ ৩৭ খন আই পি এল মেচ অনুষ্ঠিত হৈছে । প্ৰথম বেটিং কৰা দলটোৱে ১৭ বাৰ আৰু প্ৰথমে বলিং কৰা দলটোৱে ২০ বাৰ জয় লাভ কৰিছে । টছত জয়ী হোৱা দলটোৱে ১৭ বাৰ আৰু পৰাজিত দলটোৱে ২০ বাৰ জয়লাভ কৰিছে । ইয়াত সৰ্বাধিক স্কৰ মুঠ ২৪৩, যিটো গুজৰাটৰ বিৰুদ্ধে পঞ্জাব কিংছে কৰিছিল । ইয়াত সৰ্বাধিক ব্যক্তিগত স্ক’ৰ হৈছে শুভমন গীলৰ, যি ২০১৩ চনত মুম্বাইৰ বিৰুদ্ধে ১২৯ ৰান সংগ্ৰহ কৰিছিল ।

২০২৫ চনৰ আই পি এলত নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামত ২ খন খেল অনুষ্ঠিত হৈছে । প্ৰথম বেটিং কৰা দলটোৱে দুয়োবাৰেই জয়লাভ কৰিছে । প্ৰথমখন খেলত পঞ্জাব কিংছে ১১ ৰাণত জয়লাভ কৰে আৰু দ্বিতীয়খন মেচত গুজৰাট টাইটানছৰ ৩৬ ৰানত জয়লাভ কৰে ।

নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামত বাউন্স হোৱা দেখা যাব, ই হ’ব বেটিং পিটচ য’ত ২০০ ৰান সংগ্ৰহ কৰাটো ডাঙৰ কথা নহ’ব । আজিৰ খেলখনত টছত জয়ী হোৱা অধিনায়কে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লোৱা উচিত, ইয়াত টাৰ্গেট অনুসৰণ কৰি জয়ী হোৱাটো অতি কঠিন । প্ৰথমে বেটিং কৰা দলটোৱে প্ৰায় ২১০ ৰান সংগ্ৰহ কৰা আৱশ্যক ।

পঞ্জাৱৰ তীক্ষ্ণ বলিঙৰ সন্মুখত চেন্নাইৰ আত্মসমৰ্পণ… চি এছ কেৰ একেৰাহে চতুৰ্থটো পৰাজয়

আই পি এল ২০২৫ত আজি পঞ্জাব কিংছ (পি বি কে এছ) আৰু চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ৰ মাজত অনুষ্ঠিত হোৱা খেলখনত চি এছ কে দলে একেৰাহে চতুৰ্থবাৰৰ বাবে পৰাজয়ৰ সন্মুখীন হয় । এই খেলখন নিউ চণ্ডীগড় (মুল্লানপুৰ)ৰ মহাৰাজা যাদবীন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল । য’ত পঞ্জাব কিংছৰ অধিনায়ক শ্ৰেয়াছ আয়াৰে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । প্ৰিয়ংশ আৰ্যৰ বিস্ফোৰক শতকৰ সহায়ত পঞ্জাবে চি এছ কেক ২২০ ৰানৰ লক্ষ্য বান্ধি দিছিল । ইয়াৰ প্ৰত্যুত্তৰত চেন্নাই দলে ২০১ ৰানতে ইনিংছ সমাপ্ত কৰিবলৈ বাধ্য হয় । লগে লগে পঞ্জাৱ দলে ১৮ ৰানত এই মেচখনত জয়লাভ কৰে ।

চেন্নাইৰ বেটিং-

২২০ ৰানৰ লক্ষ্যৰ প্ৰত্যুত্তৰত চেন্নাই ছুপাৰ কিংছে শক্তিশালী আৰম্ভণি কৰে । ৰাচিন ৰবিন্দ্ৰই ৩৬ ৰান সংগ্ৰহ কৰে যদিও গাইকোৱাদ ব্যৰ্থ হয় । সপ্তম অভাৰত আউট হয় ৰাচিন ৰবীন্দ্ৰ । ইয়াৰ পিছত গাইকৱাদ এক ৰান সংগ্ৰহ কৰি আউট হয় । ইয়াৰ পিছত কনৱে আৰু শিৱম ডুবেৰ মাজত ভাল অংশীদাৰিত্ব গঢ় লৈ উঠে । কনৱেইও পঞ্চাশ ৰান কৰে । ডুবে আউট হোৱাৰ পিছত ধোনীয়ে বেটিং কৰিবলৈ আহে । ধোনীয়ে ১২টা বলত ২৭ ৰান সংগ্ৰহ কৰে । কিন্তু চেন্নাইক জয়ী কৰাত ব্যৰ্থ হয় ধোনী । চেন্নাই দলে নিৰ্ধাৰিত ২০ অভাৰত ৫ উইকেট হেৰুৱাই মাত্ৰ ২০১ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।

পঞ্জাৱৰ ইনিংছ-

টছত জয়ী হৈ প্ৰথমে বেটিং কৰিবলৈ অহা পঞ্জাৱৰ আৰম্ভণি ভাল নাছিল । দ্বিতীয় অভাৰত মুকেশ চৌধাৰীয়ে আউট কৰে প্ৰভসীমৰণ সিঙক । প্ৰভসিমৰনে একাউণ্ট খোলাতো ব্যৰ্থ হয় । ইয়াৰ পিছত তৃতীয় অভাৰত আয়াৰো পেভিলিয়নমুখী হয় । তেওঁৰ বেটৰ পৰা মাত্ৰ ৯ ৰানহে আহে । মাৰ্কাছ ষ্টয়নিছেও ভাল প্ৰদৰ্শন কৰাত ব্যৰ্থ হয় । ইয়াৰ পাছতে অশ্বিনে একেটা অভাৰতে নেহাল বাধেৰা আৰু গ্লেন মেক্সৱেলক আউট কৰে । কিন্তু এটা মূৰত প্ৰিয়ংশ আৰ্যই উজ্জ্বল বেটিং কৰি মাত্ৰ ৩৯টা বলত শতক অৰ্জন কৰি দলক বিপৰ্যয়ৰ পৰা উদ্ধাৰ কৰে । একে সময়তে শশাংক সিঙেও বিস্ফোৰক বেটিং কৰে । ইয়াৰ বাবেই পঞ্জাবে চেন্নাই ছুপাৰ কিংছৰ সন্মুখত ২২০ ৰানৰ লক্ষ্য স্থিৰ কৰে ।

চলিত ছিজনত পঞ্জাব কিংছে তিনিখন খেলৰ ভিতৰত দুখন মেচত জয়লাভ কৰাৰ বিপৰীতে চি এছ কেয়ে চাৰিখন মেচৰ ভিতৰত মাত্ৰ এখন খেলত জয়লাভ কৰিছে । এই ছিজনত লক্ষ্য অনুসৰণ কৰি পৰাজয়ৰ হেট্ৰিক সম্পূৰ্ণ কৰিছে চি এছ কেয়ে ।