অসমৰ ৪০ হাজাৰ স্কুলত আৰম্ভ হ’ব ‘অলিম্পিক মূল্যবোধ শিক্ষা’: মুখ্যমন্ত্ৰীৰ ঘোষণা

অসমৰ ৪০ হাজাৰ স্কুলত আৰম্ভ হ’ব ‘অলিম্পিক মূল্যবোধ শিক্ষা’: মুখ্যমন্ত্ৰীৰ ঘোষণা

ৰাজ্য চৰকাৰে অলিম্পিক ভেল্যুজ এডুকেশ্যন প্ৰগ্ৰেম’ অসমৰ ৩৫ খন জিলাৰে ৪০,০০০ তকৈও অধিক বিদ্যালয়লৈ সম্প্ৰসাৰিত কৰিবলৈ সিদ্ধান্ত লৈছে ৰাজ্যৰ শিক্ষা খণ্ডলৈ এক ডাঙৰ পৰিৱৰ্তন আনিবলৈ সাজু হৈছে অসম চৰকাৰ । শিক্ষাৰ্থীসকলৰ কেৱল শৈক্ষিক দিশটোৱেই নহয়, বৰঞ্চ তেওঁলোকৰ চৰিত্ৰ গঠন আৰু মানসিক বিকাশৰ বাবে এক বিশেষ

ৰাজ্য চৰকাৰে অলিম্পিক ভেল্যুজ এডুকেশ্যন প্ৰগ্ৰেম’ অসমৰ ৩৫ খন জিলাৰে ৪০,০০০ তকৈও অধিক বিদ্যালয়লৈ সম্প্ৰসাৰিত কৰিবলৈ সিদ্ধান্ত লৈছে

ৰাজ্যৰ শিক্ষা খণ্ডলৈ এক ডাঙৰ পৰিৱৰ্তন আনিবলৈ সাজু হৈছে অসম চৰকাৰ । শিক্ষাৰ্থীসকলৰ কেৱল শৈক্ষিক দিশটোৱেই নহয়, বৰঞ্চ তেওঁলোকৰ চৰিত্ৰ গঠন আৰু মানসিক বিকাশৰ বাবে এক বিশেষ পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিবলৈ সাজু হৈছে । সোমবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে ৰাজ্য চৰকাৰে ‘অলিম্পিক ভেল্যুজ এডুকেশ্যন প্ৰগ্ৰেম’ (OVEP – অলিম্পিক মূল্যবোধ শিক্ষা কাৰ্যসূচী) অসমৰ ৩৫ খন জিলাৰে ৪০,০০০ তকৈও অধিক বিদ্যালয়লৈ সম্প্ৰসাৰিত কৰিবলৈ সিদ্ধান্ত লৈছে ।

মুখ্যমন্ত্ৰীগৰাকীৰ মতে, এই কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শৃংখলাবদ্ধতা, দলীয় সংহতি আৰু সামগ্ৰিক বিকাশৰ প্ৰসাৰ ঘটোৱা ।

শিক্ষাৰ্থীক গঢ়িব জীৱন শৈলীৰ দক্ষতাৰে

ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্স (X)ত এই অভিলাষী আঁচনিখনৰ সবিশেষ শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ শিক্ষা ব্যৱস্থাই কেৱল কিতাপৰ পঢ়া বা শৈক্ষিক উৎকৃষ্টতাৰ ওপৰত গুৰুত্ব দিয়াই নহয়, বৰঞ্চ যুৱ শিক্ষাৰ্থীসকলৰ মাজত প্ৰয়োজনীয় জীৱন শৈলীৰ দক্ষতা বৃদ্ধিৰ ওপৰতো বিশেষ মনোনিৱেশ কৰে ।

“শৈক্ষিক উৎকৃষ্টতাৰ বাহিৰেও আমি আমাৰ শিক্ষাৰ্থীসকলৰ মাজত শৃংখলাবদ্ধতা আৰু দলীয় সংহতি গঢ়ি তোলাক অগ্ৰাধিকাৰ দিওঁ । অলিম্পিক মূল্যবোধ শিক্ষা কাৰ্যসূচীৰ জৰিয়তে আমি এই পাঠসমূহ অসমৰ ৪০,০০০ ৰো অধিক বিদ্যালয়লৈ লৈ গৈছোঁ আৰু শ্ৰেণীকোঠাৰ ভিতৰত আৰু বাহিৰত- দুয়োটাতে পাৰদৰ্শিতা দেখুৱাবলৈ সাজু থকা এটা নতুন প্ৰজন্মক গঢ়ি তুলিছোঁ,”- মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় ।

OVEP কাৰ্যসূচীৰ মূল লক্ষ্য কি ?

এই কাৰ্যসূচীটোৰ এক স্পষ্ট লক্ষ্য আৰু ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰা হৈছে । ইয়াৰ প্ৰধান লক্ষ্যসমূহ হ’ল :

-শিক্ষাৰ্থীসকলৰ মাজত অলিম্পিকৰ আদৰ্শ আৰু মূল্যবোধ জগাই তোলা ।

-স্বাস্থ্যকৰ জীৱনশৈলী আৰু ক্ৰীড়া সুলভ মনোভাৱক উদগনি দিয়া ।

-শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক মনোযোগ বৃদ্ধি কৰা ।

-সমাজৰ সকলো শ্ৰেণীৰ শিক্ষাৰ্থীক একত্ৰিত কৰি সামাজিক অন্তৰ্ভুক্তিক প্ৰসাৰিত কৰা ।

শিক্ষকসকলকো দিয়া হ’ব বিশেষ প্ৰশিক্ষণ

এই কাৰ্যসূচী কেৱল ছাত্ৰ-ছাত্ৰীৰ মাজতে সীমাবদ্ধ নাথাকিব । ইয়াৰ জৰিয়তে বিদ্যালয়ৰ শিক্ষকসকলকো সৱলীকৰণ কৰা হ’ব । শিক্ষকসকলে যাতে দৈনিক শ্ৰেণীকোঠাৰ পাঠদান আৰু বিভিন্ন কাৰ্যকলাপত এই মূল্যবোধ-ভিত্তিক শিক্ষাক সহজতে অন্তৰ্ভুক্ত কৰিব পাৰে, তাৰ বাবে তেওঁলোকক উপযুক্তভাৱে প্ৰশিক্ষিত কৰা হ’ব ।

লগতে পঢ়ক : অসমৰ ১৮.৬০ লাখ কৃষকৰ একাউণ্টলৈ ৩৭২ কোটি টকা! প্ৰধানমন্ত্ৰী মোদীৰ ডাঙৰ উপহাৰ