সুউচ্চ অট্টালিকাত বিধ্বংসী অগ্নিকাণ্ড; মৃত্যুৰ সংখ্যা ৪৪লৈ বৃদ্ধি

সুউচ্চ অট্টালিকাত বিধ্বংসী অগ্নিকাণ্ড

বুধবাৰে বিয়লি হংকঙৰ টাইপোৰ এটা বৃহৎ আৱাসিক কমপ্লেক্সত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনাই সমগ্ৰ বিশ্বক জোঁকাৰি গৈছে । ২০০০ ফ্লেটৰ আৱাসিক কমপ্লেক্স ৱাং ফুক ক’ৰ্টত সংঘটিত হোৱা এই বিধ্বংসী অগ্নিকাণ্ডই কেইবাটাও সুউচ্চ অট্টালিকা আগুৰি ধৰে । ঘটনাৰ পিছতে মাইলৰ পিছত মাইল জুৰি ধোঁৱাৰ ক’লা ডাৱৰ দেখা যায় । এই ঘটনাই ব্যাপক আতংকৰ সৃষ্টি কৰিছে । এই পৰ্যন্ত ঘটনাত ৪৪ জন লোকৰ মৃত্যু হৈছে আৰু ৩০০ জন লোক নিৰুদ্দেশ হৈছে বুলি জানিব পৰা গৈছে । ইতিমধ্যে উদ্ধাৰ অভিযান অব্যাহত আছে ।

প্ৰকাশিত বাতৰি অনুসৰি দুপৰীয়া, স্থানীয় সময় অনুসৰি প্ৰায় ২:৫১ বজাত এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটাৰ লগে লগে ৩১ মহলীয়া টাৱাৰটোৰ কেইবাটাও মহলালৈ জুই দ্ৰুতগতিত বিয়পি পৰে । পৰিস্থিতিৰ ভয়াৱহতাক লক্ষ্য কৰি অগ্নিনিৰ্বাপক সেৱা বিভাগে ইয়াক “লেভেল ৫ এলাৰ্ম ফায়াৰ” বুলি ঘোষণা কৰে, যিটো হংকঙৰ আটাইতকৈ গুৰুতৰ শ্ৰেণীৰ অগ্নিকাণ্ডৰ ঘটনা হিচাবে ধৰা হয় ।

হংকং চৰকাৰ আৰু অগ্নিনিৰ্বাপক সেৱা বিভাগে জনাইছে যে কিছু লোক এতিয়াও সুউচ্চ অট্টালিকাৰ ভিতৰত আবদ্ধ হৈ থাকিব পাৰে যদিও এতিয়াও চৰকাৰীভাৱে সংখ্যা প্ৰকাশ কৰা সম্ভৱ নহয় । ধোঁৱা, উচ্চতা আৰু ঠেক চিৰি উদ্ধাৰকাৰীসকলৰ বাবে ডাঙৰ প্ৰত্যাহ্বান হৈ থিয় দিছে ।

ঘটনাস্থলীত ৭০০ৰো অধিক অগ্নিনিৰ্বাপক বাহিনী-

ঘটনাস্থলীত ৭০০ৰো অধিক অগ্নিনিৰ্বাপক বাহিনীয়ে অবিৰতভাৱে জুই নিৰ্বাপন আৰু আৱদ্ধ হৈ পৰা লোকক উদ্ধাৰৰ বাবে কাম কৰি আছে । বহু স্থানত হাইড্ৰলিক জখলা ব্যৱহাৰ কৰি ওখ মহলাৰ পৰা পানী চটিওৱা হৈছে । লাইভ ফুটেজত দেখা গৈছে যে তীব্ৰ জুইৰ শিখা আৰু ঘন ধোঁৱাৰ মাজতো উদ্ধাৰ কৰ্মীয়ে নিজৰ জীৱনকো তুচ্ছ কৰি প্ৰৱেশ কৰিছে ।

