ICC ODI Ranking: দপদপনি ভাৰতীয় বেটছমেনৰ!
ইংলেণ্ডৰ বিৰুদ্ধে শেহতীয়া এদিনীয়া শৃংখলাৰ পাছত প্ৰকাশ পোৱা ICC-ৰ শেহতীয়া বেটিং ৰেংকিত ভাৰতীয় বেটছমেনসকলৰ আধিপত্য অব্যাহত আছে । অধিনায়ক শুভমন গীল, বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই বিশ্বৰ শীৰ্ষ-৫ জন বেটছমেনৰ তালিকাত নিজৰ স্থান মজবুট কৰি ৰাখিছে । বিশেষকৈ, শুভমন গীলে বিশ্বৰ নম্বৰ-১ বেটছমেনৰ মুকুট পিন্ধাৰ পৰা মাত্ৰ এটা ৰেটিং পইণ্ট দূৰত আছে ।
বেটিং ৰেংকিং: গীলৰ চমকপ্ৰদ সফলতা
শুভমন গীল: ইংলেণ্ডৰ বিৰুদ্ধে ৩ খন খেলৰ এদিনীয়া শৃংখলাটোত ১৮৮ ৰান সংগ্ৰহ কৰি গীলৰ ৰেটিং পইণ্ট এতিয়া ৮০১ লৈ বৃদ্ধি পাইছে । তেওঁ শীৰ্ষস্থানত থকা নিউজীলেণ্ডৰ ডেৰিল মিচেল (৮০২ পইণ্ট)তকৈ মাত্ৰ ১ পইণ্ট পিছ পৰি দ্বিতীয় স্থানত আছে ।
বিৰাট কোহলী আৰু ৰোহিত শৰ্মা: ৭৬৭ ৰেটিং পইণ্টেৰে বিৰাট কোহলীয়ে তৃতীয় আৰু ৭৫৮ পইণ্টেৰে ৰোহিত শৰ্মাই চতুৰ্থ স্থান দখল কৰি আছে ।
শ্ৰেয়াছ আয়াৰ: ভাৰতৰ নতুন টি-২০ অধিনায়ক শ্ৰেয়াছ আয়াৰো ২ টা স্থান আগুৱাই এতিয়া ১৩ নম্বৰ স্থানত উপনীত হৈছে ।
ইংলেণ্ডৰ খেলুৱৈৰ স্থান-
জো ৰুট: ভাৰতৰ বিৰুদ্ধে ২৪৯ ৰান সংগ্ৰহ কৰি ‘প্লেয়াৰ অৱ দ্য চিৰিজ’ৰ খিতাপ পোৱা জো ৰুটে ৪ টা স্থানৰ জাঁপ মাৰি ৮ম নম্বৰলৈ উন্নীত হৈছে ।
বেন ডাকেট আৰু জেকব বেথেল: বেন ডাকেটে ১১ টা স্থান আগুৱাই যৌথভাৱে ১৯ নম্বৰ স্থান লাভ কৰাৰ বিপৰীতে জেকব বেথেলে ৫ টা স্থান আগুৱাই ৬৪ নম্বৰ স্থান লাভ কৰিছে ।
বলিং ৰেংকিং: কুলদীপৰ অৱনতি, আৰ্চাৰৰ উন্নতি
কুলদীপ যাদৱ: ভাৰতৰ তাৰকা স্পীনাৰ কুলদীপ যাদৱ শীৰ্ষ-১০ ৰ পৰা বাহিৰ হৈ ১১ নম্বৰ স্থানলৈ খহি পৰিছে ।
জোফ্ৰা আৰ্চাৰ: ভাৰতৰ বিৰুদ্ধে ৫ টা উইকেট দখল কৰা ইংলেণ্ডৰ দ্ৰুত বলৰ জোফ্ৰা আৰ্চাৰে এটা স্থান আগুৱাই ৩য় স্থান পালেগৈ ।
শীৰ্ষ স্থানত আফগানিস্তান: আফগানিস্তানৰ ৰাছিদ খানে এদিনীয়া বলাৰৰ তালিকাত শীৰ্ষস্থান ধৰি ৰাখিছে, আনহাতে আৰ্চাৰৰ ঠিক ওপৰতেই দ্বিতীয় স্থানত আছে পাকিস্তানৰ আব্ৰাৰ আহমেদ ।
লগতে পঢ়ক : ল’ব নেকি অৱসৰ ? লৰ্ডছত শতক অৰ্জন কৰি মৌনতা ভংগ ৰোহিত শৰ্মাৰ









