প্ৰতিকূল বতৰকো নেওচি উত্তৰ গুৱাহাটীত ১৪ সংখ্যক শ্ৰী জগন্নাথ ৰথযাত্ৰা সম্পন্ন

প্ৰতিকূল বতৰকো নেওচি উত্তৰ গুৱাহাটীত ১৪ সংখ্যক শ্ৰী জগন্নাথ ৰথযাত্ৰা সম্পন্ন

প্ৰবল বৰষুণকো নেওচি উত্তৰ গুৱাহাটীত হাজাৰ হাজাৰ ভক্তৰ অংশগ্ৰহণেৰে ১৪ সংখ্যক শ্ৰী জগন্নাথ ৰথযাত্ৰা সম্পন্ন প্ৰতিকূল বতৰকো নেওচি এক অপূৰ্ব আধ্যাত্মিক পৰিৱেশৰ মাজত উত্তৰ গুৱাহাটীত সফলতাৰে উদযাপিত হ’ল ১৪তম শ্ৰী জগন্নাথ ৰথযাত্ৰা মহোৎসৱ । ‘হৰে কৃষ্ণ মুভমেণ্ট’, উত্তৰ গুৱাহাটীৰ উদ্যোগত আয়োজিত এই মহোৎসৱত হাজাৰ হাজাৰ

প্ৰবল বৰষুণকো নেওচি উত্তৰ গুৱাহাটীত হাজাৰ হাজাৰ ভক্তৰ অংশগ্ৰহণেৰে ১৪ সংখ্যক শ্ৰী জগন্নাথ ৰথযাত্ৰা সম্পন্ন

প্ৰতিকূল বতৰকো নেওচি এক অপূৰ্ব আধ্যাত্মিক পৰিৱেশৰ মাজত উত্তৰ গুৱাহাটীত সফলতাৰে উদযাপিত হ’ল ১৪তম শ্ৰী জগন্নাথ ৰথযাত্ৰা মহোৎসৱ । ‘হৰে কৃষ্ণ মুভমেণ্ট’, উত্তৰ গুৱাহাটীৰ উদ্যোগত আয়োজিত এই মহোৎসৱত হাজাৰ হাজাৰ ভক্তই অংশগ্ৰহণ কৰি শ্ৰীজগন্নাথদেৱ, শ্ৰী বলদেৱ আৰু দেৱী সুভদ্ৰাৰ আশীৰ্বাদ গ্ৰহণ কৰে ।

ধাৰাষাৰ বৰষুণ সত্ত্বেও ভক্তসকলৰ উৎসাহ আৰু ভক্তিভাৱত অকণো যতি পৰা দেখা নগ’ল । বৰঞ্চ বহু ভক্তই এই বৰষুণক ভগৱান জগন্নাথৰ আশীৰ্বাদ হিচাপেহে গ্ৰহণ কৰে । আবাল-বৃদ্ধ-বনিতা সকলোৱে হৰিনাম সংকীৰ্তন আৰু হৰে কৃষ্ণ মহামন্ত্ৰৰ ধ্বনিৰে আকাশ-বতাহ কঁপাই সুসজ্জিত ৰথ টানি অগ্ৰসৰ হয় ।

বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতি আৰু পৱিত্ৰ শোভাযাত্ৰা:

এই পৱিত্ৰ অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা বিশিষ্ট শিক্ষাবিদ শ্ৰী ননী গোপাল মহন্ত, শ্ৰী অজয় পোদ্দাৰ আৰু কামৰূপ জিলাৰ উপায়ুক্ত শ্ৰী দেব মিশ্ৰকে ধৰি বহু গণ্যমান্য ব্যক্তি, শুভাকাংক্ষী তথা বিশিষ্ট ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে ।

ৰথযাত্ৰাৰ পৱিত্ৰ শোভাযাত্ৰা উত্তৰ গুৱাহাটীস্থিত হৰে কৃষ্ণ মন্দিৰৰ পৰা আৰম্ভ হৈ ঐতিহাসিক শ্ৰীশ্ৰী দৌল গোবিন্দ মন্দিৰলৈ গতি কৰে । সমগ্ৰ যাত্ৰাপথ ভক্তিৰসেৰে বুৰ গৈ পৰে । উৎসৱ উপলক্ষে সমবেত হোৱা হাজাৰ হাজাৰ ভক্তৰ মাজত মহাপ্ৰসাদো বিতৰণ কৰা হয় ।

‘শান্তি আৰু ঐক্যৰ বাৰ্তা’ – উদ্যোক্তা মণ্ডলী:

সমগ্ৰ অনুষ্ঠানটি শান্তিপূৰ্ণ আৰু আধ্যাত্মিক গাম্ভীৰ্যৰে সম্পন্ন কৰাত সহায়-সহযোগিতা কৰা অসম চৰকাৰ, কামৰূপ জিলা প্ৰশাসন, আৰক্ষী বিভাগ, স্বেচ্ছাসেৱক বাহিনী, দাতা, সংবাদ মাধ্যম আৰু স্থানীয় ৰাইজৰ প্ৰতি হৰে কৃষ্ণ মুভমেণ্টে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে ।

মহোৎসৱ সন্দৰ্ভত হৰে কৃষ্ণ মন্দিৰৰ সভাপতি শ্ৰী জনাৰ্দন দাসে কয়—

“শ্ৰী জগন্নাথ ৰথযাত্ৰা বিশ্বৰ অন্যতম প্ৰাচীন আৰু আটাইতকৈ শ্ৰদ্ধাৰ আধ্যাত্মিক উৎসৱ । এই উৎসৱে সমাজলৈ শান্তি, দয়া, ঐক্য আৰু ভক্তিৰ চিৰন্তন বাৰ্তা কঢ়িয়াই আনে । এই বাৰ্ষিক মহোৎসৱৰ জৰিয়তে হৰে কৃষ্ণ মুভমেণ্টে কৃষ্ণভাৱনামৃতৰ প্ৰচাৰ আৰু সমাজত আধ্যাত্মিক তথা নৈতিক মূল্যবোধ বিস্তাৰ কৰাৰ বাবে অহৰহ প্ৰয়াস চলাই আহিছে ।”

লগতে পঢ়ক : বলীউডত জিলিকিব লাচিতৰ বীৰগাথা! নিৰ্মাণ হ’ব বিগ বাজেটৰ ছবি