‘মন কি বাত’ত প্ৰধানমন্ত্ৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ বাৰ্তা

কাৰ্গিল দিৱসৰ পৰা বিজ্ঞানত নাম উজ্বলোৱালৈ…  ‘মন কি বাত’ত প্ৰধানমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ কথা  

‘মন কি বাত’ত প্ৰধানমন্ত্ৰী মোদীয়ে কাৰ্গিলৰ অমৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনায়।তেওঁ ‘কেচ দ্য ৰেইন’ আন্দোলন, বিজ্ঞান অলিম্পিয়াডত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ অসাধাৰণ প্ৰদৰ্শন, মহাকাশ খণ্ডৰ ভিতৰত ব্যক্তিগত উদ্ভাৱনৰ ক্ষেত্ৰত উল্লেখযোগ্য সাফল্যক অতিশয় প্ৰশংসা কৰে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মাহেকীয়া ৰেডিঅ’ কাৰ্যসূচী ‘মন কী বাত’ৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে।

‘মন কি বাত’ত প্ৰধানমন্ত্ৰী মোদীয়ে কাৰ্গিলৰ অমৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনায়।তেওঁ ‘কেচ দ্য ৰেইন’ আন্দোলন, বিজ্ঞান অলিম্পিয়াডত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ অসাধাৰণ প্ৰদৰ্শন, মহাকাশ খণ্ডৰ ভিতৰত ব্যক্তিগত উদ্ভাৱনৰ ক্ষেত্ৰত উল্লেখযোগ্য সাফল্যক অতিশয় প্ৰশংসা কৰে।

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মাহেকীয়া ৰেডিঅ’ কাৰ্যসূচী ‘মন কী বাত’ৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে। ২৬ জুলাইৰ ঐতিহাসিক গুৰুত্ব প্ৰতিফলিত কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰথমে কাৰ্গিল যুদ্ধৰ অমৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনায়। ইয়াৰ উপৰিও তেওঁ দেশত পানী সংৰক্ষণৰ বাবে চলি থকা ‘কেচ দ্য ৰেইন’ আন্দোলন, চাইন্স অলিম্পিয়াডত ভাৰতীয় যুৱক-যুৱতীসকলৰ চমকপ্ৰদ প্ৰদৰ্শন আৰু স্পেচ ছেক্টৰত ব্যক্তিগত উদ্ভাৱনৰ সাফল্যৰ ভূয়সী প্ৰশংসা কৰে।

সম্বোধনৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ জীৱনত এনে কিছুমান তাৰিখ থাকে যিবোৰ মনত ৰাখিবলৈ কেলেণ্ডাৰ চোৱাৰ প্ৰয়োজন নহয়, আৰু ২৬ জুলাই তেনেকুৱাই এটা ঐতিহাসিক তাৰিখ। ৰাষ্ট্ৰৰ বাবে জোৱান সকলে দিয়া আত্মত্যাগ কেতিয়াও পাহৰিব নোৱাৰি। আজি কাৰ্গিল বিজয় দিৱসৰ উপলক্ষে সমগ্ৰ দেশে আমাৰ বীৰ জোৱানসকলৰ শৌৰ্য আৰু বীৰত্বক প্ৰণাম জনাইছে।

পানী সংৰক্ষণৰ বিষয়ে ক’বলৈ গৈ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ‘কেচ দ্য ৰেইন’ অভিযানে এতিয়া এক ব্যাপক জন-আন্দোলনৰ ৰূপ লৈছে। তেওঁ দেশৰ বিভিন্ন প্ৰান্তত হোৱা তৃণমূল পৰ্যায়ৰ পৰিৱৰ্তনসমূহৰ উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মধ্যপ্ৰদেশৰ সিধি জিলাত প্ৰায় ১৫০০ টা নতুন পুখুৰী নিৰ্মাণ কৰা হৈছে, আনহাতে নৰসিংহপুৰত পুৰণি অমৃত সৰোবৰসমূহৰ সংস্কাৰ কৰি নতুন ৰূপ দিয়া হৈছে। ইয়াৰ উপৰিও মহাৰাষ্ট্ৰৰ নাছিকত বৃহৎ পৰিসৰত বৰষুণৰ পানী সংৰক্ষণৰ ক্ষমতা গঢ়ি তোলা হৈছে, আনহাতে অন্ধ্ৰপ্ৰদেশৰ নন্দ্যালত সকলো গ্ৰাম পঞ্চায়তে দৃষ্টান্ত স্থাপন কৰি একত্ৰিতভাৱে নিজৰ পুৰণি আৰু ঐতিহাসিক পুখুৰীবোৰ পুনৰুজ্জীৱিত কৰি পুনৰ ব্যৱহাৰযোগ্য কৰি তুলিছে।

