৬.৩ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি, চুনামীৰ সতৰ্কবাণী জাৰি

৬.৩ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি, চুনামীৰ সতৰ্কবাণী জাৰি

ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল তে আনাউ চহৰৰ পৰা প্ৰায় ৪০ কিলোমিটৰ উত্তৰে বৃহস্পতিবাৰে এক তীব্ৰ ভূমিপকম্পই কঁপাই যায় নিউজীলেণ্ডৰ চাউথ আইলেণ্ড । ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৩ । ভূমিকম্পৰ পাছতে চুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে । তথ্য অনুসৰি, ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল তে আনাউ (Te

ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল তে আনাউ চহৰৰ পৰা প্ৰায় ৪০ কিলোমিটৰ উত্তৰে

বৃহস্পতিবাৰে এক তীব্ৰ ভূমিপকম্পই কঁপাই যায় নিউজীলেণ্ডৰ চাউথ আইলেণ্ড । ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৩ । ভূমিকম্পৰ পাছতে চুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে । তথ্য অনুসৰি, ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল তে আনাউ (Te Anau) চহৰৰ পৰা প্ৰায় ৪০ কিলোমিটৰ উত্তৰে । এই অঞ্চলটো ফিয়ৰ্ডলেণ্ডৰ দৰে বিখ্যাত পৰ্যটন থলীৰ প্ৰৱেশদ্বাৰ হিচাপে জনা যায় ।

নিউজীলেণ্ডৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা সংস্থাই ৰাইজক সাগৰৰ পাৰ আৰু উপকূলীয় অঞ্চলৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে । অৱশ্যে প্ৰাৰম্ভিক তথ্য অনুসৰি, এই ভূমিকম্পৰ ফলত কোনো ডাঙৰ ক্ষয়-ক্ষতি বা প্ৰাণহানিৰ খবৰ পোৱা হোৱা নাই ।

আনহাতে, আমেৰিকাৰ ভূতাত্বিক জৰীপ সংস্থা আৰু জাৰ্মানীৰ জিঅ’চাইন্স ৰিচাৰ্চ চেন্টাৰে এই ভূমিকম্পৰ তীব্ৰতা ৫.৯ বুলি লিপিৱদ্ধ কৰিছে । দুয়োটা সংস্থাৰ মতে, ভূমিকম্পৰ কেন্দ্ৰবিন্দু ভূগৰ্ভৰ ৫০ কিলোমিটৰতকৈও অধিক গভীৰতাত আছিল ।

গুজৰাটত তিনি মিনিটত দুটাকৈ জোকাৰণি

ইপিনে, ভাৰতৰ গুজৰাটৰ কচ্ছ জিলাতো বৃহস্পতিবাৰে তিনি মিনিটৰ ভিতৰত ভূমিকম্পৰ দুটাকৈ জোকাৰণি অনুভূত হয় ।

গান্ধীনগৰৰ ইনষ্টিটিউট অৱ চিচম’লজিকেল ৰিচাৰ্চৰ মতে প্ৰথমটো জোকাৰণি দুপৰীয়া ২:২০ বজাত অনুভূত হৈছিল আৰু ইয়াৰ প্ৰাবল্য আছিল ৩.৬ । যাৰ কেন্দ্ৰবিন্দু আছিল খাৱড়াৰ পৰা ৩২ কিলোমিটৰ উত্তৰ-পূবে ।

দ্বিতীয়টো জোকাৰণি ইয়াৰ ঠিক তিনি মিনিট পিছত, ২:২৩ বজাত অনুভূত হয় যাৰ প্ৰাবল্য আছিল ৩.২ । ইয়াৰ কেন্দ্ৰবিন্দু ধোলাৱীৰাৰ পৰা ৩২ কিলোমিটৰ পশ্চিম-উত্তৰত আছিল ।

বৰ্তমানলৈকে কচ্ছত ভূমিকম্পৰ বাবে কোনো ধৰণৰ ক্ষয়-ক্ষতি বা প্ৰাণহানিৰ খবৰ অহা নাই । স্থানীয় প্ৰশাসনে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে ।

লগতে পঢ়ক : প্ৰলয়ংকৰী বানৰ পিছত এইবাৰ টাইফুন ‘বাভী’ৰ তাণ্ডৱ, ১৭ লাখৰো অধিক লোকক স্থানান্তৰ