বিখ্যাত জৌকৌ উপত্যকাত সংঘটিত হোৱা বনজুই নিয়ন্ত্ৰণৰ বাবে ভাৰতীয় বায়ুসেনাই বৃহৎ সাহায্য অভিযান আৰম্ভ কৰে ।
নাগালেণ্ড আৰু মণিপুৰৰ সীমান্তত অৱস্থিত বিখ্যাত জৌকৌ উপত্যকাত সংঘটিত হোৱা বনজুই নিয়ন্ত্ৰণৰ বাবে ভাৰতীয় বায়ুসেনাই এক বৃহৎ সাহায্য অভিযান আৰম্ভ কৰে । প্ৰায় ৯,৫০০ ফুট উচ্চতাত অৱস্থিত এই দুৰ্গম অঞ্চলটোত বায়ুসেনাৰ Mi-17V5 হেলিকপ্টাৰে তিনিদিনৰ ভিতৰত প্ৰায় ৪০,০০০ লিটাৰ পানী বৰ্ষণ কৰে ।
এই অভিযানৰ সময়ত বায়ুসেনাই প্ৰচণ্ড বতাহ, কম দৃশ্যমানতা আৰু উচ্চ উচ্চতাৰ উৰণ আদি উল্লেখযোগ্য প্ৰত্যাহ্বানৰ সন্মুখীন হয় । এনে উচ্চতাত পাতল বতাহে হেলিকপ্টাৰখনৰ উত্তোলন ক্ষমতা প্ৰায় ২৫ৰ পৰা ৩০ শতাংশ হ্ৰাস কৰে, যাৰ ফলত পাইলটৰ ভূমিকা আৰু অধিক প্ৰত্যাহ্বানজনক হৈ পৰে ।
খবৰ অনুসৰি, Mi-17V5 হেলিকপ্টাৰত লগোৱা বেম্বি বাল্টি ব্যৱহাৰ কৰি এই অভিযান চলোৱা হয় । প্ৰতিটো বেম্বি বাল্টিয়ে ৩৫০০ লিটাৰলৈকে পানী কঢ়িয়াব পাৰে, যাৰ ফলত ই দ্ৰুতগতিত জুইত আক্ৰান্ত অঞ্চলত পানী পেলাব পাৰে যাতে জুই বিয়পিব নোৱাৰে ।
বায়ুসেনাই ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে, “য’ত বতাহ পাতল, সংকল্প শক্তিশালী । মণিপুৰৰ ৯,৫০০ ফুট উচ্চতাত ভাৰতীয় বায়ুসেনাৰ Mi-17V5 হেলিকপ্টাৰে তীব্ৰ বনজুই, প্ৰচণ্ড বতাহ আৰু কম দৃশ্যমানতাৰ বিৰুদ্ধে যুঁজি একেৰাহে তিনিদিন ৪০,০০০ লিটাৰ পানী যোগান ধৰিছিল । সংকটত সজাগ, কৰ্তব্যত অটল ।”
মণিপুৰৰ এই অভিযান উত্তৰ-পূব ভাৰতত চলি থকা ধাৰাবাহিক আকাশী অগ্নিনিৰ্বাপক অভিযানৰ অংশ । ইয়াৰ পূৰ্বেও অৰুণাচল প্ৰদেশৰ বনজুই নিৰ্বাপনৰ বাবে বায়ুসেনাই ১২ হাজাৰ লিটাৰ পানী বৰ্ষণ কৰিছিল ।
লগতে পঢ়ক : মণিপুৰত চৰকাৰ গঠনৰ তৎপৰতা ! সকলো এনডিএ বিধায়কক বিজেপি হাইকমাণ্ডৰ জৰুৰী তলব









