সাৱধানঃ ইন্ধনৰ উৰা বাতৰি বিয়পোৱাৰ বিৰুদ্ধে কঠোৰ অসম আৰক্ষী

সাৱধানঃ ইন্ধনৰ উৰা বাতৰি বিয়পোৱাৰ বিৰুদ্ধে কঠোৰ অসম আৰক্ষী

পেট্ৰ’লিয়ামজাত সামগ্ৰী তথা ইন্ধনক লৈ উৰা বাতৰি বিয়পোৱা সকলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ অসম আৰক্ষীৰ ৰন্ধন গেছকে ধৰি পেট্ৰ’লিয়ামজাত সামগ্ৰী তথা ইন্ধনক লৈ উৰা বাতৰি বিয়পোৱা সকলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে । ৰাজ্যখনত এলপিজি (LPG) আৰু অন্যান্য পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ নাটনি হোৱা বুলি

পেট্ৰ’লিয়ামজাত সামগ্ৰী তথা ইন্ধনক লৈ উৰা বাতৰি বিয়পোৱা সকলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ অসম আৰক্ষীৰ

ৰন্ধন গেছকে ধৰি পেট্ৰ’লিয়ামজাত সামগ্ৰী তথা ইন্ধনক লৈ উৰা বাতৰি বিয়পোৱা সকলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে । ৰাজ্যখনত এলপিজি (LPG) আৰু অন্যান্য পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ নাটনি হোৱা বুলি উৰাবাতৰি বিয়পোৱা লোকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি বৃহস্পতিবাৰে অসম আৰক্ষীয়ে সকীয়ানি প্ৰদান কৰিছে ।

এক্স (X)-ত এক পোষ্টৰ জৰিয়তে অসম আৰক্ষীয়ে জনাইছে যে LPG, পেট্ৰ’ল, ডিজেল আৰু অন্যান্য পেট্ৰ’লিয়াম সামগ্ৰীৰ অভাৱ সম্পৰ্কে বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰ কৰিবলৈ চেষ্টা কৰা যিকোনো ব্যক্তিয়ে কঠোৰ আইনী ব্যৱস্থাৰ সন্মুখীন হ’ব লাগিব । আৰক্ষীয়ে নাগৰিকসকলক এনে ধৰণৰ উৰা বাতৰিত বিশ্বাস নকৰিবলৈ বা আনলৈ প্ৰেৰণ নকৰিবলৈ আহ্বান জনাই কয় যে এই কাৰ্যই জনসাধাৰণৰ মাজত আতংক সৃষ্টি কৰিবলৈ ভুল তথ্য বিয়পাব পাৰে ।

আতংক আৰু ভুল তথ্য ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে এটা বিশেষ মিডিয়া নিৰীক্ষণ সমিতি গঠন কৰিছে । এই সমিতিয়ে গ্ৰাহকৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিব পৰা উৰাবাতৰি, বিভ্ৰান্তিকৰ প্ৰতিবেদন আৰু মিছা দাবীসমূহৰ ওপৰত চকু ৰাখিব ।

লগতে পঢ়ক : ইংলেণ্ড আৰু পাকিস্তানৰ উন্নতি হোৱাটো বিচাৰিব গৌৰৱ গগৈয়েঃ মুখ্যমন্ত্ৰীৰ মন্তব্য