“এক পইচাও নাপায়”; ইৰাণক তীক্ষ্ণ সমালোচনা ট্ৰাম্পৰ

“এক পইচাও নাপায়”; ইৰাণক তীক্ষ্ণ সমালোচনা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তিৰ প্ৰস্তাৱ সন্দৰ্ভত আজি ছুইজাৰলেণ্ডত আলোচনা হ’ব পাৰে। ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ উচ্চতম নেতাক তীক্ষ্ণ সমালোচনা কৰে। আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তিৰ সন্দৰ্ভত পৰৱৰ্তী আলোচনা শনিবাৰে চুইজাৰলেণ্ডত হ’ব পাৰে। ইয়াৰ বাবে ট্ৰাম্পৰ দূত ষ্টিভ ভিটকাফ চুইজাৰলেণ্ড অভিমুখে

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তিৰ প্ৰস্তাৱ সন্দৰ্ভত আজি ছুইজাৰলেণ্ডত আলোচনা হ’ব পাৰে। ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ উচ্চতম নেতাক তীক্ষ্ণ সমালোচনা কৰে।

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তিৰ সন্দৰ্ভত পৰৱৰ্তী আলোচনা শনিবাৰে চুইজাৰলেণ্ডত হ’ব পাৰে। ইয়াৰ বাবে ট্ৰাম্পৰ দূত ষ্টিভ ভিটকাফ চুইজাৰলেণ্ড অভিমুখে ৰাওনা হৈছে। ইয়াৰ লগতে ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচীও আলোচনাৰ বাবে আজি তালৈ যাব। অৱশ্যে, তথ্য অনুসৰি ইয়াত এতিয়াও সালসলনি হ’ব পাৰে। আমেৰিকা আৰু ইৰাণৰ মাজত আলোচনাৰ প্ৰস্তুতি আৰম্ভ হোৱাৰ লগে লগে কাটাৰৰ প্ৰধানমন্ত্ৰী মহম্মদ বিন আব্দুল ৰহমান আল-থানী ইতিমধ্যে চুইজাৰলেণ্ডত উপস্থিত হৈছে। ৱাশ্বিংটন আৰু তেহৰানৰ মাজত আলোচনা সম্ভৱ কৰি তোলাৰ ক্ষেত্ৰত কাটাৰ অন্যতম গুৰুত্বপূৰ্ণ দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে।

আনহাতে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ সৰ্বোচ্চ নেতা মুজতবা খামেইনীৰ সেই বক্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, য’ত তেওঁ কৈছিল যে আমেৰিকা শান্তি চুক্তিৰ বাবে ব্যাকুল হৈ আছিল। ট্ৰাম্পে ছচিয়েল মিডিয়াত লিখিছে, “যুদ্ধই ইৰাণক দুৰ্বল কৰি পেলাইছে! আমি তেওঁলোকক কোনো বাধ্যবাধকতাত লগ কৰা নাছিলোঁ, ইৰাণেহে লগ কৰিছিল। তেওঁলোক শেষ হৈ গৈছে! আমি ৬০ দিন অপেক্ষা কৰিম। তেওঁলোকে কোনো পইচা নাপায়, এটকাও নাপায়!” ইয়াৰ লগতে ট্ৰাম্পে তেহৰানে এই চুক্তিৰ পৰা আৰ্থিকভাৱে লাভৱান হ’ব বুলি ওলোৱা খবৰো নাকচ কৰে।

লগতে পঢ়ক: হৰমুজ প্ৰণালীক লৈ নতুন নিৰ্দেশনা; ৪৮ ঘণ্টাৰ পূৰ্বেই সকলো জাহাজে দিব লাগিব অনুমতি পত্ৰ  

শেহতীয়া প্ৰৱন্ধসমূহ