আহি আছে কালঘূৰ্ণী মন্থা; আজি ওড়িশাৰ উপকূলত হানিব আঘাত

আহি আছে কালঘূৰ্ণী মন্থা কালঘূৰ্ণী মন্থাই মঙলবাৰে সন্ধিয়া প্ৰায় ৭ বজাত অন্ধ্ৰ প্ৰদেশ উপকূলত আঘাত হানে । ইয়াৰ পিছত ই মাচিলিপট্টনম আৰু কলিংগপট্টনমৰ মাজৰ কাকিনাদাৰ মাজেৰে পাৰ হৈ ঘণ্টাত ১০০ কিলোমিটাৰ পৰ্যন্ত বেগেৰে বলে । ইয়াৰ ফলত কেইবাটাও কিছু ক্ষয়-ক্ষতিৰ হোৱাৰ লগতে এগৰাকী মহিলাৰ মৃত্যু

আহি আছে কালঘূৰ্ণী মন্থা

কালঘূৰ্ণী মন্থাই মঙলবাৰে সন্ধিয়া প্ৰায় ৭ বজাত অন্ধ্ৰ প্ৰদেশ উপকূলত আঘাত হানে । ইয়াৰ পিছত ই মাচিলিপট্টনম আৰু কলিংগপট্টনমৰ মাজৰ কাকিনাদাৰ মাজেৰে পাৰ হৈ ঘণ্টাত ১০০ কিলোমিটাৰ পৰ্যন্ত বেগেৰে বলে । ইয়াৰ ফলত কেইবাটাও কিছু ক্ষয়-ক্ষতিৰ হোৱাৰ লগতে এগৰাকী মহিলাৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি বুধবাৰে পুৱা মন্থাই ওড়িশাত আঘাত হনাৰ সম্ভাৱনা আছে ।

বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, মঙলবাৰে পুৱা মন্থা তীব্ৰ ঘূৰ্ণীবতাহলৈ পৰিণত হয় । ইয়াৰ ফলত অন্ধ্ৰ প্ৰদেশ, তামিলনাডু, ওড়িশা আৰু পশ্চিম বংগৰ উপকূলীয় অঞ্চলত প্ৰচণ্ড বতাহৰ লগতে প্ৰচণ্ড ঢৌ আৰু বৰষুণৰ সৃষ্টি হয় । ইয়াৰ বাবে কমেও ৫২খন বিমান বাতিল কৰা হয় আৰু বিগত ২৪ ঘণ্টাত ১২০খন ৰে’ল বাতিল কৰা হৈছে ।

ইফালে অন্ধ্ৰ প্ৰদেশৰ কোনাছিমা জিলাৰ মকানাগুডেম গাঁৱত কালঘূৰ্ণী মন্থাৰ ফলত গছ বাগৰি এগৰাকী মহিলাৰ মৃত্যু হয় । প্ৰকাশিত বাতৰি অনুসৰি ৰাজ্যখনত ৩৮ হাজাৰ হেক্টৰ মাটিত থকা শস্য আৰু ১.৩৮ লাখ হেক্টৰৰ উদ্যান শস্য ধ্বংস হৈছে । প্ৰায় ৭৬ হাজাৰ লোকক সাহায্য শিবিৰলৈ স্থানান্তৰ কৰা হৈছে ।

ইফালে মন্থাৰ বাবে ওড়িশাৰ ১৫খন জিলাত স্বাভাৱিক জীৱনযাত্ৰা ক্ষতিগ্ৰস্ত হৈছে । মন্থাৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হোৱা ওড়িশা চৰকাৰে ইতিমধ্যে ৮০০টা সাহায্য কেন্দ্ৰ স্থাপন কৰিছে । উপকূলীয় অঞ্চলতো এন ডি আৰ এফৰ দলসমূহ সম্পূৰ্ণৰূপে সাজু হৈ আছে । মন্থাৰ পৰিপ্ৰেক্ষিতত সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে ৪৫টা দল নিয়োগ কৰা হৈছে । ইয়াৰে অন্ধ্ৰ প্ৰদেশত ১০টা, ওড়িশাত ৬টা, তামিলনাডু আৰু তেলেংগানাত ৩টাকৈ, ছত্তীশগড়ত ২টা আৰু পুডুচেৰীত ১টা দল নিয়োগ কৰা হৈছে । মানুহক সাগৰৰ ওচৰলৈ নাযাবলৈ পৰামৰ্শ দিয়া হৈছে । বুধবাৰে পুৱালৈকে ঘূৰ্ণীবতাহ ক্ষতিগ্ৰস্ত অঞ্চলৰ পথত যান-বাহনৰ চলাচল বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে ।

লগতে পঢ়ক : ১৭৫ বছৰৰ পাছত আকৌ আহিছে মেলিছা; ধ্বংসলীলাৰ সতৰ্কবাণী

শেহতীয়া প্ৰৱন্ধসমূহ