লগতে পঢ়ক : হোৱাইট হাউচত হাহাকাৰ… গুলীচালনাৰ ঘটনাত আহত তিনিজন

অগ্নিকাণ্ডৰ পৰা ৰক্ষা পাবলৈ জঁপিয়ালে সপ্তম মহলাৰ পৰা; দুই সন্তানসহ পিতৃৰ মৃত্যু

অগ্নিকাণ্ডৰ পৰা ৰক্ষা পাবলৈ জঁপিয়ালে সপ্তম মহলাৰ পৰা

দ্বাৰকাত সংঘটিত হৈছে এক কৰুণ ঘটনা । অট্টালিকাৰ সপ্তম মহলাত থকা এটা ফ্লেটত সংঘটিত হোৱা অগ্নিকাণ্ডৰ পৰা ৰক্ষা পাবলৈ জঁপিওৱাত দুই সন্তানসহ মৃত্যু হয় পিতৃৰ । দ্বাৰকা ছেক্টৰ ১৩ৰ ছাবাদ ছ’চাইটি এম আৰ ভি স্কুলৰ সমীপৰ এটা অট্টালিকাত এই ঘটনা সংঘটিত হয় ।

লাভ কৰা তথ্য অনুসৰি জুইৰ পৰা নিজকে বচাবলৈ বেলকনিৰ পৰা জপিওৱাত এই তিনিজন লোকৰ মৃত্যু হয় । ইয়াৰে দুটি দহ বছৰীয়া শিশুক (এজন ল’ৰা আৰু এগৰাকী ছোৱালী) চিকিৎসালয়ত মৃত ঘোষণা কৰা হয় । পৰৱৰ্তী সময়ত তেওঁলোকৰ পিতৃ যশ যাদৱকো (৩৫) আই জি আই হাস্পতালত মৃত ঘোষণা কৰে । তেওঁ ফ্লেক্স বৰ্ডৰ ব্যৱসায়ত জড়িত আছিল ।

যশ যাদৱৰ পত্নী আৰু জ্যেষ্ঠ পুত্ৰ জুইৰ এই ঘটনাৰ পৰা ৰক্ষা পৰে । বৰ্তমান তেওঁলোক নিৰাপদে আছে । তেওঁলোকক ততাতৈয়াকৈ চিকিৎসাৰ বাবে আই জি আই হাস্পতাললৈ প্ৰেৰণ কৰা হয় । অট্টালিকাটোৰ সকলো বাসিন্দাক খালী কৰি বিদ্যুৎ আৰু পি এন জি সংযোগৰ দৰে সকলো সুবিধা বন্ধ কৰি দিয়া হৈছে । গাঁথনিগত স্থিৰতা মূল্যায়ন কৰিবলৈ ডি ডি এ আৰু এম চি ডিক অৱগত কৰা হৈছে । পৰিয়ালটোক সহায় কৰিবলৈ আকাশ আৰু আই জি আই দুয়োখন চিকিৎসালয়তে দল নিয়োগ কৰা হৈছে ।

লগতে পঢ়ক : আকৌ আহিব নেকি ছুনামি, ভূমিকম্প ! এইবাৰ তামিলনাডুৰ সমুদ্ৰ তীৰত পোৱা গ’ল ‘প্ৰলয় মাছ’

হোটেলত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা… ১৪ জনে হেৰুৱালে প্ৰাণ

মঙলবাৰে নিশা পশ্চিম বংগৰ কলকাতাৰ মেচুৱাপট্টি অঞ্চলৰ এখন হোটেলত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰল ঘটনা । এই দুৰ্ঘটনাত ১৫ জন লোকৰ মৃত্যু হয় । আনহাতে, ঘটনাত আন বহু লোক আহত হয় বুলি জানিব পৰা গৈছে । খবৰ লাভ কৰি ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে ।

কলকাতা আৰক্ষী আয়ুক্ত মনোজ কুমাৰ বামাই কয় যে, ৰ্নিশা প্ৰায় ৮:১৫ বজাত ঋতুৰাজ হোটেল চৌহদত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত বুৰাবজাৰৰ জনবহুল অঞ্চলটোত আতংকৰ সৃষ্টি হয় । অট্টালিকাটোৰ খিৰিকী আৰু সৰু সৰু দুৱাৰৰ মাজেৰে বহু লোকে প্ৰাণ ৰক্ষাৰ বাবে চেষ্টা কৰা দেখা যায় । এই সময়তে চতুৰ্থ মহলাৰ পৰা জপিয়াবলৈ চেষ্টা কৰিও বহু লোক আহত হয় । তেওঁ কয় যে ১৪টা মৃতদেহ উদ্ধাৰ কৰাৰ লগতে দলসমূহে কেইবাজনো লোকক উদ্ধাৰ কৰিছে ।

