পুৰীৰ ৰথযাত্ৰাত অঘটন: এজন ভক্তৰ মৃত্যু, শতাধিক আহত

পবিত্ৰ ৰথযাত্ৰাৰ সময়ত এক শোকাবহ ঘটনা সংঘটিত হৈছে

ওড়িশাৰ পুৰীত অনুষ্ঠিত বিশ্ববিখ্যাত ভগৱান জগন্নাথৰ পবিত্ৰ ৰথযাত্ৰাৰ সময়ত এক শোকাবহ ঘটনা সংঘটিত হৈছে । উৎসৱৰ উল্লাসৰ মাজতে হঠাতে সৃষ্টি হোৱা এক ঠেলা-হেঁচা সদৃশ পৰিস্থিতিৰ বাবে এজন ভক্তই প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ বিপৰীতে প্ৰায় ১০০ গৰাকী লোক আহত হৈছে ।

উশাহ-নিশাহ লোৱাত প্ৰচণ্ড কষ্ট পোৱাৰ পিছত মৃত ভক্তগৰাকীক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ।

কেনেকৈ ঘটিল এই ঘটনা?

প্ৰকাশিত খবৰ অনুসৰি, পুৰীৰ মুখ্য পথ ‘বৰ দাণ্ডা’ত লাখ লাখ ভক্তই ভগৱান জগন্নাথ, ভগৱান বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ পবিত্ৰ ৰথ দৰ্শন কৰিবলৈ তথা ৰথ টানিবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল । ঠিক তেনে সময়তে ভক্তৰ ভিৰৰ বাবে হঠাতে হেঁচা-ঠেলাৰ সৃষ্টি হয় । মুহূৰ্তৰ ভিতৰতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যায় আৰু একাংশ ভক্ত মাটিত বাগৰি পৰে, যাৰ ফলত সমগ্ৰ অঞ্চলটোত এক হুৱাদুৱা আৰু আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় ।

ছচিয়েল মিডিয়াত ভাইৰেল হ’ল ঘটনাৰ দৃশ্য

ঘটনাটোৰ কেইবাটাও হাহাকাৰময় ভিডিঅ’ ইতিমধ্যে পোহৰলৈ আহিছে । ভিডিঅ’সমূহত দেখা গৈছে যে ‘বৰ দাণ্ডা’ত ভক্তৰ প্ৰচণ্ড ভিৰৰ হেঁচা ক্ৰমাৎ বৃদ্ধি পাইছে আৰু ভিৰ চম্ভালিবলৈ নিৰাপত্তাৰক্ষীয়ে যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছে । আন কিছুমান দৃশ্যত ৰাজপথত সিঁচৰতি হৈ থকা ভক্তসকলৰ জোতা-চেন্দেল পৰি থকা দেখা গৈছে, যিয়ে ঘটনাৰ ভয়াবহতাৰ প্ৰমাণ দাঙি ধৰিছে ।

প্ৰশাসনৰ ক্ষিপ্ৰ ব্যৱস্থা আৰু তদন্ত

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ ঠিক পিছতেই ওড়িশা দুৰ্যোগ দ্ৰুত সঁহাৰি বাহিনী, আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ উদ্ধাৰকাৰী দল তৎপৰ হৈ পৰে । আহতসকলক ততাতৈয়াকৈ এম্বুলেন্সৰ জৰিয়তে পুৰী জিলা সদৰ হাস্পতাল আৰু ওচৰৰ অন্যান্য চিকিৎসা কেন্দ্ৰসমূহত ভৰ্তি কৰোৱা হয় ।

বৰ্তমান প্ৰশাসনে পৰিস্থিতি সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণলৈ অনা বুলি দাবী কৰিছে আৰু অতিৰিক্ত নিৰাপত্তাৰক্ষী বাহিনী মোতায়েন কৰিছে । অৱশ্যে এতিয়ালৈকে চৰকাৰীভাৱে আহতৰ প্ৰকৃত সংখ্যা আৰু ঘটনাৰ মূল কাৰণ সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই ।

লগতে পঢ়ক : সোণম ৱাংচুকৰ অনশনত উদ্বেগ প্ৰকাশ দিল্লী উচ্চ ন্যায়ালয়ৰ

পুৰী, আহমেদাবাদ আৰু দীঘা; আজিৰে পৰা আৰম্ভ ভগৱান জগন্নাথৰ ৰথযাত্ৰা

আৰম্ভ ভগৱান জগন্নাথৰ ৰথযাত্ৰা

আজিৰে পৰা আৰম্ভ হৈছে পুৰীৰ ভগৱান জগন্নাথৰ ৰথযাত্ৰা। ওড়িশাৰ পুৰীত উদযাপন কৰা অন্যতম আধ্যাত্মিক উৎসৱ ৰথ যাত্ৰাই সমগ্ৰ বিশ্বৰ ভক্তসকলক আকৰ্ষণ কৰি আহিছে ।

প্ৰতিবছৰেই আহাৰ মাহত অনুষ্ঠিত হয় ওড়িশাৰ পুৰীৰ ৰথযাত্ৰা ৷ ভগৱান জগন্নাথ আৰু তেওঁৰ জ্যেষ্ঠ ভাতৃ বলোভদ্ৰ আৰু ভগ্নী সুভদ্ৰাৰ প্ৰতি ভক্তি নিবেদনৰ হেতু প্ৰতিবছৰে ৰথ যাত্ৰা অনুষ্ঠিত কৰা হয় ৷

