আফ্ৰিকা মহাদেশত ক্ৰিকেট জ্বৰঃ কেতিয়াৰ পৰা অনুষ্ঠিত হ’ব ২০২৭ৰ এদিনীয়া বিশ্বকাপ ?
বিশ্বৰ কোটি কোটি ক্ৰিকেট প্ৰেমীৰ বাবে এক ডাঙৰ খবৰ । ২০২৭ত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া ক্ৰিকেট বিশ্বকাপক লৈ প্ৰকাশ পাইছে বিশেষ খবৰ ।
ক্ৰিকেটপ্ৰেমীসকলৰ বাবে এটা ডাঙৰ খবৰ । আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে (আইচিচি) ২০২৭ চনৰ পুৰুষ এদিনীয়া বিশ্বকাপ ক্ৰিকেটৰ বাবে প্ৰস্তাৱিত সময়সূচী অনুমোদন জনাইছে । ক্ৰিকইনফোৰ এক প্ৰতিবেদন অনুসৰি, এই মেগা টুৰ্ণামেণ্টখন অহা বছৰ অৰ্থাৎ ২০২৭ চনৰ ৪ অক্টোবৰৰ পৰা ২১ নৱেম্বৰৰ ভিতৰত দক্ষিণ আফ্ৰিকা, জিম্বাবুৱে আৰু নামিবিয়াত অনুষ্ঠিত হ’ব । যোৱা মে’ মাহত আহমেদাবাদত অনুষ্ঠিত আইচিচি ব’ৰ্ডৰ বৈঠকত এই তাৰিখসমূহৰ ওপৰত সন্মতি প্ৰকাশ কৰা হৈছিল । অৱশ্যে অহা জুলাই মাহত এডিনবাৰ্গত অনুষ্ঠিত হ’বলগীয়া আইচিচিৰ বাৰ্ষিক সাধাৰণ সভাত ইয়াত আনুষ্ঠানিকভাৱে চূড়ান্ত মোহৰ মৰা হ’ব ।
দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ’ব সৰ্বাধিক মেচ
এইবাৰ বিশ্বকাপৰ ক্ৰিকেট জ্বৰ আফ্ৰিকা মহাদেশত দেখিবলৈ পোৱা যাব । টুৰ্ণামেণ্টখনৰ মুঠ ৫৪ খন মেচৰ ভিতৰত সৰ্বাধিক, অন্ততঃ ৪১ খন মেচ দক্ষিণ আফ্ৰিকাৰ আঠটা বিশ্বমানৰ ষ্টেডিয়ামত খেলা হ’ব । আনহাতে, জিম্বাবুৱে ৮ ৰ পৰা ১০ খন মেচ আয়োজন কৰাৰ সম্ভাৱনা থকাৰ বিপৰীতে চুবুৰীয়া দেশ নামিবিয়াত ৩ খন মেচ অনুষ্ঠিত হ’ব ।
এইবাৰ জিম্বাবুৱেৰ ৩ টা স্থানত মেচ অনুষ্ঠিত হ’ব । পৰম্পৰাগত হৰাৰে স্পৰ্টছ ক্লাব আৰু কুইন্স স্পৰ্টছ ক্লাবৰ (বুলাৱায়ো) উপৰি বিখ্যাত পৰ্যটনস্থলী ভিক্টোৰিয়া ফলছকো আয়োজকৰ দায়িত্ব দিয়া হৈছে । ভিক্টোৰিয়া ফলছত নতুনকৈ নিৰ্মাণ কৰি থকা ‘ফালে মোচি-অ’-টুন্যা ইণ্টাৰনেশ্যনেল ক্ৰিকেট ষ্টেডিয়াম’ৰ কাম এই বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছে ।
২৪ বছৰৰ পাছত আফ্ৰিকাত এদিনীয়া বিশ্বকাপ
২০০৩ চনৰ ঐতিহাসিক বিশ্বকাপৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে আফ্ৰিকাৰ মাটিত পুৰুষৰ এদিনীয়া বিশ্বকাপ অনুষ্ঠিত হ’বলৈ গৈ আছে, যাৰ বাবে সমগ্ৰ আফ্ৰিকাতে ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে । অৱশ্যে ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাই ২০০৭ চনৰ প্ৰথমখন টি-২০ বিশ্বকাপ, ২০০৯ চনৰ চেম্পিয়ন্স ট্ৰফী আৰু ২০২৩ চনৰ মহিলা টি-২০ বিশ্বকাপ সফলতাৰে আয়োজন কৰি নিজৰ দক্ষতা প্ৰমাণ কৰিছে ।
১৪ টা দলেৰে নতুন ফৰ্মেটত প্ৰত্যাৱৰ্তন
২০২৭ চনৰ বিশ্বকাপত পুনৰ পুৰণি ৰোমাঞ্চ ঘূৰি আহিব, কাৰণ এইবাৰ ১০ টাৰ পৰিৱৰ্তে মুঠ ১৪ টা দলে অংশগ্ৰহণ কৰিব । উল্লেখ্য যে বিগত ২০১৯ আৰু ২০২৩ চনৰ বিশ্বকাপত মাত্ৰ ১০ টাকৈ দলেহে অংশ লৈছিল ।
টুৰ্ণামেণ্টৰ ফৰ্মেট বা আৰ্হি হ’ব এনেধৰণৰ :
-১৪ টা দলক দুটা গ্ৰুপত (Group A আৰু Group B) বিভক্ত কৰা হ’ব ।
-প্ৰতিটো গ্ৰুপত ৭ টাকৈ দল থাকিব ।
-দুয়োটা গ্ৰুপৰ শীৰ্ষ তিনিটাকৈ দল (মুঠ ৬ টা দল) ‘ছুপাৰ ছিক্স’ পৰ্যায়লৈ উন্নীত হ’ব ।
-ইয়াৰ পিছত শীৰ্ষ দলসমূহৰ মাজত নকআউট (ছেমি ফাইনেল আৰু ফাইনেল) মেচসমূহ খেলা হ’ব ।
নামিবিয়াই খেলিব লাগিব কোৱালিফায়াৰ
আইচিচিৰ নিয়ম অনুসৰি, পূৰ্ণ পৰ্যায়ৰ সদস্য আৰু আয়োজক দেশ হোৱাৰ বাবে দক্ষিণ আফ্ৰিকা আৰু জিম্বাবুৱেই বিশ্বকাপলৈ পোনপটীয়াকৈ প্ৰৱেশাধিকাৰ লাভ কৰিব । কিন্তু সহ-আয়োজক হ’লেও নামিবিয়াই পোনপটীয়া সুযোগ নাপাব, তেওঁলোকে যোগ্যতা অৰ্জনকাৰী বা অৰ্হতা অৰ্জন প্ৰক্ৰিয়াৰ মাজেৰেহে বিশ্বকাপৰ মূল পৰ্বত স্থান সুৰক্ষিত কৰিব লাগিব ।
লগতে পঢ়ক : খেলপথাৰ এৰি এতিয়া চিকিৎসালয়ত ৰিয়ান পৰাগ; সামাজিক মাধ্যমত আবেগিক পোষ্ট