ইৰাণৰ ওপৰত আজি নিশাই ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিব পাৰে বুলি এক গুৰুতৰ সকীয়নি প্ৰদান কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে । আজি নিশাই তেহৰাণক কঠোৰভাৱে আঘাত কৰিব বুলি হুংকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ ।
ইৰাণৰ সৈতে শান্তি চুক্তি চূড়ান্ত কৰাৰ বাবে চলি থকা কূটনৈতিক প্ৰচেষ্টাৰ মাজতেই আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে তেহৰাণক আন এক গুৰুতৰ সকীয়নি প্ৰদান কৰিছে । বৃহস্পতিবাৰে ট্ৰাম্পে কয় যে আমেৰিকাই ইৰাণক “অতি কঠোৰভাৱে” আক্ৰমণ কৰিব আৰু এই সামৰিক আক্ৰমণসমূহ “আজি নিশাই” কৰাৰ পৰিকল্পনা কৰা হৈছে ।
ছচিয়েল মিডিয়া প্লেটফৰ্ম ‘ট্ৰুথ চচিয়েল’ত কৰা এটা পোষ্টত ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে নিকট ভৱিষ্যতে ৱাশ্বিংটনে ইৰাণৰ কৌশলগতভাৱে গুৰুত্বপূৰ্ণ ‘খাৰ্গ দ্বীপ নিয়ন্ত্ৰণলৈ আনিব । উল্লেখ্য যে, এই খাৰ্গ দ্বীপৰ পৰাই ইৰাণৰ প্ৰায় ৯১ শতাংশ খাৰুৱা তেল ৰপ্তানি কৰা হয় । ইৰাণৰ তেল আৰু গেছ বজাৰত সম্পূৰ্ণ আধিপত্য বিস্তাৰ কৰাই আমেৰিকাৰ মূল লক্ষ্য বুলি তেওঁ স্পষ্ট কৰি দিয়ে ।
ভেনিজুৱেলাৰ সৈতে তুলনা
ইৰাণৰ তেল সম্পদ দখলৰ প্ৰসংগত ট্ৰাম্পে ভেনিজুৱেলাৰ উদাহৰণ দাঙি ধৰে । তেওঁ কয় যে ভেনিজুৱেলাৰ তেল সম্পদৰ ওপৰত আমেৰিকাৰ নিয়ন্ত্ৰণে “ভেনিজুৱেলা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ উভয়ৰে বাবে অতি সুন্দৰভাৱে কাম কৰিছে”। ইয়াৰ উপৰিও তেওঁ দাবী কৰে যে ইৰাণৰ নৌসেনা, বিমান বাহিনী, ৰাডাৰ, বিমান বিধ্বংসী ব্যৱস্থা আৰু বেছিভাগ আক্ৰমণাত্মক সামৰিক ক্ষমতা ইতিমধ্যে ধ্বংস হৈ গৈছে ।
ট্ৰাম্পে নিজৰ পোষ্টত লিখিছে :
“আমেৰিকা যুক্তৰাষ্ট্ৰই আজি নিশাই ইৰাণক অতি কঠোৰভাৱে আঘাত কৰিব । নিকট ভৱিষ্যতে কোনো এক সময়ত, আমি খাৰ্গ দ্বীপ আৰু অন্যান্য তেল আন্তঃগাঁথনিৰ পইণ্টসমূহ দখল কৰিম আৰু তেওঁলোকৰ তেল আৰু গেছ বজাৰৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ ল’ম, যেনেকৈ আমি ভেনিজুৱেলাৰ সৈতে কৰিছোঁ, যিটো দুয়োখন দেশৰে বাবে অতি সুন্দৰভাৱে ফলপ্ৰসূ হৈছে ।”
এপাচি হেলিকপ্টাৰ ভূপতিত কৰাৰ প্ৰতিশোধ
শান্তি চুক্তি সম্পন্ন কৰাত তেহৰাণে কৰা পলমৰ বাবে ওৱেল অফিচৰ পৰা ক্ষোভ প্ৰকাশ কৰি ট্ৰাম্পে বুধবাৰেও আমেৰিকাৰ আক্ৰমণ পুনৰ আৰম্ভ হ’ব বুলি কৈছিল । তেওঁ ইংগিত দিয়ে যে ইৰাণে অলপতে আমেৰিকাৰ এখন অত্যাধুনিক ‘এপাচি হেলিকপ্টাৰ’ ভূপতিত কৰাৰ ঘটনাই এই নতুন সামৰিক পদক্ষেপৰ আধাৰ তৈয়াৰ কৰিছে ।
সাংবাদিকৰ সন্মুখত ট্ৰাম্পে কয়, “হেলিকপ্টাৰখনৰ ঘটনাটোৰ ওপৰত ভিত্তি কৰি, মোৰ ধাৰণা আমাৰ আক্ৰমণ কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে । আমি কালি তেওঁলোকক কঠোৰ আঘাত কৰিছিলোঁ । আজি আকৌ তেওঁলোকক কঠোৰভাৱে আঘাত কৰিবলৈ গৈ আছোঁ ।”
লগতে পঢ়ক : ইৰাণৰ ওপৰত পুনৰ আমেৰিকাৰ বৃহৎ আক্ৰমণ









