‘বন্দে মাতৰম’ৰ অপমান কৰিলে এতিয়াৰে পৰা হ’ব জে’ল!

‘বন্দে মাতৰম’ৰ অপমান কৰিলে এতিয়াৰে পৰা হ’ব জে’ল!

আটাইতকৈ চৰ্চিত বিধেয়কখন হৈছে বন্দে মাতৰম বিল, যাক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰথমে ৰাজ্যসভাত উত্থাপন কৰাৰ সম্ভাৱনা আছে অহা ২০ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ বৰ্ষাকালীন অধিবেশনত কেন্দ্ৰীয় চৰকাৰে কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰাৰ প্ৰস্তুতি চলাইছে । ইয়াৰ ভিতৰত আটাইতকৈ চৰ্চিত বিধেয়কখন হৈছে ‘বন্দে মাতৰম’

আটাইতকৈ চৰ্চিত বিধেয়কখন হৈছে বন্দে মাতৰম বিল, যাক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰথমে ৰাজ্যসভাত উত্থাপন কৰাৰ সম্ভাৱনা আছে

অহা ২০ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ বৰ্ষাকালীন অধিবেশনত কেন্দ্ৰীয় চৰকাৰে কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰাৰ প্ৰস্তুতি চলাইছে । ইয়াৰ ভিতৰত আটাইতকৈ চৰ্চিত বিধেয়কখন হৈছে ‘বন্দে মাতৰম’ বিল, যাক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰথমে ৰাজ্যসভাত উত্থাপন কৰাৰ সম্ভাৱনা আছে । এই প্ৰস্তাৱিত আইনখনৰ মূল উদ্দেশ্য হৈছে ৰাষ্ট্ৰীয় গীত ‘বন্দে মাতৰম’ গোৱা বা বজোৱাৰ সময়ত যিকোনো ধৰণৰ অপমান বা বাধা সৃষ্টি কৰা কাৰ্য্যক এক দণ্ডনীয় অপৰাধ হিচাপে গণ্য কৰা ।

তিনি বছৰ পৰ্যন্ত হ’ব পাৰে কাৰাদণ্ড:

জানিব পৰা মতে ‘ৰাষ্ট্ৰীয় সন্মানৰ অপমান প্ৰতিৰোধ (সংশোধনী) বিধেয়ক’ ৰ অধীনত যদি কোনো ব্যক্তি এই অপৰাধত দোষী সাব্যস্ত হয়, তেন্তে তেওঁ নতুন আইনৰ অধীনত তিনি বছৰলৈকে কাৰাদণ্ডৰ সন্মুখীন হ’ব লাগিব । উল্লেখনীয় যে, এই শাস্তি ৰাষ্ট্ৰীয় সংগীত ‘জন গণ মন’ক অপমান কৰিলে পোৱা শাস্তিৰ সৈতে সমপৰ্যায়ৰ হ’ব । ইতিপূৰ্বে চৰকাৰে সকলো চৰকাৰী কাৰ্যসূচীত বাধ্যতামূলকভাৱে ‘বন্দে মাতৰম’ গোৱা আৰু বজোৱাৰ বাবে ৰাজ্যসমূহক নীতি-নিৰ্দেশনা জাৰি কৰিছিল আৰু এতিয়া এই অধিবেশনত ইয়াক এক পূৰ্ণাংগ আইনী ৰূপ দিয়া হ’ব ।

কেন্দ্ৰীয় কেবিনেটে ইতিমধ্যে এই বিধেয়কখনত অনুমোদন জনাইছে । এতিয়া ৰাজ্যসভাৰ কাৰ্যসূচীত বিবেচনা আৰু গৃহীত কৰাৰ বাবে তালিকাভুক্ত হোৱাৰ পিছতে গৃহমন্ত্ৰী অমিত শ্বাহে ইয়াক সদনত উত্থাপন কৰিব । সংসদৰ উভয় সদনতে এই বিধেয়কখন গৃহীত হ’লে ‘বন্দে মাতৰম’ৰ অপমান এক ফৌজদাৰী অপৰাধ হিচাপে পৰিগণিত হ’ব । ইয়াৰ ফলত ‘বন্দে মাতৰম’ গীতটিয়ে ৰাষ্ট্ৰীয় সংগীত, ৰাষ্ট্ৰীয় পতাকা আৰু সংবিধানৰ দৰেই একে আইনী সুৰক্ষা লাভ কৰিব ।

লগতে পঢ়ক : কাইলৈ প্ৰধানমন্ত্ৰী মোদীয়ে শুভাৰম্ভ কৰিব দেশৰ প্ৰথমখন হাইড্ৰ’জেন চালিত ৰে’ল