এই অনুষ্ঠানৰ লগতে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শৈল্পিক উত্তৰাধিকাৰক উদযাপন কৰি সংগীত, নৃত্য আৰু নাট্য প্ৰদৰ্শনীৰে এক আকৰ্ষণীয় সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ’ব
অসমৰ সাংস্কৃতিক জগতৰ বাবে এক ঐতিহাসিক ক্ষণ । অসমৰ সংগীত, সাহিত্য আৰু সাংস্কৃতিক ঐতিহ্যলৈ আগবঢ়োৱা অসাধাৰণ অৱদানৰ স্বীকৃতিস্বৰূপে কিংবদন্তী সংগীতশিল্পী, “ভয়েচ অব্ আছাম” জুবিন গাৰ্গক মৰণোত্তৰভাৱে মৰ্যাদাপূৰ্ণ ‘সংগীত সুধাকৰ’ উপাধি প্ৰদান কৰিব অসম সাহিত্য সভাই । দেওবাৰে, ১২ জুলাইত সাহিত্য সভাৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰা হয় ।
গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ ড° মহেন্দ্ৰ নাথ বৰা সোঁৱৰণী প্ৰেক্ষাগৃহত আয়োজিত এক সংবাদ মেলত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই এই সিদ্ধান্তৰ কথা ৰাজহুৱা কৰে । তেওঁ জনায় যে সংগঠনটোৰ কাৰ্যনিৰ্বাহক সমিতি আৰু পৰিচালনা সংস্থাই ইয়াৰ পঞ্চৰত্ন-গুৱাহাটী অধিবেশনত গ্ৰহণ কৰা এক বিশেষ প্ৰস্তাব মৰ্মে এই সিদ্ধান্তত অনুমোদন জনাইছে ।
৩০ জুলাইত প্ৰদান কৰা হ’ব সন্মান
অহা ৩০ জুলাইত গুৱাহাটীৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত অনুষ্ঠিত হ’বলগীয়া এক ভব্য অনুষ্ঠানত এই সন্মান আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব । অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে জুবিন গাৰ্গক এই উপাধিৰে বিভূষিত কৰিব ।
কি কি বিশেষ কাৰ্যসূচী ৰখা হৈছে?
এই অনুষ্ঠানৰ লগতে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শৈল্পিক উত্তৰাধিকাৰক উদযাপন কৰি সংগীত, নৃত্য আৰু নাট্য প্ৰদৰ্শনীৰে এক আকৰ্ষণীয় সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ’ব । লগতে জুবিন গাৰ্গৰ জীৱন আৰু কৃতিৰ ওপৰত সভাই এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ আয়োজন কৰিব, য’ত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিশিষ্ট পণ্ডিতসকলে গৱেষণা পত্ৰ পাঠ কৰিব। এই আলোচনা চক্ৰৰ কাৰ্যবিৱৰণীসমূহ পৰৱৰ্তী সময়ত এখন গ্ৰন্থ আকাৰে প্ৰকাশ কৰা হ’ব ।
আনহাতে গাৰ্গৰ অমূল্য সৃষ্টিৰাজিক বিশ্বদৰবাৰলৈ লৈ যোৱাৰ বাবে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে । তেওঁৰ নিৰ্বাচিত কিছু গীত ইংৰাজী, হিন্দী আৰু বাঙালী ভাষালৈ অনুবাদ কৰাৰ সিদ্ধান্ত লৈছে সাহিত্য সভাই, যাতে অসমৰ বাহিৰৰ শ্ৰোতাৰ মাজতো তেওঁৰ সৃষ্টিৰাজি প্ৰসাৰিত হয় ।
লগতে পঢ়ক : ন-ৰূপত উজ্জীৱিত হ’ব ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থ; চৰকাৰৰ বিশেষ পৰিকল্পনা









