তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীক নিজৰ এজন ভাল বন্ধু বুলি অভিহিত কৰি দুয়োখন দেশৰ মাজৰ সুসম্পৰ্কৰ কথা দোহাৰে
ভাৰত-ৰাছিয়াৰ সম্পৰ্কই টোপনি হৰিছে মহা শক্তিশালী আমেৰিকাৰ । ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ মন্তব্যৰ পিছতে এতিয়া হাহাকাৰ লাগিছে ট্ৰাম্পৰ । ভাৰতৰ ওপৰত আমেৰিকাৰ কোনো চাপে কাম নকৰে বুলি পুটিনে কৰা মন্তব্যৰ পিছতেই ভাৰত-আমেৰিকা বাণিজ্য চুক্তি সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে ৰাষ্ট্ৰপতি ট্ৰাম্পে । লগতে ট্ৰাম্পে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভাল বন্ধু বুলিও অভিহিত কৰিছে ।
আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ মাজত অতি সোনকালেই এক গুৰুত্বপূৰ্ণ বাণিজ্য চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । অলপতে হোৱাইট হাউচত সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এই সন্দৰ্ভত দৃঢ় আত্মবিশ্বাস প্ৰকাশ কৰে । ইয়াৰ উপৰিও তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীক নিজৰ এজন “ভাল বন্ধু” বুলি অভিহিত কৰি দুয়োখন দেশৰ মাজৰ সুসম্পৰ্কৰ কথা দোহাৰে ।
সাংবাদিকৰ আগত ৰাষ্ট্ৰপতি ট্ৰাম্পে কয়, “বছৰ বছৰ ধৰি ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সুযোগ গ্ৰহণ কৰিছিল আৰু আমাৰ সামগ্ৰীৰ ওপৰত বৃহৎ শুল্ক আৰোপ কৰিছিল । কিন্তু এতিয়া পৰিস্থিতি সম্পূৰ্ণ ওলোটা হৈছে আৰু আমি ভাৰতৰ সৈতে ব্যৱসায় কৰি লাভৱান হৈছো ।” তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে থকা তেওঁৰ ব্যক্তিগত বন্ধুত্ব আৰু মধুৰ সম্পৰ্কৰ বাবেই দুয়োখন দেশে অতি সোনকালে এক সৰ্বসন্মত চুক্তিত উপনীত হ’বলৈ সক্ষম হ’ব ।
৬০খন দেশৰ ওপৰত আমেৰিকাৰ নতুন শুল্কৰ বোজা :
ট্ৰাম্পৰ এই ইতিবাচক মন্তব্যৰ মাজতেই আকৌ আমেৰিকা যুক্তৰাষ্ট্ৰই বিশ্বৰ ৬০ খন প্ৰধান অৰ্থনীতিৰ ওপৰত ১০ শতাংশৰ পৰা ১২.৫ শতাংশ পৰ্যন্ত অতিৰিক্ত শুল্ক আৰোপ কৰাৰ এক নতুন তালিকা ঘোষণা কৰিছে । ‘ইউনাইটেড ষ্টেটছ ট্ৰেড ৰিপ্ৰেজেন্টেটিভ’ৰ কাৰ্যালয়ৰ এক তদন্তত প্ৰকাশ পাইছে যে এই দেশসমূহৰ পৰা আমেৰিকালৈ আমদানি কৰা বহু সামগ্ৰী বলপূৰ্বক শ্ৰমৰ জৰিয়তে উৎপাদন কৰা হয় ।
USTR-এ প্ৰকাশ কৰা ৫৪ খন দেশৰ এখন তালিকাত ভাৰতৰ নামো অন্তৰ্ভুক্ত কৰা হৈছে । আমেৰিকাৰ দাবী অনুসৰি, এই দেশসমূহে বলপূৰ্বক শ্ৰমেৰে উৎপাদিত সামগ্ৰীৰ আমদানি নিষিদ্ধ কৰাৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰাত ব্যৰ্থ হৈছে । ভাৰতৰ উপৰিও এই তালিকাত অষ্ট্ৰেলিয়া, চীন, ইজৰাইল, জাপান, কাটাৰ, ৰাছিয়া, যুক্তৰাজ্য (UK), চৌদি আৰৱ, ছিংগাপুৰ আৰু দক্ষিণ কোৰিয়াৰ দৰে শক্তিশালী অৰ্থনীতিসমূহ স্থান পাইছে ।
১৯৭৪ চনৰ বাণিজ্য আইনৰ ‘চেকচন ৩০১’ৰ অধীনত ব্যৱস্থা :
আমেৰিকাৰ নিয়ম অনুসৰি, যিবোৰ দেশে ইতিমধ্যে বলপূৰ্বক শ্ৰমৰ বিৰুদ্ধে ব্যৱস্থা লৈছে বা চুক্তি কৰিছে, তেওঁলোকে ১০ শতাংশ অতিৰিক্ত শুল্ক ভৰিব লাগিব । আনহাতে, বাকী থকা দেশসমূহে ১২.৫ শতাংশ অতিৰিক্ত কৰৰ সন্মুখীন হ’ব । USTR-ৰ মতে, ১৯৭৪ চনৰ বাণিজ্য আইনৰ ‘চেকচন ৩০১’ৰ অধীনত এই পদক্ষেপ লোৱা হৈছে, কাৰণ বলপূৰ্বক শ্ৰমেৰে উৎপাদিত সামগ্ৰীয়ে আমেৰিকাৰ ঘৰুৱা বাণিজ্যৰ ওপৰত এক অনুচিত বোজাৰ সৃষ্টি কৰিছে ।
অৱশ্যে, এই নতুন নিয়মত বস্ত্ৰ উদ্যোগৰ বাবে কিছু ৰেহাই দিয়া হৈছে । এক বিশেষ ‘বস্ত্ৰ যান্ত্ৰিকতা’ৰ জৰিয়তে কিছুমান নিৰ্দিষ্ট দেশৰ পৰা সীমিত পৰিমাণৰ পোছাক আৰু বস্ত্ৰ সামগ্ৰী হ্ৰাস কৰা শুল্ক হাৰত আমেৰিকাত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হ’ব ।
আনহাতে, বলপূৰ্বক শ্ৰম সম্পৰ্কীয় নিষেধাজ্ঞা কাৰ্যকৰী কৰাত একেবাৰেই ব্যৰ্থ হোৱাৰ বাবে USTR-এ আন ৬ খন গুৰুত্বপূৰ্ণ অৰ্থনীতিক তীব্ৰ সমালোচনা কৰিছে, যাৰ ভিতৰত ইউৰোপীয় ইউনিয়ন, পাকিস্তান আৰু কানাডা অন্যতম ।
এতিয়া সমগ্ৰ বিশ্বৰে চকু থিতাপি লৈছে যে এই নতুন শুল্ক নীতিৰ মাজত ভাৰত আৰু আমেৰিকাৰ বাণিজ্যিক সম্পৰ্কই কি নতুন মোৰ লয় আৰু ট্ৰাম্প-মোদীৰ বন্ধুত্বই বাণিজ্য চুক্তিক কিদৰে সফল কৰি তোলে ।
লগতে পঢ়ক : ভাৰত-ৰাছিয়াৰ সম্পৰ্ক অভেদ্য, মোদীৰ ওপৰত চাপ সৃষ্টি কৰাটো ক্ষতিকাৰক: ভ্লাদিমিৰ পুটিন









