১৬ বছৰৰ তলৰ কোনো শিশু-কিশোৰে চলাব নোৱাৰিব ছচিয়েল মিডিয়া !  চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

১৬ বছৰৰ তলৰ কোনো শিশু-কিশোৰে চলাব নোৱাৰিব ছচিয়েল মিডিয়া !  চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

নিষিদ্ধ হ’ব ছচিয়েল মিডিয়া ! ২০২৬ চনৰ পৰা ১৬ বছৰৰ তলৰ কিশোৰ-কিশোৰীৰ বাবে ছচিয়েল মিডিয়া একাউণ্ট নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছে চৰকাৰে । অষ্ট্ৰেলিয়াকে ধৰি কেইবাখনো দেশে ডিজিটেল সুৰক্ষাৰ কঠোৰ নিয়ম কাৰ্যকৰী কৰালৈ চাই এই সিদ্ধান্ত লোৱা হৈছে । চাইবাৰ অপৰাধ, অনলাইন জালিয়াতি, যৌন শোষণৰ

নিষিদ্ধ হ’ব ছচিয়েল মিডিয়া !

২০২৬ চনৰ পৰা ১৬ বছৰৰ তলৰ কিশোৰ-কিশোৰীৰ বাবে ছচিয়েল মিডিয়া একাউণ্ট নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছে চৰকাৰে । অষ্ট্ৰেলিয়াকে ধৰি কেইবাখনো দেশে ডিজিটেল সুৰক্ষাৰ কঠোৰ নিয়ম কাৰ্যকৰী কৰালৈ চাই এই সিদ্ধান্ত লোৱা হৈছে । চাইবাৰ অপৰাধ, অনলাইন জালিয়াতি, যৌন শোষণৰ দৰে অনলাইন ভাবুকিৰ পৰা শিশু তথা কিশোৰ-কিশোৰীসকলক সুৰক্ষা দিয়াৰ লক্ষ্যৰে কেবিনেটে এই নতুন ডিজিটেল সুৰক্ষা ব্যৱস্থাত অনুমোদন জনাইছে ।

চৰকাৰে কয় যে তেওঁলোকে অষ্ট্ৰেলিয়া আৰু অন্যান্য দেশসমূহে গ্ৰহণ কৰা মডেলসমূহৰ বিষয়ে অধ্যয়ন কৰি আছে আৰু বয়স পৰীক্ষণৰ বাবে পৰিচয় পত্ৰ বা পাছপ’ৰ্ট ভিত্তিক ইলেক্ট্ৰনিক পৰীক্ষণ ব্যৱস্থাৰ কথা বিবেচনা কৰিছে । অৱশ্যে এই নিয়ম কাৰ্যকৰী হোৱাৰ সঠিক তাৰিখ এতিয়াও নিৰ্ণয় হোৱা নাই ।

অনলাইন সুৰক্ষাৰ ওপৰত চৰকাৰৰ গুৰুত্ব-

তথ্য সম্প্ৰচাৰ মন্ত্ৰীয়ে কয় যে চৰকাৰ, নিয়ন্ত্ৰক, অভিভাৱকে যদি দায়িত্বশীলভাৱে নিজৰ ভূমিকা পালন কৰে তেন্তে ইণ্টাৰনেটক শিশু, কিশোৰ-কিশোৰী আৰু পৰিয়ালৰ বাবে সুৰক্ষিত কৰি তুলিব পৰা যাব । তেওঁ জোৰ দি কয় যে দেশৰ ইণ্টাৰনেট সেৱা দ্ৰুত আৰু সুলভ মূল্যৰ হোৱাটো গুৰুত্বপূৰ্ণ যদিও আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল অনলাইন স্থান কিশোৰ-কিশোৰীৰ বাবে সুৰক্ষিত হৈ থকাটো ।

ছচিয়েল মিডিয়া প্লেটফৰ্মত কঠোৰ নিৰীক্ষণ-

দেশখনত চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা ৮০ লাখতকৈ অধিক ব্যৱহাৰকাৰী থকা সকলো ছচিয়েল মিডিয়া আৰু মেছেজিং প্লেটফৰ্মে বাধ্যতামূলক অনুজ্ঞাপত্ৰ প্ৰাপ্ত কৰিব লাগিব । এই অনুজ্ঞাপত্ৰপ্ৰাপ্ত প্লেটফৰ্মসমূহে বয়স পৰীক্ষণ, বিষয়বস্তু সুৰক্ষা ব্যৱস্থাপ্ৰণালী, আৰু স্বচ্ছ অপাৰেটিং নিয়মসমূহ মানি চলিব লাগিব । চৰকাৰে কয় যে ছচিয়েল মিডিয়াৰ তদাৰকী শক্তিশালী কৰাৰ লগতে ডিজিটেল জগতখনক অধিক সুৰক্ষিত কৰাৰ বাবে এই পদক্ষেপ প্ৰয়োজনীয় ।

উল্লেখ্য যে, মালয়েচিয়া চৰকাৰে শেহতীয়াকৈ ডিজিটেল সুৰাক্ষাৰ বাবে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ।

লগতে পঢ়ক : নিৰাপত্তা পৰিষদৰ সংস্কাৰ এতিয়া প্ৰয়োজনীয়ঃ প্ৰধানমন্ত্ৰী মোদীৰ দাবী