অসামৰিক সেৱা দিৱসৰ শুভেচ্ছা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী মোদীৰ

অসামৰিক সেৱা দিৱসৰ শুভেচ্ছা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰতি বছৰে ২১ এপ্ৰিলত অসামৰিক সেৱা দিৱস পালন কৰা হয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে ১৮ সংখ্যক অসামৰিক সেৱা দিৱস উপলক্ষে সকলো অসামৰিক বিষয়াকে শুভেচ্ছা জ্ঞাপন কৰে । এক্সৰ এটা পোষ্টত ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে বিষয়াসকলে জনসেৱাৰ উচ্চমান অক্ষুণ্ণ ৰাখি এখন অধিক

প্ৰতি বছৰে ২১ এপ্ৰিলত অসামৰিক সেৱা দিৱস পালন কৰা হয়

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে ১৮ সংখ্যক অসামৰিক সেৱা দিৱস উপলক্ষে সকলো অসামৰিক বিষয়াকে শুভেচ্ছা জ্ঞাপন কৰে ।

এক্সৰ এটা পোষ্টত ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে বিষয়াসকলে জনসেৱাৰ উচ্চমান অক্ষুণ্ণ ৰাখি এখন অধিক সমতাপূৰ্ণ আৰু প্ৰগতিশীল ৰাষ্ট্ৰ গঢ়ি তোলাত অৰ্থপূৰ্ণ অৱদান আগবঢ়াই আহিছে । ৰাষ্ট্ৰপতিগৰাকীয়ে লিখিছে, “অসামৰিক সেৱা দিৱস উপলক্ষে সকলো অসামৰিক বিষয়াকে আন্তৰিক শুভেচ্ছা জনাইছো । আপোনালোকৰ প্ৰতিশ্ৰুতিয়ে সঁহাৰিমূলক শাসন ব্যৱস্থাক শক্তিশালী কৰি তুলিছে আৰু ৰাজহুৱা প্ৰতিষ্ঠানসমূহক সৱল কৰিছে । উদ্ভাৱনীমূলক, ভৱিষ্যতমুখী আৰু নাগৰিককেন্দ্ৰিক নীতি প্ৰণয়নৰ পৰা আৰম্ভ কৰি তৃণমূল পৰ্যায়ত সেইবোৰৰ কাৰ্যকৰী ৰূপায়ণলৈকে, আপোনালোকৰ কামে কোটি কোটি মানুহৰ জীৱনৰ মানদণ্ডত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায় ।”

পোষ্টটোত তেওঁ লগতে কয়, “ভাৰত যিহেতু নৱীকৃত আকাংক্ষাৰে আগবাঢ়িছে, সেয়েহে আপোনালোকৰ সততা আৰু সহমৰ্মিতা ব্যৱধান দূৰ কৰাত, অন্তৰ্ভুক্তি বৃদ্ধি কৰাত আৰু ৰাষ্ট্ৰ তথা নাগৰিকৰ মাজত বিশ্বাস শক্তিশালী কৰাত সহায়ক হ’ব । আপোনালোকে জনসেৱাৰ উচ্চমান অক্ষুণ্ণ ৰাখি এখন অধিক সমতাপূৰ্ণ আৰু প্ৰগতিশীল ৰাষ্ট্ৰ গঢ়ি তোলাত অৰ্থপূৰ্ণ অৱদান আগবঢ়াই যাওক ।”

আনহাতে, প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে অসামৰিক সেৱা দিৱস হৈছে “সুশাসন আৰু ৰাষ্ট্ৰ নিৰ্মাণ”ৰ বাবে কাম কৰাৰ সংকল্প অধিক দৃঢ় কৰাৰ এক সুযোগ । এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে লিখিছে, “অসামৰিক সেৱা দিৱস উপলক্ষে সকলো অসামৰিক বিষয়াকে শুভেচ্ছা জনাইছো । সুশাসন আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত কাম কৰাৰ সংকল্প পুনৰ শক্তিশালী কৰাৰ এয়া এক ক্ষণ । তৃণমূল পৰ্যায়ৰ পৰা নীতি নিৰ্ধাৰণলৈকে, অসামৰিক বিষয়াসকলৰ প্ৰচেষ্টাই অগণন জীৱন স্পৰ্শ কৰে আৰু ভাৰতৰ প্ৰগতিত অৱদান যোগায় । আমাৰ অসামৰিক বিষয়াসকলে উৎকৰ্ষতা, মমতা আৰু উদ্ভাৱনৰ সৈতে কৰ্তব্য পালনৰ উচ্চমান অক্ষুণ্ণ ৰাখি সেৱা আগবঢ়াই যাওক ।”

তেওঁ শাৰীৰ অন্তিমজন ব্যক্তিক উন্নয়নৰ মূলসুঁতিৰ সৈতে সংযোগ কৰি এক সবল, সমৃদ্ধিশালী আৰু সংবেদনশীল ভাৰত গঢ়ি তোলাৰ সংকল্প দোহাৰে । তেওঁ লিখিছে, “দেশসেৱাই হ’ল ‘বিকশিত ভাৰত’ৰ ভেটি । অসামৰিক সেৱা দিৱসৰ এই গৌৰৱোজ্জ্বল ক্ষণত, আহক আমি শাৰীৰ অন্তিমজন ব্যক্তিক উন্নয়নৰ মূলসুঁতিৰ সৈতে সংযোগ কৰি এখন সবল, সমৃদ্ধিশালী আৰু সংবেদনশীল ভাৰত গঢ়ি তোলাৰ সংকল্প পুনৰ দোহাৰো ।”

উল্লেখ্য যে, প্ৰতি বছৰে ২১ এপ্ৰিলত ‘অসামৰিক সেৱা দিৱস’ পালন কৰা হয় যাতে অসামৰিক বিষয়াসকলে নাগৰিকৰ স্বাৰ্থত নিজকে পুনৰ উৎসৰ্গা কৰিব পাৰে আৰু জনসেৱা তথা কামৰ উৎকৰ্ষতাৰ প্ৰতি থকা দায়বদ্ধতা পুনৰ নবীকৰণ কৰিব পাৰে ।

স্বাধীন ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলে ১৯৪৭ চনত দিল্লীৰ মেটকাফ হাউচত প্ৰশাসনিক সেৱাৰ বিষয়া প্ৰবেচনাৰসকলক সম্বোধন কৰা দিনটোক স্মৰণ কৰিবলৈ এই তাৰিখটো বাছনি কৰা হৈছে । তেওঁ অসামৰিক বিষয়াসকলক ‘ভাৰতৰ তীখাৰ গাঁথনি’ (Steel frame of India) বুলি অভিহিত কৰিছিল । ২০০৬ চনৰ ২১ এপ্ৰিলত নতুন দিল্লীৰ বিজ্ঞান ভৱনত প্ৰথমবাৰৰ বাবে এনে অনুষ্ঠান অনুষ্ঠিত হৈছিল ।

লগতে পঢ়ক : ইন্টাৰনেটত জগতত খলকনি তুলিছে প্ৰধানমন্ত্ৰী মোদীৰ ‘ঝালমুড়ি’ৰ ভিডিঅ’ই

শেহতীয়া প্ৰৱন্ধসমূহ