পুনৰ টি-২০ ৰাজ সিংহাসনত টিম ইণ্ডিয়া
জিম্বাবুৱে ভ্ৰমণত থকা ভাৰতীয় ক্ৰিকেট দলৰ বিজয়ৰ ধাৰা অব্যাহত আছে । শৃংখলাৰ দ্বিতীয়খন টি-২০ মেচত আয়োজক জিম্বাবুৱেক ৯০ ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰি ভাৰতীয় দলে ৩ খন মেচৰ শৃংখলাটোত ২-০ ৰ অপৰাজেয় অগ্ৰগতি লাভ কৰিছে । এই অনবদ্য জয়েৰে ইংলেণ্ডৰ বিৰুদ্ধে ০-৪ ত শৃংখলা হাৰি হেৰুৱাবলগীয়া হোৱা আই চি চি (ICC) পুৰুষ T20I ৰেংকিং-ৰ নম্বৰ-১ স্থান পুনৰ দখল কৰিলে টি-২০ ৰ বিশ্ব চেম্পিয়ন ভাৰতে ।
মেচখনত প্ৰথমে বেটিং কৰি ভাৰতে নিৰ্ধাৰিত ২০ অভাৰত ২১৯ ৰাণৰ এক বিশাল লক্ষ্য থিয় কৰায় । আৰম্ভণিতে দুটা উইকেট হেৰুৱাই কিছু বিপদত পৰিছিল যদিও ঈশান কিষণ (৪৪ বলত ৮১ ৰাণ) আৰু অধিনায়ক শ্ৰেয়াছ আয়েৰে তৃতীয় উইকেটৰ যুটীত ৬৬ ৰাণ যোগ কৰি স্থিতি মজবুত কৰে । পৰৱৰ্তী সময়ত তিলক বাৰ্মাই মাত্ৰ ২৯ বলত অপৰাজিত ৬০ ৰাণৰ এক বিস্ফোৰক ইনিংছ উপহাৰ দিয়ে ।
২২০ ৰাণৰ বিজয় লক্ষ্য অনুসৰণ কৰিবলৈ জিম্বাবুৱেৰ বেটিং বিপৰ্যয় ঘটে । ভাৰতীয় বলৰসকলৰ নিয়ন্ত্ৰিত বলিং আক্ৰমণৰ মুখত পৰি ঘৰুৱা দলটোৰ ইনিংছ ১২৯ ৰাণতে সামৰণি পৰে । প্ৰথম মেচখনত বৈভৱ সূৰ্যবংশীৰ ধুমুহাময় বেটিং আৰু বলৰসকলৰ যৌথ প্ৰচেষ্টাত জয়ী হোৱা ভাৰতীয় দলটোৱে দ্বিতীয় মেচতো বেটিং, বলিং আৰু অধিনায়কত্ব- তিনিউটা বিভাগতে সুন্দৰ ভাৰসাম্য বজাই ৰাখি একত্ৰিত প্ৰদৰ্শন আগবঢ়ায় ।
উল্লেখ্য যে, T20 ক্ৰিকেটৰ বৰ্তমানৰ চেম্পিয়ন ভাৰতীয় দলটোৰ বাবে নম্বৰ-১ ৰেংকিঙলৈ প্ৰত্যাৱৰ্তন কৰাটো কেৱল সংখ্যাৰ খেল নহয় । ইংলেণ্ডৰ বিৰুদ্ধে শোচনীয় পৰাজয়ৰ পিছত দলটোৰ ওপৰত উত্থাপন হোৱা প্ৰশ্নসমূহৰ উত্তৰ ভাৰতীয় খেলুৱৈসকলে খেলপথাৰত দিছে । জিম্বাবুৱে ভ্ৰমণত এতিয়ালৈকে বেটিং, বলিং আৰু অধিনায়কত্ব- তিনিটা বিভাগতে দলটোৱে ভাৰসাম্যপূৰ্ণ প্ৰদৰ্শন আগবঢ়াইছে ।
লগতে পঢ়ক : দ্বিতীয় টি-২০ জিম্বাবৱেৰ বিৰুদ্ধে একচেটীয়া জয় ভাৰতৰ









