ভাৰত-ৰাছিয়াৰ সম্পৰ্ক 'ভাতৃত্ববোধ আৰু বিশ্বাসৰ': আমেৰিকাৰ চাপক নেওচি মোদীৰ নেতৃত্বক পুটিনৰ প্ৰশংসা

ভাৰত-ৰাছিয়াৰ সম্পৰ্ক ‘ভাতৃত্ববোধ আৰু বিশ্বাসৰ’: আমেৰিকাৰ চাপক নেওচি মোদীৰ নেতৃত্বক পুটিনৰ প্ৰশংসা

ৰাছিয়াৰ পৰা খাৰুৱা তেল তথা শক্তি আমদানি কৰাক লৈ ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা অবিৰত কূটনৈতিক চাপৰ সন্মুখীন হৈ থকাৰ সময়তে পুটিনৰ এই গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ পাইছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে মস্কো আৰু নতুন দিল্লীৰ মাজত থকা দ্বিপাক্ষিক সম্পৰ্কক তীব্ৰ প্ৰশংসা কৰি ইয়াক সকলো অৰ্থতে “ভাতৃত্ববোধ”

ৰাছিয়াৰ পৰা খাৰুৱা তেল তথা শক্তি আমদানি কৰাক লৈ ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা অবিৰত কূটনৈতিক চাপৰ সন্মুখীন হৈ থকাৰ সময়তে পুটিনৰ এই গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ পাইছে

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে মস্কো আৰু নতুন দিল্লীৰ মাজত থকা দ্বিপাক্ষিক সম্পৰ্কক তীব্ৰ প্ৰশংসা কৰি ইয়াক সকলো অৰ্থতে “ভাতৃত্ববোধ” আৰু “পাৰস্পৰিক বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত” বুলি বৰ্ণনা কৰিছে । ৰাছিয়াৰ পৰা খাৰুৱা তেল তথা শক্তি আমদানি কৰাক লৈ ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা অবিৰত কূটনৈতিক চাপৰ সন্মুখীন হৈ থকাৰ সময়তে পুটিনৰ এই গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ পাইছে ।

ছেইণ্ট পিটাৰ্ছবাৰ্গ আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক মঞ্চত ভাষণ দি ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ মানৱ সম্পদ আৰু কাৰিকৰী প্ৰযুক্তিৰ ভূয়সী প্ৰশংসা কৰে । বিশেষকৈ ক’ডিং আৰু চফ্টৱেৰ ইঞ্জিনিয়াৰিং ক্ষেত্ৰত ভাৰতীয়সকলৰ থকা অসাধাৰণ দক্ষতাক তেওঁ গোলকীয় স্বীকৃতিপ্ৰাপ্ত বুলি অভিহিত কৰে ।

হৰমুজ প্ৰণালীৰ সংকট আৰু ভাৰত-ৰাছিয়াৰ সহযোগিতা

পশ্চিম এছিয়াৰ ভূ-ৰাজনৈতিক উত্তেজনা আৰু হৰমুজ প্ৰণালীত পৰিবহণ ব্যৱঘাতৰ আশংকাই যেতিয়া বিশ্বৰ শক্তি (ইন্ধন) বজাৰত তীব্ৰ অস্থিৰতাৰ সৃষ্টি কৰিছে, তেনে সময়ত ভাৰত-ৰাছিয়াৰ কৌশলগত মিত্ৰতাই দুয়োখন দেশকে সুৰক্ষা দিছে বুলি পুটিনে উল্লেখ কৰে । তেওঁ কয়, “প্ৰধানমন্ত্ৰী মোদীয়ে হৰমুজ প্ৰণালীৰ সংকটৰ বাবে দেশত ব্যক্তিগত গাড়ী কমকৈ ব্যৱহাৰ কৰিবলৈ বা দীৰ্ঘ দূৰত্বৰ যাত্ৰা পৰিহাৰ কৰিবলৈ কিছুমান পদক্ষেপ ল’বলগীয়া হৈছিল । কিন্তু আমাৰ আৰু ভাৰতৰ কোম্পানীসমূহে ঘনিষ্ঠ সহযোগিতাৰ সঠিক পথ বাছি ল’লে । আজি আমি ভাৰত তথা সমগ্ৰ এছিয়াৰ বজাৰত ইন্ধনৰ যোগান বৃদ্ধি কৰি সহায়ৰ হাত আগবঢ়াইছোঁ ।”

