হৰমুজত এল পি জি টেংকাৰত মিছাইল আক্ৰমণ: ২৮ গৰাকী ভাৰতীয় নাৱিক সুৰক্ষিত

হৰমুজত এল পি জি টেংকাৰত মিছাইল আক্ৰমণ: ২৮ গৰাকী ভাৰতীয় নাৱিক সুৰক্ষিত

শুকুৰবাৰে ইৰানৰ ভূখণ্ডৰ জলসীমাৰ ভিতৰত হৰমুজ প্ৰণালীৰ সমীপত মোজাম্বিকৰ পতাকা থকা এল পি জি টেংকাৰ ‘দিশা’ক আক্ৰমণ কৰা হয়। শুকুৰবাৰে হৰমুজ প্ৰণালীৰ সমীপত ইৰাণৰ জলসীমাত মোজাম্বিকৰ পতাকা থকা এল পি জি টেংকাৰ ‘দিশা’ (আই এম অ’ নং ৮৮১৮২১৯)ক আক্ৰমণ কৰা হয়। জাহাজখনত ২৮ গৰাকী ভাৰতীয়

শুকুৰবাৰে ইৰানৰ ভূখণ্ডৰ জলসীমাৰ ভিতৰত হৰমুজ প্ৰণালীৰ সমীপত মোজাম্বিকৰ পতাকা থকা এল পি জি টেংকাৰ ‘দিশা’ক আক্ৰমণ কৰা হয়।

শুকুৰবাৰে হৰমুজ প্ৰণালীৰ সমীপত ইৰাণৰ জলসীমাত মোজাম্বিকৰ পতাকা থকা এল পি জি টেংকাৰ ‘দিশা’ (আই এম অ’ নং ৮৮১৮২১৯)ক আক্ৰমণ কৰা হয়। জাহাজখনত ২৮ গৰাকী ভাৰতীয় ক্ৰু মেম্বাৰ আছিল।ইৰানত থকা ভাৰতীয় দূতাবাসে নিশ্চিত কৰিছে যে সকলো ভাৰতীয় নাৱিক সুৰক্ষিত অৱস্থাত আছে। দূতাবাসে জনোৱা মতে, আক্ৰমণৰ পূৰ্বে জাহাজখনে দুৰ্দশাৰ সংকেত প্ৰেৰণ কৰিছিল আৰু অচিনাক্ত ক্ষেপণাস্ত্ৰই আক্ৰমণ কৰা বুলি জনাইছিল।

তেহৰানস্থিত ভাৰতীয় দূতাবাসে এই ঘটনাৰ সত্যতা স্বীকাৰ কৰি কয় যে তেওঁলোকে সংশ্লিষ্ট কতৃপক্ষৰ সৈতে যোগাযোগ ৰাখিছে আৰু সমগ্ৰ বিষয়টো নিৰীক্ষণ কৰি আছে। ভাৰতীয় দূতাবাসে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্স (X)-ত প্ৰকাশ কৰা এক বিবৃতিত কয় যে মোজাম্বিকৰ পতাকা থকা ‘দিশা’ নামৰ LPG টেংকাৰখনত এই আক্ৰমণ সংঘটিত হৈছিল, কিন্তু সকাহৰ কথাটো হ’ল ভাৰতীয় চালক দলৰ সকলো সদস্য সুৰক্ষিত হৈ আছে।

ভাৰতীয় সাগৰীয় কৰ্মীসকলৰ সংগঠন ‘ফৰৱাৰ্ড ছিমেন্স ইউনিয়ন অৱ ইণ্ডিয়া’ৰ মতে, এই আক্ৰমণ হৰমুজ প্ৰণালীৰ ওচৰত এটা অজ্ঞাত মিছাইলৰ দ্বাৰা কৰা হৈছিল। সেই সময়ত টেংকাৰখন পাৰস্য উপসাগৰৰ দিশে আগবাঢ়ি আছিল। অৱশ্যে এই আক্ৰমণত কাৰ হাত আছে, সেই বিষয়ে এতিয়ালৈকে কোনো আনুষ্ঠানিক নিশ্চিতকৰণ হোৱা নাই।

এই ঘটনাই বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ সামুদ্ৰিক ব্যৱসায়িক পথ হৰমুজ প্ৰণালীৰ নিৰাপত্তাক লৈ নতুন চিন্তাৰ সৃষ্টি কৰিছে। ইৰান আৰু ওমানৰ মাজত অৱস্থিত এই জলপথটো বিশ্বৰ শক্তি যোগানৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়।

লগতে পঢ়ক: ইৰাণত আমেৰিকাৰ ধাৰাবাহিক আক্ৰমণ: ত্ৰয়োদশ নিশাও বৰষিল বোমা

শেহতীয়া প্ৰৱন্ধসমূহ