আমেৰিকাই একেৰাহে ১১ নিশা ইৰানৰ ওপৰত বিমান আক্ৰমণ চলাইছে।CENTCOM ৰ মতে, এইবাৰ এটা বিমানৰ হেংগাৰ, এটা ড্ৰোন সংৰক্ষণ স্থান, আৰু সামৰিক লজিষ্টিক সুবিধাসমূহ লক্ষ্য কৰি লোৱা হৈছিল।
ইৰান আৰু আমেৰিকাৰ মাজত অব্যাহত থকা যুদ্ধ দিনক দিনে অধিক তীব্র হৈ পৰিছে। আমেৰিকান সেনাই একেৰাহে ১১ নম্বৰ নিশা ইৰানৰ ওপৰত ভয়ংকৰ বিমান আক্ৰমণ চলায়। এই অপাৰেচনত ইৰানৰ এয়াৰক্ৰাফ্ট হেংগাৰ, ড্ৰোন ষ্ট’ৰেজ ছাইট, সামৰিক অপাৰেচন চেণ্টাৰ, সামুদ্ৰিক ক্ষমতা আৰু লজিষ্টিকছ আন্তঃগাঁথনিক লক্ষ্য কৰি লোৱা হৈছে। আমেৰিকাৰ দাবি অনুসৰি, এই আক্ৰমণসমূহৰ মূল উদ্দেশ্য হৈছে ইৰানৰ সামৰিক ক্ষমতাক দুৰ্বল কৰা আৰু হৰমুজ প্ৰণালীত জাহাজসমূহৰ প্ৰতি থকা বিপদ হ্ৰাস কৰা।
CENTCOM-এ জনায় যে বিগত তিনিটামান মাহত ইৰানে হৰমুজ প্ৰণালীৰে পাৰ হৈ যোৱা ৩০ খনতকৈও অধিক ব্যৱসায়িক জাহাজৰ ওপৰত আক্ৰমণ চলাইছে। এই আক্ৰমণসমূহৰ ফলত শ শ নাবিকৰ জীৱন সংকটত পৰিছিল আৰু আন্তর্জাতিক সামুদ্ৰিক ব্যৱসায় ব্যাহত হৈছিল। অৱশ্যে, আমেৰিকাই কয় যে ইমানবোৰ আক্ৰমণৰ পিছতো হৰমুজ প্ৰণালী এতিয়াও বাণিজ্যিক জাহাজসমূহৰ বাবে খোলা হৈ আছে।
ইফালে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে স্পষ্ট কৰি দিছে যে বৰ্তমান ইৰানৰ সৈতে আলোচনা কৰাত তেওঁৰ কোনো আগ্ৰহ নাই। তেওঁ ইংগিত দিয়ে যে আমেৰিকান সেনাই অতি সোনকালে ইৰানৰ সেইবোৰ অঞ্চলকো লক্ষ্য কৰি ল’ব পাৰে, যিবোৰ ইয়াৰ প্ৰধান ইউৰেনিয়াম সমৃদ্ধিকৰণ কেন্দ্ৰসমূহৰ ওচৰত অৱস্থিত।
আনফালে ইৰানো পিছহুঁহকি অহা নাই আৰু প্ৰত্যাক্ৰমণ চলাইছে। মঙলবাৰে তেওঁলোকে হৰমুজ প্ৰণালীত এখন তেলৰ টেংকাৰৰ ওপৰত আক্ৰমণ চলায়। ইয়াৰ উপৰিও বাহৰেইন আৰু কুৱেইটতো মিছাইল আক্ৰমণৰ সতৰ্কবাণী হিচাপে ছাইৰেন বাজি উঠিছে।
এই যুদ্ধৰ প্ৰভাৱ এতিয়া বিশ্ব অৰ্থনীতিৰ ওপৰতো স্পষ্টকৈ দেখা গৈছে। আন্তৰ্জাতিক বজাৰত অপৰিষ্কৃত তেলৰ (Crude Oil) মূল্য প্ৰতি বেৰেলত ৯১ ডলাৰৰ ওপৰলৈ গৈছে, আনহাতে আমেৰিকাত পেট্ৰ’লৰ গড় মূল্য প্ৰতি গ্যালনত প্ৰায় ৪ ডলাৰ হৈছেগৈ।
ইফালে ‘এচ’ছিয়েটেড প্ৰেছ’ৰ (AP) ৰিপৰ্ট অনুসৰি, ইৰানৰ সৈতে চলি থকা এই সংঘাতত আহত আমেৰিকান সৈনিকৰ সংখ্যা ৫০০ ৰো অধিক হৈছেগৈ। আমেৰিকাত মধ্যৱৰ্তীকালীন নিৰ্বাচন (Midterm Elections) কাষ চাপি অহাৰ সময়তে বৃদ্ধি পোৱা সামৰিক কাৰ্যসূচী আৰু ইন্ধনৰ বৰ্ধিত মূল্যক লৈ চৰকাৰৰ ওপৰত ৰাজনৈতিক চাপো বৃদ্ধি পাইছে।
লগতে পঢ়ক: “আমাৰ হাতত ব্লেড থাকিব আৰু আপোনালোকৰ ডিঙি”; ইৰানৰ ৰাষ্ট্ৰপতি আৰু বৈদেশিক মন্ত্ৰীক মৃত্যুৰ ভাবুকি









