আৰু মাত্ৰ কেইটামান ঘণ্টা; দেশৰ কৃষকে লাভ কৰিব PM KISANৰ ২৩নং কিস্তিৰ ধন

আৰু মাত্ৰ কেইটামান ঘণ্টা; দেশৰ কৃষকে লাভ কৰিব PM KISANৰ ২৩নং কিস্তিৰ ধন

২৩ সংখ্যক PM KISAN কিস্তিৰ অধীনত অসমত ১৮.৬০ লাখৰো অধিক কৃষকৰ একাউণ্টত আজি সোমাব ৩৭২.০১ কোটি টকা। অসমৰ ১৮.৬০ লাখতকৈও অধিক কৃষক পৰিয়ালে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (PM-Kisan) আঁচনিৰ ২৩ তম কিস্তিৰ অধীনত ৩৭২.০১ কোটি টকাৰ আৰ্থিক সাহাৰ্য লাভ কৰিব বুলি ২০ জুনত ৰাজ্যৰ মুখ্যমন্ত্ৰী

২৩ সংখ্যক PM KISAN কিস্তিৰ অধীনত অসমত ১৮.৬০ লাখৰো অধিক কৃষকৰ একাউণ্টত আজি সোমাব ৩৭২.০১ কোটি টকা।

অসমৰ ১৮.৬০ লাখতকৈও অধিক কৃষক পৰিয়ালে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (PM-Kisan) আঁচনিৰ ২৩ তম কিস্তিৰ অধীনত ৩৭২.০১ কোটি টকাৰ আৰ্থিক সাহাৰ্য লাভ কৰিব বুলি ২০ জুনত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে।

এক্সত এটা পোষ্টযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰ চৰকাৰৰ এই ফ্লেগশ্বিপ আয় সমৰ্থন কাৰ্যসূচীৰ অংশ হিচাপে যোগ্য হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈ এই ধন পোনপটীয়াকৈ হস্তান্তৰ কৰা হ’ব। তেওঁ কয় যে “অন্নদাতাক সৱলীকৰণ কৰাটোৱেই হৈছে উন্নত ভাৰতৰ আধাৰশিলা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি(PM KISAN)ৰ ২৩ তম কিস্তিৰ অধীনত অসমৰ ১৮.৬০ লাখতকৈও অধিক কৃষক পৰিয়ালৰ একাউণ্টলৈ পোনপটীয়াকৈ ৩৭২.০১ কোটি টকা হস্তান্তৰ কৰা হ’ব”।

মুখ্যমন্ত্ৰীগৰাকীয়ে কৃষকসকলক দেশৰ বিকাশৰ মেৰুদণ্ড বুলি অভিহিত কৰে আৰু কয় যে তেওঁলোকৰ অৰ্থনৈতিক নিৰাপত্তা সুদৃঢ় কৰাটো চৰকাৰৰ এক অন্যতম মুখ্য অগ্ৰাধিকাৰ হৈয়েই আছে।

PM-Kisan আঁচনিৰ অধীনত যোগ্য কৃষক পৰিয়ালসমূহক ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ (DBT) ব্যৱস্থাৰ জৰিয়তে পোনপটীয়াকৈ হিতাধিকাৰীৰ বেংক একাউণ্টত বছৰি ৬,০০০ টকাকৈ তিনিটা সমান কিস্তিত (প্ৰতিটো কিস্তিত ২,০০০ টকাকৈ) আৰ্থিক সাহাৰ্য প্ৰদান কৰা হয়।

এই শেহতীয়া কিস্তিটোৱে অসমৰ লাখ লাখ কৃষক পৰিয়ালক উপকৃত কৰিব বুলি আশা কৰা হৈছে, যাৰ ফলত কৃষি কাৰ্য আৰু গ্ৰাম্য জীৱিকাৰ বাবে সহায় হ’ব। সমগ্ৰ দেশতে কৃষকসকলৰ উপাৰ্জন আৰু কল্যাণ বৃদ্ধিৰ উদ্দেশ্যে ৰূপায়ণ কৰা কল্যাণমূলক আঁচনিসমূহ সম্প্ৰসাৰণ কৰাৰ বাবে মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বক প্ৰশংসা কৰে।

উল্লেখ্য যে, ২০১৯ চনত আৰম্ভ কৰা PM-Kisan আঁচনিখন হৈছে ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলক নিশ্চিত আয়ৰ সমৰ্থন যোগান ধৰিবলৈ কেন্দ্ৰ চৰকাৰে গ্ৰহণ কৰা অন্যতম এক ফ্লেগশ্বিপ কাৰ্যসূচী।

লগতে পঢ়ক: ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তনক লৈ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

শেহতীয়া প্ৰৱন্ধসমূহ