১২খন ৰাজ্যত চলি থকা SIR প্ৰক্ৰিয়া সন্দৰ্ভত বৃহৎ সিদ্ধান্ত
নিৰ্বাচন আয়োগৰ পৰা এটা ভাল খবৰ আহিছে।নিৰ্বাচন আয়োগে ১২খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত চলি থকা SIR অৰ্থাৎ বিশেষ নিবিড় পুনৰীক্ষণৰ সময়সীমা বৃদ্ধি কৰিছে।
আয়োগে পূৰ্বৰ নিৰ্দেশ বাতিল কৰি সংশোধনী প্ৰক্ৰিয়াৰ তাৰিখ সলনি কৰাৰ সিদ্ধান্ত লৈছে।এতিয়া ১১ ডিচেম্বৰলৈকে এছ আই আৰ ফৰ্ম পূৰণ কৰিব পাৰিব।
সম্প্ৰতি দেশৰ ১২খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এছ আই আৰ চলি আছে।বুথ স্তৰৰ বিষয়া (BLO) সকলে ঘৰে ঘৰে গৈ নাগৰিকক এচ আই আৰ ফৰ্ম পূৰণ কৰিবলৈ দিছে।
ইয়াৰ পূৰ্বে এছ আই আৰ ফৰ্ম পূৰণৰ শেষ তাৰিখ আছিল ৪ ডিচেম্বৰ,যিটো এতিয়া ১১ ডিচেম্বৰলৈ বৃদ্ধি কৰা হৈছে।এতিয়া নাগৰিকে ভোটাৰ তালিকা আপডেট কৰিবলৈ অতিৰিক্ত সাত দিন পাব।
লগতে পঢ়ক: দিল্লীত এমচিডিৰ উপ-নিৰ্বাচনৰ ভোটদান আৰম্ভ; ভোটাৰলৈ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ বিশেষ আহ্বান









