গুৱাহাটীত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা আৰু ইউৰোপীয় ইউনিয়নৰ উচ্চস্তৰীয় প্ৰতিনিধি দলৰ গুৰুত্বপূৰ্ণ বৈঠক

গুৱাহাটীত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা আৰু ইউৰোপীয় ইউনিয়নৰ উচ্চস্তৰীয় প্ৰতিনিধি দলৰ গুৰুত্বপূৰ্ণ বৈঠক

খ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই গুৱাহাটী ভ্ৰমণলৈ অহা ইউৰোপীয় ইউনিয়নৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দলক উষ্ম আদৰণি জনায় অসমৰ উন্নয়নৰ যাত্ৰাত এক নতুন মাত্ৰা প্ৰদান কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই গুৱাহাটী ভ্ৰমণলৈ অহা ইউৰোপীয় ইউনিয়নৰ (EU) এটা উচ্চস্তৰীয় প্ৰতিনিধি দলক উষ্ম আদৰণি জনায় ।

খ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই গুৱাহাটী ভ্ৰমণলৈ অহা ইউৰোপীয় ইউনিয়নৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দলক উষ্ম আদৰণি জনায়

অসমৰ উন্নয়নৰ যাত্ৰাত এক নতুন মাত্ৰা প্ৰদান কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই গুৱাহাটী ভ্ৰমণলৈ অহা ইউৰোপীয় ইউনিয়নৰ (EU) এটা উচ্চস্তৰীয় প্ৰতিনিধি দলক উষ্ম আদৰণি জনায় । এই ভ্ৰমণকালত মুখ্যমন্ত্ৰী আৰু প্ৰতিনিধি দলটোৰ মাজত ভাৰত-ইউৰোপীয় ইউনিয়নৰ সম্পৰ্ক অধিক শক্তিশালী কৰা আৰু বিভিন্ন ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ।

“টীম ইউৰোপ”ৰ অসম ভ্ৰমণ

ভাৰতত নিযুক্ত ইউৰোপীয় ইউনিয়নৰ ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিনৰ নেতৃত্বত অহা এই প্ৰতিনিধি দলটোৱে “টীম ইউৰোপ” কাৰ্যসূচীৰ অংশ হিচাপে অসম ভ্ৰমণ কৰিছে । এই ভ্ৰমণৰ মূল উদ্দেশ্য হৈছে ৰাজ্যখনৰ বিভিন্ন গুৰুত্বপূৰ্ণ খণ্ডসমূহৰ মাজত সহযোগিতা আৰু বিনিয়োগৰ সম্ভাৱনীয়তা অন্বেষণ কৰা ।

বৈঠকৰ অন্তত সামাজিক মাধ্যম এক্স-ত সবিশেষ শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত ভাৰত আৰু ইউৰোপীয় ইউনিয়নৰ মাজত অংশীদাৰিত্ব গভীৰ কৰাৰ ক্ষেত্ৰত অসমে কি কি বিশেষ সুবিধা আগবঢ়াব পাৰে, সেই বিষয়ে প্ৰতিনিধি দলটোৰ সৈতে বিতংভাৱে মত বিনিময় কৰা হৈছে ।

তেওঁ কয়- “আদৰণীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত-ইউৰোপীয় ইউনিয়নৰ সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত অসমে আগবঢ়াব পৰা সুবিধাসমূহৰ সন্দৰ্ভত আমি আলোচনা কৰিলোঁ ।”

সহযোগিতাৰ মূল ক্ষেত্ৰসমূহ

এই উচ্চস্তৰীয় ভ্ৰমণত মূলতঃ কেইবাটাও গুৰুত্বপূৰ্ণ খণ্ডৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে :

-সেউজ আৰু নবীকৰণযোগ্য শক্তি

-বহনক্ষম নগৰীয়া আন্তঃগাঁথনি

-স্বাস্থ্যসেৱা আৰু ফাৰ্মাচিউটিকেলচ

-ছেমিকণ্ডাক্টৰ আৰু ইলেক্ট্ৰনিক্স উৎপাদন

-চাহ আৰু কৃষি-খাদ্য সংসাধন

-সুগন্ধি আৰু ফ্লেভাৰ উদ্যোগ

-আয়ুষ খণ্ড

এই ভ্ৰমণকালত প্ৰতিনিধি দলটোৱে কেৱল মুখ্যমন্ত্ৰীৰ সৈতেই নহয়, বৰঞ্চ ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়া আৰু অসমৰ আগশাৰীৰ ব্যৱসায়িক নেতাসকলৰ সৈতেও বৈঠকত মিলিত হ’ব । এই বৈঠকসমূহৰ জৰিয়তে অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে ইউৰোপীয় অংশীদাৰসকলৰ বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতা বৃদ্ধিৰ নতুন পথ মুকলি কৰাৰ প্ৰয়াস কৰা হ’ব ।

লগতে পঢ়ক : বিতৰণ হ’ল ড০ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ দপ্তৰ; কোন মন্ত্ৰীয়ে পালে কি বিভাগ

শেহতীয়া প্ৰৱন্ধসমূহ