তেওঁ কয়- “কোনেও আমাক চৰ্ত জাপি দিব নোৱাৰে, আৰু কোনেও তেনে কৰিবলৈ চেষ্টাও নকৰে । আমি আমাৰ অংশীদাৰসকলৰ ওচৰত কৰা প্ৰতিশ্ৰুতি সদায় ৰক্ষা কৰিম, বিশেষকৈ ভাৰতৰ দৰে বিশ্বাসী বন্ধুৰ ক্ষেত্ৰত ।”

প্ৰতিৰক্ষা মিত্ৰতা আৰু ছোভিয়েট যুগৰ পৰম্পৰা

দুয়োখন দেশৰ সামৰিক সহযোগিতাৰ কথা উল্লেখ কৰি পুটিনে কয় যে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ এক বুজন অংশই আজিও ৰাছিয়াৰ মূল সামৰিক সঁজুলি (হাৰ্ডৱেৰ) ব্যৱহাৰ কৰে । এয়া ছোভিয়েট যুগৰে পৰা চলি অহা এটা সুদৃঢ় পৰম্পৰা । তেওঁ স্পষ্ট কৰি দিয়ে যে এই সম্পৰ্ক কেৱল ক্ৰয়-বিক্ৰয় বা ব্যৱসায়তে সীমাবদ্ধ নহয়, বৰঞ্চ বৰ্তমান দুয়োখন দেশে যৌথ গৱেষণা আৰু প্ৰতিৰক্ষা প্ৰযুক্তিৰ উন্নয়নৰ ওপৰতো সমানে গুৰুত্ব দিছে ।

মোদীৰ নেতৃত্ব আৰু ভাৰতৰ সাৰ্বভৌমত্বক স্বীকৃতি

ভাষণ প্ৰসংগত ৰাষ্ট্ৰপতি পুতিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্ণায়ক নেতৃত্বৰ শলাগ লয় । তেওঁ সকীয়াই দিয়ে যে ভাৰতক লক্ষ্য কৰি লোৱা যিকোনো শাস্তিমূলক বা নিষেধাজ্ঞামূলক ব্যৱস্থাই অৱশেষত তেনে কৰিবলৈ যোৱা দেশসমূহৰ ওপৰতে ওলোটাকৈ প্ৰভাৱ পেলাব ।

একে সময়তে, ভাৰত আৰু আমেৰিকাৰ মাজত গঢ়ি উঠা ঘনিষ্ঠ সম্পৰ্ককো ৰাছিয়াই ইতিবাচক দৃষ্টিৰে চাইছে বুলি তেওঁ কয় । পুটিনে স্পষ্টকৈ কয় যে নিজৰ ৰাষ্ট্ৰীয় স্বাৰ্থ ৰক্ষা কৰি যিকোনো আন্তঃৰাষ্ট্ৰীয় সিদ্ধান্ত ল’বলৈ নতুন দিল্লীৰ সম্পূৰ্ণ সাৰ্বভৌম অধিকাৰ আৰু স্বতন্ত্ৰতা আছে । মূল্য আৰু গুণগত মানৰ দিশৰ পৰা নিজৰ বাবে আটাইতকৈ উন্নত সামগ্ৰী বিধ বাছি ল’বলৈ ভাৰত সম্পূৰ্ণ স্বাধীন ।

লগতে পঢ়ক : ভাৰত-ৰাছিয়াৰ সম্পৰ্ক অভেদ্য, মোদীৰ ওপৰত চাপ সৃষ্টি কৰাটো ক্ষতিকাৰক: ভ্লাদিমিৰ পুটিন

শেহতীয়া প্ৰৱন্ধসমূহ