CRPFৰ প্ৰতিষ্ঠা দিৱসৰ পেৰেডত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্তৰ-পূৰ্বাঞ্চলত শান্তি ঘূৰাই অনাৰ ক্ষেত্ৰত বাহিনীটোৰ ভূমিকাৰ কথা উল্লেখ কৰে
শনিবাৰে অসমত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ (CRPF) ৮৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ পেৰেডত ভাষণ দি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সংঘাতজৰ্জৰ অঞ্চলসমূহ, বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলত শান্তি ঘূৰাই অনাৰ ক্ষেত্ৰত বাহিনীটোৰ ভূমিকাৰ কথা উল্লেখ কৰে । দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হোৱা গৃহমন্ত্ৰী অমিত শ্বাহে ভ্ৰমণৰ দ্বিতীয় দিনা সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত এই পেৰেডত অংশগ্ৰহণ কৰে । উল্লেখ্য যে, অসমত প্ৰথমবাৰৰ বাবে চিআৰপিএফৰ প্ৰতিষ্ঠা দিৱসৰ পেৰেড আয়োজন কৰা হৈছে ।
বাহিনীটোৰ জোৱানসকলৰ প্ৰশংসা কৰি শ্বাহে কয় যে দেশৰ বাবে চিআৰপিএফৰ জোৱানসকলে অভূতপূৰ্ব ত্যাগ স্বীকাৰ কৰিছে । তেওঁ উল্লেখ কৰে যে কৰ্তব্যৰত অৱস্থাত ২,২৭০ জন চিআৰপিএফ জোৱানে প্ৰাণ আহুতি দিছে, যাৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলত প্ৰায় ৭০০ জন, জম্মু-কাশ্মীৰত ৫৪০ জন আৰু অসমত ৭৯ জন জোৱান শ্বহীদ হৈছে ।
তেওঁ কয় যে জম্মু-কাশ্মীৰ, ঝাৰখণ্ড আৰু উত্তৰ-পূৰ্বাঞ্চলৰ দৰে অঞ্চলসমূহ এসময়ত অত্যন্ত অশান্ত এলেকা হিচাপে গণ্য কৰা হৈছিল, কিন্তু চিআৰপিএফকে ধৰি নিৰাপত্তা বাহিনীসমূহৰ প্ৰচেষ্টাত বৰ্তমান নিৰাপত্তা পৰিস্থিতিৰ যথেষ্ট উন্নতি হৈছে । তেওঁ লগতে উল্লেখ কৰে যে আৰম্ভণিৰ মাত্ৰ দুটা বেটেলিয়ানৰ পৰা বৰ্তমান চিআৰপিএফ ২৪৩ টা বেটেলিয়ানলৈ সম্প্ৰসাৰিত হৈছে আৰু ইয়াৰ মুঠ জোৱানৰ সংখ্যা ৩.৮৯ লাখতকৈও অধিক ।
পেৰেডত ভাষণ দি শ্বাহে কয় যে চিআৰপিএফ-এ ৮৬ বছৰীয়া ইতিহাসত কেতিয়াও উত্তৰ-পূৰ্বাঞ্চলত নিজৰ প্ৰতিষ্ঠা দিৱসৰ পেৰেড অনুষ্ঠিত কৰা নাছিল । তেওঁ কয় যে চৰকাৰে ২০১৯ চনত দেশৰ বিভিন্ন প্ৰান্তত এই বাৰ্ষিক পেৰেড আয়োজন কৰাৰ সিদ্ধান্ত লৈছিল আৰু এই অনুষ্ঠানটো এতিয়া অসমত অনুষ্ঠিত হোৱাৰ বাবে তেওঁ আনন্দ প্ৰকাশ কৰে ।
গৃহমন্ত্ৰী শ্বাহে কয় যে বিদ্ৰোহ দমন, বাওঁপন্থী উগ্ৰবাদ মোকাবিলা কৰা আৰু দেশৰ বিভিন্ন প্ৰান্তত নিৰাপত্তাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ ক্ষেত্ৰত চিআৰপিএফ-এ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । তেওঁ লগতে কয় যে স্পৰ্শকাতৰ অঞ্চলসমূহত আইন-শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত চিআৰপিএফ, বিএছএফ আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে উল্লেখযোগ্য অৱদান আগবঢ়াইছে ।
লগতে পঢ়ক : ‘মোদীৰ নাক কটাৰ ষড়যন্ত্ৰ ৰাহুল-প্ৰিয়ংকাৰ ঘৰত’; কংগ্ৰেছক তীক্ষ্ণ সমালোচনা দিলীপ শইকীয়াৰ









