অথলে গ’ল মন্ধানা-হৰমনপ্ৰীতৰ কষ্ট; ৪ ৰানত পৰাস্ত ভাৰত

অথলে গ’ল মন্ধানা-হৰমনপ্ৰীতৰ কষ্ট দেওবাৰে আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ৰ ২০ নম্বৰ মেচখন ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে খেলিছিল।ইন্দোৰৰ হোলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ইংলেণ্ডে চাৰি ৰাণত জয়লাভ কৰে। এই জয়েৰে ইংলেণ্ডে ছেমি ফাইনেলত প্ৰৱেশ কৰে।ইতিমধ্যে অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাই শেষৰ চাৰি নম্বৰ স্থানত প্ৰৱেশ কৰিছিল।

অথলে গ’ল মন্ধানা-হৰমনপ্ৰীতৰ কষ্ট

দেওবাৰে আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ৰ ২০ নম্বৰ মেচখন ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে খেলিছিল।ইন্দোৰৰ হোলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ইংলেণ্ডে চাৰি ৰাণত জয়লাভ কৰে।

এই জয়েৰে ইংলেণ্ডে ছেমি ফাইনেলত প্ৰৱেশ কৰে।ইতিমধ্যে অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাই শেষৰ চাৰি নম্বৰ স্থানত প্ৰৱেশ কৰিছিল।

মেচখনত  জয়ী হ’বলৈ ভাৰতে ২৮৯ ৰানৰ লক্ষ্য লাভ কৰিছিল কিন্তু ৬ উইকেটত ২৮৪ ৰান কৰিয়েই দলটো থমকিব লগা হয়।  অথলে গ’ল মন্ধানা-হৰমনপ্ৰীতৰ কষ্ট; ৪ ৰানত পৰাস্ত ভাৰত

ভাৰতীয় দলটোৱে প্ৰথমে শ্ৰীলংকা আৰু তাৰ পিছত পাকিস্তানক পৰাস্ত কৰি দুৰ্দান্ত আৰম্ভণি কৰিছিল।ইয়াৰ পিছতে দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলত পৰাস্ত হয় ভাৰতীয় দল।

এতিয়া ইংলেণ্ডৰ হাততো পৰাজয়ৰ সন্মুখীন হয় ভাৰত।ভাৰতীয় দলটোৱে এতিয়া ২৩ অক্টোবৰত নিউজিলেণ্ড আৰু ২৬ অক্টোবৰত বাংলাদেশৰ বিৰুদ্ধে খেলিব।

লগতে পঢ়ক: প্ৰথমখন এদিনীয়াতে পৰাজয় টিম ইণ্ডিয়াৰ; ভাৰতৰ দুৰ্বল আৰম্ভণি