১৭৫ বছৰৰ পাছত আকৌ আহিছে মেলিছা; ধ্বংসলীলাৰ সতৰ্কবাণী

আকৌ আহিছে মেলিছা মঙলবাৰে জামাইকাত হাৰিকেন মেলিছাই স্থলভাগত প্ৰৱেশ কৰাৰ লগে লগে বিধ্বংসী ৰূপ ধাৰণ কৰে । কেৰিবিয়ানত এতিয়ালৈকে ৰেকৰ্ড হোৱা আটাইতকৈ শক্তিশালী হাৰিকেনে বুলি ধাৰণা কৰা হৈছে এই মেলিছাক । ৫ নং শ্ৰেণীৰ এই হাৰিকেনে জামাইকাৰ নিউ হোপ অঞ্চলৰ কাষ চাপি অহাৰ লগে লগে

আকৌ আহিছে মেলিছা

মঙলবাৰে জামাইকাত হাৰিকেন মেলিছাই স্থলভাগত প্ৰৱেশ কৰাৰ লগে লগে বিধ্বংসী ৰূপ ধাৰণ কৰে । কেৰিবিয়ানত এতিয়ালৈকে ৰেকৰ্ড হোৱা আটাইতকৈ শক্তিশালী হাৰিকেনে বুলি ধাৰণা কৰা হৈছে এই মেলিছাক । ৫ নং শ্ৰেণীৰ এই হাৰিকেনে জামাইকাৰ নিউ হোপ অঞ্চলৰ কাষ চাপি অহাৰ লগে লগে প্ৰতি ঘণ্টাত ২৯৫ কিলোমিটাৰতকৈ অধিক বেগেৰে বতাহ, প্ৰচণ্ড বৰষুণ আৰু সুউচ্চ ঢৌৱে অঞ্চলটোক আঘাত হানে ।

উপকূলীয় কেইবাখনো চহৰত ধুমুহাৰ প্ৰকোপত গছ-গছনি বাগৰি পৰে, বিদ্যুতৰ খুঁটা ভাঙি যাই আৰু শ শ ঘৰ পানীত বুৰ যায় । ইফালে আটাইতকৈ শোচনীয় পৰিস্থিতিৰ উদ্ভৱ হব পৰা ধুমুহা এতিয়াও আহিবলৈ বাকী বুলি সকীয়াই দিছে বিজ্ঢানীসকলে ।

প্ৰধানমন্ত্ৰীয়ে নিজৰ দেশবাসীক সকীয়াই দি কয় যে, “এই ধুমুহা জামাইকাৰ বাবে বিধ্বংসী হ’ব পাৰে । পৃথিৱীত এনে কোনো আন্তঃগাঁথনি নাই যিয়ে ৫ম শ্ৰেণীৰ হাৰিকেনক ক্ষতি নোহোৱাকৈ সহ্য কৰিব পাৰে ।” তেওঁ কয় যে জামাইকাৰ দক্ষিণ অঞ্চলত আটাইতকৈ বেছি ক্ষতি হ’ব, য’ত প্ৰচণ্ড বতাহ আৰু প্ৰচণ্ড বৰষুণ অব্যাহত আছে । প্ৰধানমন্ত্ৰীয়ে ৰাইজক ঘৰৰ ভিতৰতে থাকিবলৈ আৰু চৰকাৰী নিৰ্দেশনা কঠোৰভাৱে পালন কৰিবলৈ আহ্বান জনায় ।

ইফালে চৰকাৰে ৰাষ্ট্ৰীয় দুৰ্যোগ জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে । সকলো বিমানবন্দৰ বন্ধ কৰা হৈছে, ৰাজহুৱা পৰিবহণ সেৱা বন্ধ কৰা হৈছে আৰু দক্ষিণৰ জিলা যেনে কিংষ্টন, ছেইণ্ট এলিজাবেথ, ক্লেৰেণ্ডনত বাধ্যতামূলকভাৱে খালী কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে । লগতে ৮০০ৰো অধিক সাহায্য শিবিৰ সক্ৰিয় কৰা হৈছে ।

লগতে পঢ়ক : অন্ধ্ৰ প্ৰদেশৰ উপকূলত প্ৰৱেশ ঘূৰ্ণীবতাহ মন্থাৰ; কেইবাখনো জিলাত বৰষুণ আৰু প্ৰচণ্ড বতাহ