জলছাৰ বাহিৰত অনুৰাগীক সাক্ষাৎ কৰি দীপাৱলীৰ শুভেচ্ছা অমিতাভ বচ্চনৰ

অনুৰাগীক দীপাৱলীৰ শুভেচ্ছা জনালে অমিতাভ বচ্চনে সমগ্ৰ দেশতে উলহ-মালহেৰে উদযাপন কৰা হৈছে দীপাৱলী । বলীউডৰ বহু তাৰকায়ো এই উৎসৱত সকলো অনুৰাগীক শুভেচ্ছা জনাইছে । “মেগাষ্টাৰ অৱ দ্য চেঞ্চুৰী” অমিতাভ বচ্চনেও অনুৰাগীক দীপাৱলীৰ শুভেচ্ছা জনাইছে । তেওঁ এক্সত সকলোকে পোহৰৰ উৎসৱৰ শুভকামনা জ্ঞাপন কৰে । ‘বিগ

অনুৰাগীক দীপাৱলীৰ শুভেচ্ছা জনালে অমিতাভ বচ্চনে

সমগ্ৰ দেশতে উলহ-মালহেৰে উদযাপন কৰা হৈছে দীপাৱলী । বলীউডৰ বহু তাৰকায়ো এই উৎসৱত সকলো অনুৰাগীক শুভেচ্ছা জনাইছে । “মেগাষ্টাৰ অৱ দ্য চেঞ্চুৰী” অমিতাভ বচ্চনেও অনুৰাগীক দীপাৱলীৰ শুভেচ্ছা জনাইছে । তেওঁ এক্সত সকলোকে পোহৰৰ উৎসৱৰ শুভকামনা জ্ঞাপন কৰে । ‘বিগ বি’য়ে নিজৰ ঘৰ জালছাৰ বাহিৰত অনুৰাগীক সাক্ষাৎ কৰি দীপাৱলীৰ শুভেচ্ছা জনাবলৈ বাহিৰলৈ ওলাই অহাও পৰিলক্ষিত হয় ।

দীপাৱলীৰ শুভেচ্ছা জনালে বিগ বিয়ে-

ছ’চিয়েল মিডিয়াত যথেষ্ট সক্ৰিয় অমিতাভ বচ্চনে নিজৰ আচৰণেৰে অনুৰাগীক আপ্লুত কৰিছে । দীপাৱলীৰ দৰে শুভ অনুষ্ঠানত অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰে বিগ বিৰ শুভেচ্ছাৰ বাবে । দেওবাৰে সমগ্ৰ দেশতে উদযাপন কৰা হয় সৰু দীপাৱলী । এই বিশেষ অনুষ্ঠানত বিগ বিয়ে তেওঁৰ অনুৰাগীসকলক সাক্ষাৎ কৰি তেওঁলোকৰ দিনটো আৰু অধিক বিশেষ কৰি তোলে ।

তেওঁৰ ঘৰৰ বাহিৰত শ শ অনুৰাগী সমবেত হোৱাৰ ফটো এক্স হেণ্ডেলযোগে শ্বেয়াৰ কৰে । টুপী আৰু জেকেট পিন্ধি বিগ বিয়ে অনুৰাকীক শুভেচ্ছা তথা কৃতজ্ঞতা প্ৰকাশ কৰে । অমিতাভ বচ্চনে দীপাৱলীৰ দিনা অনুৰাগীৰ বাবে সামাজিক মাধ্যমত লিখিছে, “দীপাৱলীৰ বহুত বহুত শুভেচ্ছা থাকিল ।”

লগতে পঢ়ক : দীপাৱলীৰ মাত্ৰ এদিন আগত পৰিনীতি চোপ্ৰাই দিলে ভাল খবৰ; পিতৃ হ’ল ৰাঘৱ চাড্ডা

শেহতীয়া প্ৰৱন্ধসমূহ