আজি পুৱা ৬ বজাৰ পৰা ৰথযাত্ৰাৰ বিধি বিদান আৰম্ভ হৈছে, যিটো গোটেই দিনটো চলি থাকিব আৰু তাৰ পিছত বিয়লি ৪ বজাৰ পৰা ভক্তসকলে ভগৱানৰ ৰথ টানিবলৈ আৰম্ভ কৰিব। ইয়াৰ পিছত ভগৱান জগন্নাথে গুণ্ডিচা মন্দিৰত উপস্থিত হ’ব আৰু তাতেই ৭ দিন বিশ্ৰাম ল’ব।

এই ৰথযাত্ৰাৰ বাবে প্ৰশাসনে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে।গোটেই চহৰখনতে কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ ৮টা কোম্পানীকে ধৰি প্ৰায় ১০ হাজাৰ নিৰাপত্তাৰক্ষীয়ে দায়িত্ব ল’ব।

এই অনুষ্ঠানত দেশ-বিদেশৰ লাখ লাখ ভক্তই অংশগ্ৰহণ কৰিব।শ্ৰী জগন্নাথ মন্দিৰ প্ৰশাসনৰ মুখ্য প্ৰশাসক অৰবিন্দ পদ্ধীয়ে কয়, মহাপ্ৰভু শ্ৰী জগন্নাথৰ আশীৰ্বাদত শুকুৰবাৰৰ পৰা শান্তিপূৰ্ণভাৱে ৰথ যাত্ৰা অনুষ্ঠিত কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পন্ন কৰা হৈছে। আমি সেৱক সকলৰ পৰা সম্পূৰ্ণ সমৰ্থন পাইছো আৰু সকলো ব্যৱস্থা সম্পূৰ্ণ হৈছে।

সকলো ৰীতি-নীতি সম্পূৰ্ণ হোৱাৰ পিছত ভাই-ভনী তিনিওজন ভগৱান বলভদ্ৰ, দেৱী সুভদ্ৰা আৰু ভগৱান জগন্নাথৰ ৰথ টানি অনাৰ কাম আৰম্ভ হ’ব আবেলি ৪ বজাৰ পৰা ।দেশ-বিদেশৰ পৰা পুৰীত উপস্থিত হৈছে লাখ লাখ ভকত।

আৰক্ষীয়ে দিয়া তথ্য অনুসৰি, বৃহস্পতিবাৰৰ সন্ধিয়ালৈকে প্ৰায় এক লাখ লোকে পুৰী পালেহি।তেওঁলোকৰ মাজৰ কিছুমানে ‘নৱ্যৱন দৰ্শন’ৰ সৌভাগ্যও লাভ কৰিলে, য’ত স্নান অনুষ্ঠানৰ পিছত প্ৰথমবাৰৰ বাবে দেৱতাসকলক দৰ্শন পোৱা যায়।

১১ জুনত স্নান অনুষ্ঠানৰ পিছত ৰাজহুৱা দৰ্শন বন্ধ কৰি দিয়া হৈছিল। বিশ্বাস কৰা হয় যে গা ধোৱাৰ পিছত প্ৰভু অসুস্থ হৈ পৰে আৰু দুসপ্তাহ ধৰি ‘অনাসৰ ঘৰ’ (আইছ’লেচন ৰুম)ত ৰখা হয়।

এই ৰথ যাত্ৰা কেৱল ওড়িশাৰ বাবেই নহয়, সমগ্ৰ ভাৰতৰ লগতে সমগ্ৰ বিশ্বৰ লাখ লাখ ভক্তৰ বাবে এক গুৰুত্বপূৰ্ণ ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান।

এই উৎসৱত তিনিখন বিশাল, সজ্জিত কাঠৰ ৰথত তিনিওজন দেৱতাৰ মূৰ্তি শোভাযাত্ৰা কৰি উলিয়াই অনা হয়। হাজাৰ হাজাৰ ভক্তই ৰছীৰে এই ৰথবোৰ টানে। ৰথ যাত্ৰাৰ এই বিশেষ দিনটোত তেওঁলোকক বিশেষভাৱে পূজা কৰা হয়।

ভগৱান জগন্নাথে মাহীয়েকৰ ঘৰত ভাতৃ-ভগ্নীৰ সৈতে বিশ্ৰাম ল’ব আৰু ৫৬টা প্ৰসাদও উপভোগ কৰিব।প্ৰচুৰ খাদ্য খোৱাৰ পিছত প্ৰভু অসুস্থ হৈ পৰিব আৰু তাৰ পিছত তেওঁক ঔষধ দিয়া হ’ব।

৭ দিন জিৰণি লৈ ৰথ যাত্ৰা পুনৰ জগন্নাথ মন্দিৰলৈ আহিব। আহাৰ মাহৰ শুক্ল দ্বিতীয়াৰ পৰা আৰম্ভ হোৱা এই ৰথযাত্ৰাৰ সামৰণি পৰিব চলিত বৰ্ষৰ ৫ জুলাই অৰ্থাৎ দশমী তিথিত।

লগতে পঢ়ক: ‘নিশা কামাখ্যা মন্দিৰলৈ নাহিব কোনো লোক’; ৰাজ্যবাসীলৈ আহ্বান মুখ্যমন্ত্ৰীৰ