স্পেচ ছেক্টৰত বেচৰকাৰী খণ্ডৰ অংশগ্ৰহণৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ প্ৰথমটো প্ৰাইভেট ৰকেট যুৱপ্ৰজন্মৰ দক্ষতা, উৎসাহ আৰু ধৈৰ্যৰ এক নিদৰ্শন। তেওঁ কয় যে যুৱক-যুৱতীসকলৰ স্বাৰ্থত স্পেচ ছেক্টৰক বেচৰকাৰী প্ৰতিষ্ঠানসমূহৰ বাবে মুকলি কৰি দিয়াৰ সিদ্ধান্তই এতিয়া সুফল দেখুৱাইছে। ভাষণৰ শেষত প্ৰধানমন্ত্ৰী গৰাকীয়ে কাশ্মীৰৰ পৰম্পৰাগত পাটী ‘ৱগু’ (Wagoo) সংৰক্ষণৰ প্ৰচেষ্টাক প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ‘মন কী বাত’ ভাষণত দেশত বৃদ্ধি পোৱা ক্ৰীড়া সংস্কৃতি আৰু যুৱপ্ৰজন্মৰ আন্তঃৰাষ্ট্ৰীয় সাফল্যৰ ভূয়সী প্ৰশংসা কৰে। শেহতীয়াকৈ গ্লাছগোত (Glasgow) আৰম্ভ হোৱা কমনৱেলথ গেমছত অংশগ্ৰহণ কৰা ভাৰতীয় দলটোক সমগ্ৰ দেশৰ হৈ শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে বিশ্ব মঞ্চত ভাৰতীয় খেলুৱৈসকলে অৰ্জন কৰা সফলতাৰ বিশেষভাৱে উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে বেডমিণ্টন তাৰকা পি ভি সিন্ধুৰ অভূতপূৰ্ব সফলতাৰ কথা উল্লেখ কৰি কয় যে তেওঁ ‘জাপান অ’পেন’ (Japan Open) খিতাপ অৰ্জন কৰি ইতিহাস ৰচনা কৰিছে। পি ভি সিন্ধু এই প্ৰতিষ্ঠিত খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় হৈ পৰিছে, যাৰ বাবে সমগ্ৰ দেশ অতি গৌৰৱান্বিত।

মহিলা ক্ৰিকেট দলৰ সুন্দৰ প্ৰদৰ্শনৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতীয় মহিলা দলে লণ্ডনৰ ঐতিহাসিক লৰ্ডছ (Lord’s) পথাৰত প্ৰথমখন টেষ্ট মেচ জিকি এক নতুন ইতিহাস ৰচনা কৰিছে। ভাষণৰ শেষত প্ৰধানমন্ত্ৰীয়ে কেৰালাৰ এৰ্নাকুলমৰ (সাউথ চিত্তুৰ) এখন বিদ্যালয়ৰ এক অনন্য পদক্ষেপৰ প্ৰশংসা কৰে। তাত থকা শিক্ষক অভিলাষ ডাঙৰীয়াই সংস্কৃত জনপ্ৰিয় কৰাৰ বাবে ‘অক্ষৰকন্দুক’ (Aksharakanduka) নামৰ এটা প্ৰজেক্ট আৰম্ভ কৰিছে। এই পদক্ষেপৰ অধীনত ফুটবল খেলত ব্যৱহাৰ কৰা শব্দবোৰ সংস্কৃত আখৰৰ সৈতে সংযোগ কৰি অত্যন্ত আকৰ্ষণীয় আৰু সহজ উপায়েৰে শিকোৱা হয়, যাৰ ফলত পঢ়া-শুনাৰ লগতে ক্ৰীড়াৰ প্ৰতিও শিশুসকলৰ আগ্ৰহ বৃদ্ধি পাইছে। আগন্তুক স্বাধীনতা দিৱসৰ বাবে সকলো দেশবাসীকে ‘হৰ ঘৰ তিৰংগা’ অভিযানত অংশগ্ৰহণ কৰিবলৈ আৰু MyGov-ত নিজৰ অমূল্য মতামত প্ৰকাশ কৰিবলৈ আহ্বান জনায়।

লগতে পঢ়ক: ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