জুই নিয়ন্ত্ৰণলৈ অনাৰ লগতে উদ্ধাৰ অভিযান এতিয়াও অব্যাহত আছে বুলিও তেওঁ কয় । ঘটনা সন্দৰক্ভত অধিক তদন্ত অব্যাহত আছে । তদন্তৰ বাবে গঠন কৰা হৈছে বিশেষ দল । তেওঁ কয় যে এই অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । অৱশ্যে শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ।

১০খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে নিয়ন্ত্ৰণলৈ আনে জুই-

ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে ১০খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে । কিন্তু জনবহুল অঞ্চল হোৱাৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ বাহনসমূহ ঘটনাস্থলীত উপস্থিত হোৱাত অসুবিধা হোৱাৰ লগতে কৰ্মচাৰীসকলেও সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় । উল্লেখ্য যে বুৰা বজাৰ হৈছে পূব ভাৰতৰ সৰ্ববৃহৎ পাইকাৰী বজাৰ ।

নাইট ক্লাবত অগ্নিকাণ্ড…৫১ জন লোকৰ মৃত্যু, সংগীত কনচাৰ্টত আতচবাজীৰ ফলত ঘটিল অঘটন

দেওবাৰে পুৱা উত্তৰ মেচিডোনিয়াৰ দক্ষিণ চহৰ কোকানিৰ এটা নাইট ক্লাবত অগ্নিকাণ্ড সংঘটিত হয় । এই দুৰ্ঘটনাত ৫১ জন লোকৰ মৃত্যু হয় । আনহাতে ১০০ৰো অধিক লোক আহত হয় । জানিব পৰা মতে ক্লাবত সংগীত কনচাৰ্টৰ সময়ত আতচবাজীৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয় ।

মেচিডোনিয়াৰ মন্ত্ৰী পাঞ্চে টছকোভস্কিয়ে কয় যে দেওবাৰে পুৱা নাইট ক্লাব পালছত পপ গ্ৰুপৰ কনচাৰ্টৰ সময়ত এই অগ্নিকাণ্ড সংঘটিত হয় । ক্লাবটোলৈ অহা যুৱক-যুৱতীসকলে আতচবাজী ফুটাইছিল । যাৰ ফলত ক্লাবত জুই লাগে । ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এই ভিডিঅ’টোত ক্লাবৰ ভিতৰত দেখা গৈছে এক বিশৃংখল পৰিৱেশ ।

অগ্নিকাণ্ডৰ পিছত ক্লাবত বিশৃংখল পৰিৱেশৰ সৃষ্টি হয় । ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এই ভিডিঅ’টোত ক্লাবৰ পৰা জুইৰ শিখা উঠা দেখা গৈছে । জানিব পৰা মতে স্থানীয় সংগীত গোষ্ঠীৰ যুটিটোৱে মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিছিল । এই সময়তে একাংশ যুৱকে নাচি থকা অৱস্থাত ফটকা ফুটাই । ইয়াৰ বাবেই ছাদত জুই লাগে । ভিডিঅ’টোত মঞ্চৰ পৰা জুইৰ স্ফুলিংগ ওলাই অহা দেখা গৈছে ।

নিৰাপত্তা বাহিনী আৰু অগ্নিনিৰ্বাপক বাহিনী সেই স্থানত উপস্থিত হৈ জুই নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰে । জানিব পৰা মতে, অগ্নিকাণ্ড ইমানেই বিশাল আছিল যে অগ্নিনিৰ্বাপক বাহিনীয়ে কেইবা ঘণ্টা ধৰি কঠোৰ পৰিশ্ৰম কৰিছিল । মেচিডোনিয়াৰ কৰ্তৃপক্ষই এই অগ্নিকাণ্ডৰ কাৰণৰ তদন্ত অব্যাহত ৰাখিছে ।

মহাকুম্ভত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড; জ্বলি ছাই হ’ল ১৫ টাকৈ টেণ্ট

বিপদে যেন লগ নেৰা হৈছে মহাকুম্ভমেলাত। প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত পুনৰবাৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। কুম্ভ মেলাৰ চেক্টৰ-২২ত জুই লগাৰ ফলত কেইবাটাও টেণ্ট জ্বলি গৈছিল।

অৱশ্যে, অগ্নি নিৰ্বাপক বাহিনীয়ে সময়মতে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। এই অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই।ভয়ংকৰ অগ্নিকাণ্ডটোৰ কাৰণ এতিয়াও জানিব কৰা হোৱা নাই।

জুইৰ পিছতেই ভক্তসকলৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। বিষয়াসকলে ভক্তসকলক শান্তি বজাই ৰাখিবলৈ আহ্বান জনাইছে আৰু বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে।

