সপ্তমবাৰলৈ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদলৈ নিৰ্বাচিত ভাৰত

সপ্তমবাৰলৈ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদলৈ নিৰ্বাচিত ভাৰত

ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদলৈ নিৰ্বাচিত ভাৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ২০২৬-২৮ বৰ্ষৰ বাবে মানৱ অধিকাৰ পৰিষদলৈ ভাৰতক নিৰ্বাচিত কৰিছে । তিনি বছৰৰ কাৰ্যকালৰ বাবে বিনা বিৰোধীতাৰে মানৱ অধিকাৰ পৰিষদলৈ নিৰ্বাচিত হৈছে ভাৰত । উল্লেখ্য যে, এই সংস্থাটোলৈ ভাৰত একেৰাহে সপ্তমবাৰৰ বাবে নিৰ্বাচিত হৈছে । নিৰ্বাচন ঘোষণাৰ

ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদলৈ নিৰ্বাচিত ভাৰত

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ২০২৬-২৮ বৰ্ষৰ বাবে মানৱ অধিকাৰ পৰিষদলৈ ভাৰতক নিৰ্বাচিত কৰিছে । তিনি বছৰৰ কাৰ্যকালৰ বাবে বিনা বিৰোধীতাৰে মানৱ অধিকাৰ পৰিষদলৈ নিৰ্বাচিত হৈছে ভাৰত । উল্লেখ্য যে, এই সংস্থাটোলৈ ভাৰত একেৰাহে সপ্তমবাৰৰ বাবে নিৰ্বাচিত হৈছে ।

নিৰ্বাচন ঘোষণাৰ পিছত ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি পি হৰিশে কয় যে ইয়াৰ দ্বাৰা মানৱ অধিকাৰ আৰু মৌলিক স্বাধীনতাৰ প্ৰতি ভাৰতৰ অদম্য দায়বদ্ধতা প্ৰতিফলিত হৈছে । তেওঁ ছ’চিয়েল মিডিয়াত লিখিছে যে ভাৰতে তেওঁৰ কাৰ্যকালত এই লক্ষ্যসমূহ পূৰণৰ বাবে আগ্ৰহী আৰু সকলো দেশকে তেওঁলোকৰ সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।

উল্লেখ্য যে, মানৱ অধিকাৰ পৰিষদ হৈছে ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ, ইয়াত ৪৭খন সদস্য ৰাষ্ট্ৰ আছে । ২০০৬ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ইয়াক প্ৰতিষ্ঠা কৰিছিল, সেই বছৰতে ভাৰত প্ৰথমবাৰৰ বাবে ইয়াৰ সদস্য পদত নিৰ্বাচিত হৈছিল । পৰিষদৰ প্ৰধান কামসমূহ হ’ল বিশ্বজুৰি মানৱ অধিকাৰৰ প্ৰসাৰ, সদস্য ৰাষ্ট্ৰসমূহত ইয়াৰ মৰ্যাদা পৰ্যালোচনা কৰা আৰু আনুষংগিক বিষয়সমূহৰ ওপৰত আলোচনাৰ বাবে এক মঞ্চ প্ৰদান কৰা ।

লগতে পঢ়ক : ট্ৰাম্পৰ প্ৰচেষ্টাৰ শলাগ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে; নেতানিয়াহুক লৈয়ো কৰিলে বিশেষ মন্তব্য

শেহতীয়া প্ৰৱন্ধসমূহ