ভাৰতীয় অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই ৱানখেড়ে ষ্টেডিয়ামত গ্ৰাউণ্ড ষ্টাফক ১০ লাখ টকাকৈ দি অনুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে।
হাৰ্দিক পাণ্ডিয়াৰ মহানুভৱতাই আকৌ এবাৰ প্ৰমাণ কৰিলে যে তেওঁ এগৰাকী ভাৰতীয় দলৰ অল-ৰাউণ্ডাৰেই নহয় বৰঞ্চ এজন বিশাল হৃদয়ৰ ব্যক্তিও হয়।দৰাচলতে ৱানখেড়ে ষ্টেডিয়ামত গ্ৰাউণ্ডমেনৰ বাবে হাৰ্দিকে এক হৃদয়স্পৰ্শী কাম কৰিছে।
কেইবামাহো আগতে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰি টি-২০ বিশ্বকাপ বিজয়ী এইগৰাকী অলৰাউণ্ডাৰে উপহাৰ হিচাপে তেওঁলোকক আৰ্থিক সাহায্য আগবঢ়াইছে।হাৰ্দিকে ৱানখেড়ে ষ্টেডিয়ামত গ্ৰাউণ্ডমেনৰ ১০ লাখ টকাৰ চেক দি আকৌ এবাৰ প্ৰদৰ্শন কৰিলে যে তেওঁ কিমান সৌজন্যশীল ব্যক্তি। আই পি এলৰ পূৰ্বে তেওঁৰ এই পদক্ষেপে অনুৰাগীৰ হৃদয় জয় কৰিছে।
দৰাচলতে, মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিকে টি-২০ ২০২৬ৰ বিশ্বকাপৰ বাবে ৱানখেড়ে ষ্টেডিয়ামত কেইবাদিনো প্ৰশিক্ষণ লৈছিল।এই খেলপথাৰত তেওঁ গভীৰ নিশালৈকে প্ৰশিক্ষণ লৈছিল, য’ত খেলপথাৰৰ কৰ্মচাৰীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
গ্ৰাউণ্ডমেনে এইটো নিশ্চিত কৰিলে যে হাৰ্দিকৰ যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ’ব নহয় আৰু কোনো বাধা নোহোৱাকৈ ষ্টেডিয়ামলৈ অহা-যোৱা কৰাৰ লগতে প্ৰয়োজনীয় সকলো সহায় লাভ কৰি থাকে।সেই সময়ত হাৰ্দিকে প্ৰতিশ্ৰুতি দিছিল যে এই সহায়ৰ বাবে তেওঁলোকক নিশ্চয়কৈ পুৰস্কৃত কৰিব। সেই প্ৰতিশ্ৰুতি পূৰণ কৰি গ্ৰাউণ্ড ষ্টাফক দিলে পুৰস্কাৰ। হাৰ্দিকে ৱানখেড়েলৈ বিশেষ ভ্ৰমণ কৰি গৈ সকলোৰে সৈতে ফটো উঠিছিল আৰু হাত মিলাই কৃতজ্ঞতা প্ৰকাশ কৰিছিল।
লগতে পঢ়ক: কিয় বাতিল হ’ল আই পি এল ২০২৬ৰ উদ্বোধনী অনুষ্ঠান ?









