জিম্বাবুৱে ভ্ৰমণৰ বাবে ভাৰতীয় টি-২০ দল ঘোষণা: বৈভৱ সূৰ্যবংশীসহ বহু নতুন মুখক সুযোগ

জিম্বাবুৱে ভ্ৰমণৰ বাবে ভাৰতীয় টি-২০ দল ঘোষণা: বৈভৱ সূৰ্যবংশীসহ বহু নতুন মুখক সুযোগ

সঞ্জু চেমচনৰ স্থানত দলত সুযোগ লাভ কৰিছে ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে জিম্বাবুৱেৰ বিৰুদ্ধে চলিত মাহত হ’বলগীয়া তিনিখনীয়া টি-২০ শৃংখলাৰ বাবে সোমবাৰে ভাৰতীয় ক্ৰিকেট দল ঘোষণা কৰা হৈছে । এই গুৰুত্বপূৰ্ণ শৃংখলাটোৰ বাবে নিয়মীয়া তাৰকা খেলুৱৈসকলক জিৰণি দি কেইবাগৰাকীও নতুন আৰু যুৱ প্ৰতিভাক দলত অন্তৰ্ভুক্ত কৰা

সঞ্জু চেমচনৰ স্থানত দলত সুযোগ লাভ কৰিছে ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

জিম্বাবুৱেৰ বিৰুদ্ধে চলিত মাহত হ’বলগীয়া তিনিখনীয়া টি-২০ শৃংখলাৰ বাবে সোমবাৰে ভাৰতীয় ক্ৰিকেট দল ঘোষণা কৰা হৈছে । এই গুৰুত্বপূৰ্ণ শৃংখলাটোৰ বাবে নিয়মীয়া তাৰকা খেলুৱৈসকলক জিৰণি দি কেইবাগৰাকীও নতুন আৰু যুৱ প্ৰতিভাক দলত অন্তৰ্ভুক্ত কৰা হৈছে ।

এই ভ্ৰমণত ভাৰতীয় দলৰ নেতৃত্ব অৰ্পণ কৰা হৈছে তাৰকা বেটছমেন শ্ৰেয়াস আয়াৰৰ ওপৰত । আনহাতে, যুৱ বেটাৰ তিলক বাৰ্মাক দলৰ উপ-অধিনায়কৰ দায়িত্ব দিয়া হৈছে ।

দলত স্থান পালে ৰিংকু সিঙে; কেইবাজনো নতুন খেলুৱৈৰ এণ্ট্ৰী

অৱশেষত অনুৰাগীৰ বাবে সুখবৰ যে হাৰ্ড-হিটাৰ বেটছমেন ৰিংকু সিঙক এই স্কোৱাডত অন্তৰ্ভুক্ত কৰা হৈছে । উল্লেখ্য যে, ইয়াৰ পূৰ্বে আয়াৰলেণ্ড আৰু ইংলেণ্ড ভ্ৰমণৰ উপৰিও এছিয়ান গেমছৰ দলৰ পৰাও তেওঁ বাদ পৰিছিল ।

এই টি-২০ দলটোত কেতবোৰ নতুন মুখ দেখিবলৈ পোৱা গৈছে । বেগী বলাৰ অশোক শৰ্মা আৰু যশ ঠাকুৰে প্ৰথমবাৰৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিছে । উইকেটৰক্ষক প্ৰভসিমৰণ সিং আৰু স্পীনাৰ হৰ্ষ ডুবেৰ পুনৰ এণ্ট্ৰী ঘটিছে । লগতে আঘাতৰ বাবে দীৰ্ঘদিন আঁতৰি থকা গতিৰ তাৰকা মায়ংক যাদৱেও দললৈ প্ৰত্যাৱৰ্তন কৰিছে । মায়ংকে শেষবাৰৰ বাবে ২০২৪ চনৰ অক্টোবৰ মাহত ভাৰতৰ হৈ খেলিছিল ।

সঞ্জু চেমচনসহ কেইবাজনো জ্যেষ্ঠ খেলুৱৈক জিৰণি

ৱৰ্কলোড মেনেজমেণ্টৰ প্ৰতি লক্ষ্য ৰাখি উইকেটৰক্ষক বেটছমেন সঞ্জু চেমচনক এই শৃংখলাৰ পৰা জিৰণি দিয়া হৈছে । ইয়াৰ উপৰিও অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণয়, হৰ্ষিত ৰাণা, প্ৰসিদ্ধ কৃষ্ণ আৰু অৰ্শদীপ সিঙকো এই ভ্ৰমণৰ পৰা ৰেষ্ট দিয়া হৈছে ।

বৈভৱ সূৰ্যবংশীৰ চমক-

সঞ্জু চেমচনৰ স্থানত দলত সুযোগ লাভ কৰিছে ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে । শনিবাৰে ইংলেণ্ডৰ বিৰুদ্ধে মানচেষ্টাৰৰ ওল্ড ট্ৰেফৰ্ডত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটোৱা সূৰ্যবংশীৰ ওপৰত সকলোৰে চকু থাকিব ।

জিম্বাবুৱে ভ্ৰমণৰ বাবে ভাৰতীয় টি-২০ দল

শ্ৰেয়াস আয়াৰ (অধিনায়ক), বৈভৱ সূৰ্যবংশী, অভিষেক শৰ্মা, তিলক বাৰ্মা (উপ-অধিনায়ক), ইশান কিষণ (উইকেটৰক্ষক), শিৱম ডুবে, সূৰ্যাংশ শ্বেদগে, ৰিংকু সিং, হৰ্ষ ডুবে, বৰুণ চক্ৰৱৰ্তী, প্ৰিন্স যাদৱ, যশ ঠাকুৰ, অশোক শৰ্মা, ময়ংক যাদৱ আৰু প্ৰভসিমৰণ সিং (উইকেটৰক্ষক)।

ভাৰত বনাম জিম্বাবুৱে T20 সময়সূচী

ভাৰত আৰু জিম্বাবুৱেৰ মাজৰ তিনিওখন টি-২০ মেচ হাৰাৰেত অনুষ্ঠিত হ’ব । মেচকেইখন ভাৰতীয় সময় অনুসৰি বিয়লি ৪.৩০ বজাৰ পৰা পোনপটীয়াকৈ সম্প্ৰচাৰিত হ’ব । প্ৰথম টি-২৩ জুলাই, দ্বিতীয় টি-২৫ জুলাই, তৃতীয় টি-২৬ জুলাইত অনুষ্ঠিত হ’ব ।

ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবেও দলত সালসলনি

আনহাতে, ১৪ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া ইংলেণ্ডৰ বিৰুদ্ধে তিনিখনীয়া এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দলত এক ডাঙৰ সালসলনি কৰা হৈছে । আঘাতপ্ৰাপ্ত অলৰাউণ্ডাৰ নীতিশ কুমাৰ ৰেড্ডীৰ স্থানত অভিজ্ঞ অলৰাউণ্ডাৰ শিৱম ডুবেক দলত অন্তৰ্ভুক্ত কৰা হৈছে বুলি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে জানিবলৈ দিছে ।

লগতে পঢ়ক : দ্বিতীয় টি-২০ত ইংৰাজ বাহিনীৰ হাতত ধৰাশায়ী বিশ্ব চেম্পিয়ন ভাৰত