জনপ্ৰিয়তাৰ শীৰ্ষত থকা ফুটবল বিশ্বকাপত এইবাৰ পুৰস্কাৰৰ ধনে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে
ফুটবল বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া মহোৎসৱ ফিফা বিশ্বকাপ ২০২৬ এতিয়া চূড়ান্ত পৰ্যায়ত উপনীত হৈছে । অহা ২০ জুলাইৰ মাজনিশা, অৰ্থাৎ ভাৰতীয় সময় অনুসৰি নিশা ১২:৩০ বজাত আৰ্জেণ্টিনা আৰু স্পেইনৰ মাজত অনুষ্ঠিত হ’বলগীয়া মেগা ফাইনেলক লৈ সমগ্ৰ বিশ্বতে তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । কিন্তু এই ক্ৰীড়া প্ৰতিযোগিতাৰ মাজতে আটাইতকৈ চৰ্চিত বিষয় হৈ পৰিছে এইবাৰৰ বিশ্বকাপৰ পুৰস্কাৰৰ ধন । ফুটবল বিশ্বৰ ইতিহাসত এইবাৰেই প্ৰথমবাৰৰ বাবে ফিফাই খেলুৱৈ আৰু দলসমূহৰ বাবে মুকলি কৰি দিছে এক বিশাল ধনৰ ভঁৰাল ।
প্ৰাইজ পুলত ৫০% বৃদ্ধি: সৰ্বমুঠ ৮৩,৮৬৬ কোটি টকা
জনপ্ৰিয়তাৰ শীৰ্ষত থকা ফুটবল বিশ্বকাপত এইবাৰ পুৰস্কাৰৰ ধনে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে । ফিফাই ২০২৬ বিশ্বকাপৰ বাবে ৮৭১ নিযুত (মিলিয়ন) আমেৰিকান ডলাৰৰ এক ঐতিহাসিক প্ৰাইজ পুল ধাৰ্য কৰিছে, যাৰ ভাৰতীয় মূল্য হৈছে প্ৰায় ৮৩,৮৬৬ কোটি টকা । উল্লেখ্য যে এইবাৰ বিশ্বকাপত দলৰ সংখ্যা ৩২ টাৰ পৰা ৪৮ টালৈ বৃদ্ধি কৰাৰ বাবে পুৰস্কাৰৰ ধনৰ পৰিমাণ পূৰ্বৰ তুলনাত প্ৰায় ৫০ শতাংশ পৰ্যন্ত বৃদ্ধি কৰা হৈছে ।
চেম্পিয়ন আৰু ৰানাৰ্ছ-আপৰ ভাগ্য সলনি কৰিব এই পুৰস্কাৰে
ফাইনেলত বিজয়ী হৈ ট্ৰফী আজুৰি নিয়া চেম্পিয়ন দলটোৰ ওপৰত হ’ব আটাইতকৈ ডাঙৰ ধনৰ বৰষুণ । ফাইনেলত বিজয়ী হোৱা চেম্পিয়ন দলটোক পুৰস্কাৰ হিচাপে প্ৰদান কৰা হ’ব ৫০ নিযুত ডলাৰ, অৰ্থাৎ ভাৰতীয় মূল্যত প্ৰায় ৪৮১ কোটি টকা । আনহাতে, ৰানাৰ্ছ-আপ বা উপ-বিজেতা দলেও লাভ কৰিব এক বৃহৎ ধনৰাশি, যাৰ পৰিমাণ হৈছে ৩৩ নিযুত ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত প্ৰায় ৩১৭ কোটি টকা । ইয়াৰ উপৰিও প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰা দলে ২৯ নিযুত ডলাৰ (প্ৰায় ২৭৯ কোটি টকা) আৰু চতুৰ্থ স্থান লাভ কৰা দলে ২৭ নিযুত ডলাৰ (প্ৰায় ২৫৯ কোটি টকা) লাভ কৰিব ।
খালী হাতে ঘূৰি নাযায় কোনো; গ্ৰুপ পৰ্যায়ৰ দলৰো পকেট ভৰিব
ফিফাৰ এই বৃহৎ আঁচনিৰ বাবে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা ৪৮ টা দলৰ কোনো এটাও খালী হাতে ঘূৰি যাবলগীয়া নহয় । বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই প্ৰতিটো দলকে প্ৰস্তুতিৰ বাবদ ২.৫ নিযুত ডলাৰ প্ৰদান কৰা হৈছিল । ইয়াৰ উপৰিও মূল পৰ্বত ভাগ লোৱা প্ৰতিটো দলেই অন্ততঃ ১০ নিযুত ডলাৰ অৰ্থাৎ প্ৰায় ৯৬.২ কোটি টকা লাভ কৰাটো নিশ্চিত কৰিছে ।
যিবোৰ দলে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে কিন্তু ছেমি ফাইনেললৈ যাব নোৱাৰিলে, সেই চাৰিওটা দলৰ প্ৰতিটোৱে ১৯ নিযুত ডলাৰকৈ পাব । আনহাতে, নৱমৰ পৰা ১৬ সংখ্যক স্থান লাভ কৰা প্ৰতিটো দলে ১৫ নিযুত ডলাৰ, ১৭ ৰ পৰা ৩২ সংখ্যক স্থান লাভ কৰা প্ৰতিটো দলে ১১ নিযুত ডলাৰ আৰু গ্ৰুপ পৰ্যায়ৰ পৰা আগবাঢ়িব নোৱাৰা দলসমূহেও ১০ নিযুত ডলাৰকৈ লাভ কৰিব । অৱশ্যে এই ধনৰাশিৰ ভিতৰত প্ৰস্তুতিৰ বাবে প্ৰদান কৰা ২.৫ নিযুত ডলাৰ অন্তৰ্ভুক্ত কৰা হোৱা নাই ।
লগতে পঢ়ক : শিশু য়ামালৰ সৈতে ভাইৰেল ফটোক লৈ মুখ খুলিলে লিয়নেল মেছিয়ে









