লুৰীণজ্যোতি গগৈৰ বিৰুদ্ধে অপৰাধমূলক মানহানিৰ গোচৰ ৰিণিকি ভূঞা শৰ্মাৰ
-অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ
-গোচৰ ৰুজু কৰিলে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ CMD ৰিণিকি ভূঞা শৰ্মাই
-কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়াধীশৰ আদালতত গোচৰ তৰিছে প্ৰাইড ইষ্টৰ CMD গৰাকীয়ে
-ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে লুৰীণজ্যোতি গগৈয়ে ভিত্তিহীন অভিযোগ উত্থাপন কৰাৰ অভিযোগ
-২৬ ছেপ্টেম্বৰত অজাপৰ সভাপতি গৰাকীয়ে ৰিণিকি ভূঞা শৰ্মাৰ গ’ল্ডেন থেড অফ আছামে ছিংগাপুৰত অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট ফেষ্টিভেলৰ ফেশ্বন শ্ব’ত অংশগ্ৰহণ কৰা বুলি অভিযোগ কৰিছিল
-ৰিণিকি ভূঞা শৰ্মাৰ হৈ অধিবক্তা কিশোৰ দত্তই অজাপৰ সভাপতিগৰাকীৰ অভিযোগ ভিত্তিহীন বুলি মন্তব্য কৰে
-নৰ্থ ইষ্ট ফেষ্টিভেলত গল্ডেন থ্ৰেডছে অংশগ্ৰহণ কৰা নাই বুলি মন্তব্য অধিবক্তাগৰাকীৰ
-৩০ অক্টোবৰত অনুষ্ঠিত হ’ব এই মানহানিৰ গোচৰৰ শুনানি
-ইয়াৰ পূৰ্বে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ বিৰুদ্ধে অপৰাধমূলক মানহানিৰ গোচৰ তৰিছিল ৰিণিকি ভূঞা শৰ্মাই
লগতে পঢ়ক : প্ৰসংগ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা; ১৩ গৰাকী বিশিষ্ট ব্যক্তিৰে আলোচনাত বহিব অসম আৰক্ষী









