৫৬ বছৰীয়া হ’ল কংগ্ৰেছ নেতা ৰাহুল গান্ধী, প্ৰধানমন্ত্ৰীয়ে জনালে শুভেচ্ছা

৫৬ বছৰীয়া হ’ল কংগ্ৰেছ নেতা ৰাহুল গান্ধী, প্ৰধানমন্ত্ৰীয়ে জনালে শুভেচ্ছা

কংগ্ৰেছ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক ৫৫৬ সংখ্যক জন্মদিনৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাৰ বিৰোধী দলৰ নেতা তথা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে নিজৰ ৫৬ বছৰীয়া জন্মদিন উদযাপন কৰিছে । বিৰোধী নেতাগৰাকীক ওপজা দিনটোত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও শুভেচ্ছা জ্ঞাপন কৰিছে । প্ৰধানমন্ত্ৰী

কংগ্ৰেছ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক ৫৫৬ সংখ্যক জন্মদিনৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

লোকসভাৰ বিৰোধী দলৰ নেতা তথা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে নিজৰ ৫৬ বছৰীয়া জন্মদিন উদযাপন কৰিছে । বিৰোধী নেতাগৰাকীক ওপজা দিনটোত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও শুভেচ্ছা জ্ঞাপন কৰিছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমত সাংসদগৰাকীক শুভেচ্ছা জনাই লিখিছে-“লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী জীক তেওঁৰ জন্মদিনৰ বহুত বহুত শুভেচ্ছা জনালোঁ । তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ ।”

উল্লেখ্য যে, ৰাহুল গান্ধীৰ জন্ম ১৯৭০ চনৰ ১৯ জুনত দিল্লীৰ হোলী ফেমিলী হাস্পতালত হৈছিল । তেওঁ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী আৰু কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ ছোনিয়া গান্ধীৰ জ্যেষ্ঠ সন্তান ।

ইফালে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়েও ৰাহুল গান্ধীক জন্মদিনৰ ওলগ জনাইছে আৰু সাংবিধানিক মূল্যবোধৰ প্ৰতি তেওঁৰ প্ৰতিশ্ৰুতি তথা সমাজৰ বঞ্চিত শ্ৰেণীৰ বাবে কৰা ওকালতিৰ প্ৰশংসা কৰিছে ।

লগতে পঢ়ক : ভাৰত-ফ্ৰান্সৰ অনন্য ফুটবল প্ৰেম!প্ৰধানমন্ত্ৰী মোদীৰ ভাষণত প্ৰকাশ পালে ঐতিহাসিক তথ্য

শেহতীয়া প্ৰৱন্ধসমূহ