ছানায়ে টাকাইচিক কনিষ্ঠ ভগ্নীৰ আখ্যা প্ৰধানমন্ত্ৰী মোদী; চাৰিটা গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ

ছানায়ে টাকাইচিক কনিষ্ঠ ভগ্নীৰ আখ্যা প্ৰধানমন্ত্ৰী মোদীৰ; চাৰিটা গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ

জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি তিনিদিনীয়া আনুষ্ঠানিক ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । এই বৈঠকত পিছত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক কনিষ্ঠ ভগ্নী বুলি উল্লেখ কৰে। জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচিক বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ভৱনৰ প্ৰাংগণত আনুষ্ঠানিকভাৱে উষ্ম আদৰণি জনোৱা হয়। এই সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ

জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি তিনিদিনীয়া আনুষ্ঠানিক ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । এই বৈঠকত পিছত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক কনিষ্ঠ ভগ্নী বুলি উল্লেখ কৰে।

জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচিক বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ভৱনৰ প্ৰাংগণত আনুষ্ঠানিকভাৱে উষ্ম আদৰণি জনোৱা হয়। এই সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক আন্তৰিকতাৰে আদৰণি জনায়। অনুষ্ঠানৰ অন্তত দুয়োগৰাকী নেতাই ইজনে সিজনক নিজ নিজ মন্ত্ৰীসভাৰ সদস্য আৰু আনুষ্ঠানিক প্ৰতিনিধি দলৰ সৈতে চিনাকি কৰাই দিয়ে। ছানায়ে টাকাইচি তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে ভাৰত লৈ আহিছে। এই ভ্ৰমণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰ্যসূচী হ’ল ১৬ সংখ্যক ভাৰত-জাপান বাৰ্ষিক সন্মিলন, য’ত দুয়োখন দেশৰ মাজত কৌশলগত, অৰ্থনৈতিক আৰু প্ৰযুক্তিগত সহযোগিতা আগবঢ়াই নিয়াৰ সন্দৰ্ভত বিতং আলোচনা হোৱাৰ সম্ভাৱনা আছে।

বৈঠকৰ সময়ত অৰ্থনৈতিক নিৰাপত্তা, শক্তিশালী আৰু বিশ্বাসযোগ্য যোগান শৃংখলা (Supply Chain), উদীয়মান প্ৰযুক্তি, প্ৰতিৰক্ষা সহযোগিতা, সামুদ্ৰিক নিৰাপত্তা আৰু বিনিয়োগ বৃদ্ধিৰ দৰে বিষয়সমূহ প্ৰধান এজেণ্ডাত অন্তৰ্ভুক্ত হ’ব পাৰে। ইয়াৰ উপৰিও দুয়োখন দেশে আঞ্চলিক তথা গোলকীয় প্ৰত্যাহ্বানসমূহৰ ওপৰতো নিজ নিজ মতামত বিনিময় কৰিব। সূত্ৰৰ মতে, পৰিৱৰ্তিত গোলকীয় প্ৰেক্ষাপটত ভাৰত আৰু জাপানৰ অংশীদাৰিত্ব ইণ্ডো-পেচিফিক (ভাৰত-প্ৰশান্ত মহাসাগৰীয়) অঞ্চলত স্থিৰতা, অৰ্থনৈতিক বিকাশ আৰু কৌশলগত সহযোগিতাৰ ক্ষেত্ৰত পূৰ্বতকৈ অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে। এনে পৰিস্থিতিত এই শীৰ্ষ সন্মিলনে দ্বিপাক্ষিক সম্পৰ্কক এক নতুন দিশ প্ৰদান কৰিব বুলি ধাৰণা কৰা হৈছে।

প্ৰধানমন্ত্ৰী মোদী আৰু ভ্ৰমণকাৰী জাপানী নেতা ছানায়ে টাকাইচিৰ মাজত এক উচ্চ পৰ্যায়ৰ বৈঠকৰ সময়ত চাৰিটা গুৰুত্বপূৰ্ণ চুক্তিত উপনীত হয়। ইয়াৰ উপৰিও দুয়োখন দেশৰ মাজত পাঁচটা বুজাবুজি চুক্তি স্বাক্ষৰিত হয়।

জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচিক তেওঁৰ কনিষ্ঠ ভগ্নী বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ ছানায়ে টাকাইচিক দূৰদৰ্শী আৰু জনপ্ৰিয় নেত্ৰী বুলি অভিহিত কৰে। ভাৰত-জাপান বাৰ্ষিক সন্মিলনৰ বাবে জাপানৰ নেতাগৰাকীক আদৰণি জনাই তেওঁ অতিশয় আনন্দ প্ৰকাশ কৰে। বিশ্বৰ অস্থিৰতাৰ মাজত পাৰস্পৰিক বিশ্বাস সৰ্বোচ্চ বুলি উল্লেখ কৰি মোদীয়ে উল্লেখ কৰে যে দুয়োখন ৰাষ্ট্ৰৰ মাজৰ অংশীদাৰিত্বই সময়ৰ পৰীক্ষাত থিয় দিছে। টাকাইচিৰ এই ভ্ৰমণে তেওঁলোকৰ বিশ্বব্যাপী অংশীদাৰিত্বৰ এক নতুন অধ্যায়ৰ আৰম্ভণি কৰিছে। তেওঁ ভাৰত আৰু জাপান দুয়োখন দেশ বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত অন্যতম বুলি আলোকপাত কৰি নিয়ম ভিত্তিক ভাৰত-প্ৰশান্ত মহাসাগৰীয় এক ভাগ-বতৰা অগ্ৰাধিকাৰ বুলি উল্লেখ কৰি লগতে কয় যে ইয়াৰ দ্বাৰা শান্তি আৰু স্থিতিশীলতাৰ পথ মুকলি হ’ব।

আনহাতে জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচিয়ে কয় যে আমাৰ লক্ষ্যসমূহ একাকাৰ। ভাৰত আৰু জাপানে কৌশলগত সহযোগিতা গভীৰ কৰি আন্তঃৰাষ্ট্ৰীয় শৃংখলা অক্ষুণ্ণ ৰাখিব বুলি ঘোষণা কৰে। মই মুক্ত আৰু মুকলি ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ কথা ঘোষণা কৰিছিলোঁ। আমি ভাৰত আৰু জাপানৰ মাজত কৌশলগত সহযোগিতা বৃদ্ধি কৰিম; সামুদ্ৰিক নিৰাপত্তা সহযোগিতা বৃদ্ধি কৰাটো আঞ্চলিক শান্তিৰ বাবে অতি গুৰুত্বপূৰ্ণ। ভাৰত মহাসাগৰত আমি অনুশীলন তীব্ৰতৰ কৰিম।