মন কৰিব লগীয়া যে ইয়াৰ পূৰ্বেও মহাকুম্ভ মেলাত দুবাৰকৈ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল। কুম্ভ মেলাৰ চেক্টৰ ২ ত দুখন বাহনত জুই লগাৰ পিছত আতংকৰ সৃষ্টি হৈছিল।

ইফালে বুধবাৰে, অৰ্থাৎ যোৱা কালি, মৌনী অমাৱস্যা উপলক্ষে মহাকুম্ভত পদপৃষ্ট হৈ ৩০ জনতকৈও অধিক লোকৰ মৃত্যু হৈছিল।

লংকাৰ দৰে জ্বলি আছে লছ এঞ্জেলছ ; মৃত্যুৰ সংখ্যা ১৬ লৈ বৃদ্ধি

লছ এঞ্জেলছৰ জুইয়ে সমগ্ৰ আমেৰিকাক জোকাৰি গৈছে। প্ৰায় ৫ দিন ধৰি জ্বলি থকা জুই বাঢ়ি গৈ আছে। এই জুয়ে এতিয়া দক্ষিণ কেলিফৰ্ণিয়াকো আগুৰি ধৰিছে। পালিচাডেচ অৰণ্যৰ পৰা জুই পূবলৈ দ্ৰুতগতিত আগবাঢ়িছে।

গোটেই চহৰখন লংকাৰ দৰে অসহায়ভাৱে জ্বলি আছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা জুই নুমুৱাবলৈ কৰা প্ৰতিটো প্ৰচেষ্টা এতিয়ালৈকে অপৰ্যাপ্ত বুলি প্ৰমাণিত হৈছে। এই ভয়ংকৰ অগ্নিকাণ্ডত নিহতৰ সংখ্যা এতিয়া ১৬ লৈ বৃদ্ধি পাইছে।

আমেৰিকাই বনজুই নিৰ্বাপিত কৰিবৰ বাবে বিমানৰ জৰিয়তে পানী ছটিওৱা হৈছে। এই জুই কঢ়িয়াই অনাত আটাইতকৈ ডাঙৰ ভূমিকা পালন কৰিছে লছ এঞ্জেলছত প্ৰতি ঘণ্টাত প্ৰায় ১১০ কিলোমিটাৰ বেগত বলা বতাহে। তীব্ৰ বতাহৰ বাবে পৰিস্থিতি অধিক বেয়া হোৱাৰ আশংকা বৃদ্ধি কৰিছে।

যোৱা ২৪ ঘণ্টাত, পালিচাডেছৰ জুইত প্ৰায় ১,০০০ একৰ মাটি জ্বলি জ্বলি শেষ হৈছে। হাজাৰ হাজাৰ ঘৰ জ্বলি গৈছিল।

লছ এঞ্জেলছ কাউণ্টি চিকিৎসা পৰীক্ষকৰ কাৰ্যালয়ে জনোৱা অনুসৰি মঙলবাৰৰ পৰা লছ এঞ্জেলছ কাউণ্টি চুবুৰীয়া অঞ্চলত কমেও ১৬ জন লোকৰ মৃত্যু হৈছিল।

অগ্নি নিৰ্বাপক বিষয়াসকলে কৈছিল যে জুইৰ ফলত ১২,০০০ অট্টালিকা ক্ষতিগ্ৰস্ত বা ধ্বংস হৈছিল।কমেও ১৩ জন লোক সন্ধানহীন বুলি ধাৰণা কৰা হৈছে।  মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

কেল ফায়াৰৰ বিষয়া টড হপকিন্সে এখন সংবাদ সন্মিলনত কৈছিল যে পালিচাডেছৰ দাবানলৰ ১১% এতিয়া নিয়ন্ত্ৰণ কৰা হৈছে, কিন্তু ২২,০০০ একৰতকৈও অধিক জ্বলি শেষ গৈছে।

হপকিন্সে ৰাইজক সতৰ্ক কৰি দিছিল যে জুই যি বিপদজনক গতিত আগবাঢ়ি ছে, এনে লাগে যে পালিচাডেছৰ জুই মেণ্ডেভিল কেনিয়ন চুবুৰীয়াঅঞ্চললৈ বিয়পিব পাৰে আৰু এতিয়া ব্ৰেণ্টউড আৰু ফাৰ্নাণ্ডো উপত্যকাত উপস্থিত হ’ব পাৰে, য’ত চেলিব্ৰেটী আৰু তেওঁলোকৰ খেলপথাৰ আছে।

