ইণ্ডিগোৰ বিৰুদ্ধে কঠোৰ DGCA, বিমান সেৱা পাঁচ শতাংশ হ্ৰাস কৰাৰ সিদ্ধান্ত

ইণ্ডিগোৰ বিৰুদ্ধে কঠোৰ DGCA, বিমান সেৱা পাঁচ শতাংশ হ্ৰাস কৰাৰ সিদ্ধান্ত

অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে ইণ্ডিগোৰ বিৰুদ্ধে গ্ৰহণ কৰিছে কঠোৰ ব্যৱস্থা । ইণ্ডিগো এয়াৰলাইন্সৰ বিমান সেৱা পাঁচ শতাংশ হ্ৰাস কৰাৰ সিদ্ধান্ত অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ (DGCA) । দেশৰ সৰ্ববৃহৎ বিমান সংস্থা ইণ্ডিগোৱে দৈনিক প্ৰায় ২২০০খন বিমান চলায় । এই ব্যৱস্থা গ্ৰহণৰ ফলত সংস্থাটোৰ দৈনিক প্ৰায় ১১০খন

অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে ইণ্ডিগোৰ বিৰুদ্ধে গ্ৰহণ কৰিছে কঠোৰ ব্যৱস্থা ।

ইণ্ডিগো এয়াৰলাইন্সৰ বিমান সেৱা পাঁচ শতাংশ হ্ৰাস কৰাৰ সিদ্ধান্ত অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ (DGCA) । দেশৰ সৰ্ববৃহৎ বিমান সংস্থা ইণ্ডিগোৱে দৈনিক প্ৰায় ২২০০খন বিমান চলায় । এই ব্যৱস্থা গ্ৰহণৰ ফলত সংস্থাটোৰ দৈনিক প্ৰায় ১১০খন বিমান হ্ৰাস পাব । ১০ ডিচেম্বৰৰ ভিতৰত সংশোধিত সূচী দাখিল কৰিবলৈ কোৱা হৈছে বিমান সংস্থাটোক । জানিব পৰা মতে বিমান সংস্থাটোক এই বিষয়ে অৱগত কৰা হৈছে আৰু যিবোৰ বিমান হ্ৰাস কৰা হ’ব তাৰ তালিকা প্ৰস্তুত কৰা হৈছে ।

ডি জি চি এয়ে অসামৰিক বিমান পৰিৱহণ সংস্থাটোক দিয়া আনুষ্ঠানিক জাননীত উল্লেখ কৰা হৈছে যে ২০২৫ চনৰ নৱেম্বৰৰ শীতকালীন সময়সূচী অনুসৰি প্ৰতি সপ্তাহত ১৫,০১৪খন বিমান যাত্ৰা আৰু মুঠ ৬৪,৩৪৬খন বিমান যাত্ৰাৰ বাবে অনুমোদন দিয়া হৈছে । অৱশ্যে কাৰ্যকৰী তথ্য অনুসৰি ইণ্ডিগোৱে মাত্ৰ ৫৯,৪৩৮খন বিমানহে চলাইছিল । নৱেম্বৰ মাহত বিমান সংস্থাটোৰ ৯৫১খন বিমান বাতিল হৈছিল ।

জাননী অনুসৰি ২০২৫ চনৰ গ্ৰীষ্মকালীন সূচীৰ তুলনাত ইণ্ডিগোক শীতকালীন সময়সূচী ৬% বৃদ্ধিৰ অনুমতি দিয়া হৈছিল, যাৰ ফলত ৪০৩খন বিমান ব্যৱহাৰৰ অনুমতি দিয়া হৈছিল । কিন্তু ২০২৫ চনৰ অক্টোবৰ মাহত ৩৩৯খন আৰু ২০২৫ চনৰ নৱেম্বৰ মাহত ৩৪৪খন বিমানহে চলাব পাৰিছিল বিমান সংস্থাটোৱে ।

ডি জি চি এয়ে কয় যে ২০২৪ চনৰ শীতকালীন সূচীৰ তুলনাত বিমান সংস্থাটোৱে ৯.৬৬% আৰু এইবাৰৰ গ্ৰীষ্মকালীন সূচীৰ তুলনাত ৬.০৫% বিমান যাত্ৰা বৃদ্ধি কৰিছে যদিও এই সময়সূচী দক্ষতাৰে চলাব পৰা নাই ।

ডি জি চি এয়ে নিজৰ আদেশত কয় যে, “বিমান সংস্থাটোক বিশেষকৈ উচ্চ চাহিদা থকা বিমান যাত্ৰাত ৫% হ্ৰাস কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । তদুপৰি ইণ্ডিগোৱে যিকোনো পথত একক বিমান চলাচল বন্ধ কৰাটো এৰাই চলিব লাগে ।”

লগতে পঢ়ক : পুনৰ বিমান দুৰ্ঘটনা… বিদ্যুৎ পৰিবাহী তাঁৰৰ সৈতে সংঘৰ্ষ