প্ৰধানমন্ত্ৰী কিষাণৰ ২৩তম কিস্তিৰ পূৰ্বে কৰক এই কাম!অন্যথা তালিকাৰ পৰা নোহোৱা হ’ব আপোনাৰ নাম

প্ৰধানমন্ত্ৰী কিষাণৰ ২৩তম কিস্তিৰ পূৰ্বে কৰক এই কাম!অন্যথা তালিকাৰ পৰা নোহোৱা হ’ব আপোনাৰ নাম

যদি আপুনি এইবাৰ প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ অধীনত ২৩ সংখ্যক কিস্তিৰ পৰা লাভৱান হ’ব বিচাৰে,তেন্তে কৃষক সকলে কেইটামান কাম এতিয়াই কৰি লওক। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ ২২ সংখ্যক কিস্তি লাভ কৰাৰ পিছত এতিয়া কৃষকসকলে ২৩ সংখ্যক কিস্তিৰ বাবে অপেক্ষা কৰি আছে।লাখ লাখ কৃষকে আগ্ৰহেৰে অপেক্ষা

যদি আপুনি এইবাৰ প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ অধীনত ২৩ সংখ্যক কিস্তিৰ পৰা লাভৱান হ’ব বিচাৰে,তেন্তে কৃষক সকলে কেইটামান কাম এতিয়াই কৰি লওক।

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ ২২ সংখ্যক কিস্তি লাভ কৰাৰ পিছত এতিয়া কৃষকসকলে ২৩ সংখ্যক কিস্তিৰ বাবে অপেক্ষা কৰি আছে।লাখ লাখ কৃষকে আগ্ৰহেৰে অপেক্ষা কৰি আছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ২৩ সংখ্যক কিস্তিৰ বাবে।

কেন্দ্ৰীয় চৰকাৰৰ এই অভিলাষী আঁচনিৰ অধীনত চৰকাৰে সমগ্ৰ দেশৰ কৃষকসকলক আৰ্থিক সাহায্য প্ৰদান কৰে।পি এম কিষাণ আঁচনিৰ অধীনত কৃষকসকলক তিনিটা কিস্তিত ৬ হাজাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। কিন্তু আঁচনিৰ পৰৱৰ্তী কিস্তি মুকলি হোৱাৰ পূৰ্বে কৃষকসকলে কৰি লওক এইকেইটা কাম, অন্যথা তেওঁলোকৰ কিস্তি আবদ্ধ হৈ থাকিব পাৰে।

প্ৰধানমন্ত্ৰী কিষাণ সন্মান যোজনাৰ অধীনত প্ৰায়ে হিতাধিকাৰীৰ নথিপত্ৰত সৰু সৰু ভুলৰ বাবে তালিকাত নাম খেলিমেলি হয়। ফলত কিস্তিৰ ধন আবদ্ধ হৈ পৰে।এনে পৰিস্থিতিত কৃষকসকলে নিজৰ তথ্য সময়মতে আপডেট কৰাটো অতি প্ৰয়োজনীয়।

এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ ই-কেৱাইচি অতি প্ৰয়োজনীয়।যিসকল কৃষকৰ ই-কেৱাইচি প্ৰক্ৰিয়া সম্পূৰ্ণ  হোৱা নাই, তেওঁলোকে পৰৱৰ্তী কিস্তিৰ সুবিধা লাভ কৰিব নোৱাৰিব। যদি আপুনি এতিয়াও ই-কেৱাইচি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা নাই, তেন্তে আপোনাৰ কিস্তিও আৱদ্ধ হৈ থাকিব পাৰে।

আঁচনিৰ কিস্তিৰ ধন আৱদ্ধ হৈ থকাৰ আন কাৰণ হ’ল আধাৰ কাৰ্ড আৰু বেংক একাউণ্টৰ সবিশেষৰ মিল নোহোৱা।কেতিয়াবা আধাৰ কাৰ্ড আৰু বেংকৰ ৰেকৰ্ডত কৃষকৰ নামৰ বানান বেলেগ হয় বা, আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক নকৰে।তেতিয়াও আপুনি প্ৰধানমন্ত্ৰী কিষাণ সন্মান যোজনাৰ লাভ নকৰিব।

যিসকল কৃষকৰ ভূমি সম্পৰ্কীয় তথ্য চৰকাৰী ৰেকৰ্ডত সঠিকভাৱে আপডেট কৰা হোৱা নাই বা যাৰ ভূমি ৰেকৰ্ড পৰীক্ষণ অসম্পূৰ্ণ, তেওঁলোকৰ নামো হিতাধিকাৰীৰ তালিকাৰ পৰা আঁতৰাই দিয়া হ’ব।

যদি আপুনি বিচাৰে যে আপোনাৰ কিস্তিৰ ধন কোনো ধৰণৰ বাধা নোহোৱাকৈ আপোনাৰ একাউণ্টত জমা কৰা হওক, তেন্তে তৎক্ষণাত পি এম কিছানৰ অফিচিয়েল ৱেবছাইট—pmkisan.gov.in—ত গৈ আপোনাৰ হিতাধিকাৰীৰ অৱস্থা পৰীক্ষা কৰক। ইয়াত আপুনি জানিব পাৰিব যে আপোনাৰ সকলো তথ্য শুদ্ধ হৈ আছে নে নাই।

লগতে পঢ়ক: অসামৰিক সেৱা দিৱসৰ শুভেচ্ছা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী মোদীৰ 

শেহতীয়া প্ৰৱন্ধসমূহ