লছ এঞ্জেলছত ভয়ংকৰ অগ্নিকাণ্ড; জ্বলি ছাই হ’ল বহুতো তাৰকাৰ ঘৰ

দাউ দাউ কৈ জ্বলি উঠিছে সমগ্ৰ লছ এঞ্জেলছ। লছ এঞ্জেলছৰ ইতিহাসত এইটো আটাইতকৈ ডাঙৰ অগ্নিকাণ্ড। তীব্ৰ বতাহৰ ফলত অৰণ্যৰ পৰা অহা জুইয়ে চহৰখনৰ হাজাৰ হাজাৰ অট্টালিকা আগুৰি ধৰিছিল আৰু চাৰিওফালে ভয়ংকৰ জুই বিয়পি পৰিছিল। ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত গোটেই পৰ্বতটো ৰাতি জ্বলি থকা অঙঠাৰ দৰে ৰঙা দেখা গৈছে।

এই জুইৰ ফলত বনাঞ্চলৰ ৫ হাজাৰ হেক্টৰতকৈও অধিক এলেকা ক্ষতিগ্ৰস্ত হৈছে। জুইৰ ফলত প্ৰায় ১১০০ টা অট্টালিকা সম্পূৰ্ণৰূপে জ্বলি ছাই গৈছে আৰু ২৮ হাজাৰ ঘৰ ক্ষতিগ্ৰস্ত হৈছে। একে সময়তে, ৫ জন লোকৰ মৃত্যু হৈছে।

জুই ইমানেই ভয়ংকৰ আছিল যে লছ এঞ্জেলছৰ চাৰিওফালে কেৱল জুই দেখা গৈছে। ঘৰবোৰৰ পৰা জুই বাঢ়ি গৈছে।

প্ৰায় ৫০,০০০ লোকক লগে লগে তেওঁলোকৰ ঘৰ খালী কৰিবলৈ কোৱা হৈছে। একে সময়তে, প্ৰায় ৩ লাখ লোকক সুৰক্ষিত স্থানলৈ যাবলৈ নিৰ্দেশ দিয়া হৈছে। প্ৰশাসনে চহৰখনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে।

লছ এঞ্জেলছ আৰু ইয়াৰ আশে-পাশে সংঘটিত এই ভয়ংকৰ অগ্নিকাণ্ডত বিলি ক্ৰিষ্টাল, মেণ্ডি মূৰ আৰু পেৰিছ হিল্টনকে ধৰি প্ৰসিদ্ধ ব্যক্তিসকলৰ ঘৰ জ্বলি ছাই হৈছে।কেলিফৰ্ণিয়াৰ অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবৰ বাবে চেষ্টা চলাই আছে।

জুই মঙলবাৰে নিশা আৰম্ভ হৈছিল আৰু এতিয়াও নিয়ন্ত্ৰণলৈ অনা হোৱা নাই। অৰণ্যত ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত বহু তৰাৰ ঘৰৰ লগতে বহু বিদ্যালয়ো ইতিমধ্যে ধ্বংস হৈছে।

ব্যক্তিগত চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড ; এলিভেটৰত শ্বাসৰুদ্ধ হৈ ছয়জনৰ কৰুণ মৃত্যু

বৃহস্পতিবাৰে তামিলনাডুৰ ডিণ্ডিগুল জিলাৰ এখন ব্যক্তিগত চিকিৎসালয়ত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডটোৰ ফলত এটি শিশুসহ৬ জন লোক নিহত হয়।

জানিব পৰা মতে শ্বৰ্ট চাৰ্কিটৰ ফলত এই ভয়ংকৰ অগ্নিকাণ্ডটো সংঘটিত হয়। ঘটনাটোৰ পিছত অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ চিকিৎসালয়ৰ পৰা প্ৰায় ৩০ জন ৰোগীক উলিয়াই আনি জীৱন ৰক্ষা কৰে।

কিন্তু পিছত হে চিকিৎসালয়খনৰ লিফ্টত ৭ জন লোক আৱদ্ধ হৈ থকা বুলি জানিব পাৰে। ততাতৈয়াকৈ লোকসকলৰ উদ্ধাৰ কৰি ওচৰৰ আন এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁলোকক মৃত ঘোষণা কৰে। অগ্নিকাণ্ডটোৰ ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।