জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ আইনী প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতত চলি আছে
জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ আইনী প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতত চলি আছে । এই গোচৰৰ অন্যতম প্ৰধান অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি আজি, অৰ্থাৎ ৪ জুনত গুৱাহাটী উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হ’ব । উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শইকীয়াৰ আদালতত এই গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ কৰাৰ কথা আছে ।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে এখন বিশেষ ফাষ্ট ট্ৰেক আদালতে সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন খাৰিজ কৰিছিল । ইয়াৰ পিছতে অভিযুক্ত শৰ্মাই ন্যায় বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপে আৰু যোৱা ২৬ মে’ত এই জামিন আবেদন দাখিল কৰে । জানিব পৰা মতে, যোৱা বছৰৰ ১ অক্টোবৰত এই গোচৰৰ আন এজন সহ-অভিযুক্ত শ্যাম কানু মহন্তৰ সৈতে সিদ্ধাৰ্থ শৰ্মাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ।
ভাৰতীয় ন্যায় সংহিতাৰ অধীনত গুৰুতৰ অভিযোগ গঠন :
শেহতীয়াকৈ বিচাৰক শৰ্মিলা ভূঞাৰ নেতৃত্বত বহা বিশেষ ফাষ্ট ট্ৰেক আদালতে এই সমগ্ৰ ঘটনাৰ পুংখানুপুংখ পৰ্যবেক্ষণ কৰি সিদ্ধাৰ্থ শৰ্মাকে ধৰি মুঠ সাতজন অভিযুক্তৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে অভিযোগ গঠন কৰিছে । ‘ৰাজ্য বনাম সিদ্ধাৰ্থ শৰ্মা আৰু অন্য ছয়জন’ (State vs Siddhartha Sharma and Six Others) শীৰ্ষক এই গোচৰটোত অভিযুক্তসকলৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা (BNS)-ৰ কেইবাটাও অতি গুৰুতৰ ধাৰাত অভিযুক্ত কৰা হৈছে ।
অভিযুক্তসকলৰ বিৰুদ্ধে অনা মূল অভিযোগসমূহ হ’ল :
-অপৰাধমূলক ষড়যন্ত্ৰ
-হত্যা আৰু ইচ্ছাকৃত নৰহত্যা (যি হত্যাৰ পৰ্যায়ভুক্ত নহয়)
-ধনদাবী আৰু প্ৰৱঞ্চনা
-অপৰাধমূলক বিশ্বাসভংগ
-অপৰাধৰ প্ৰমাণ নাইকিয়া কৰাৰ চেষ্টা
আদালতৰ মজিয়াত আন কোন কোন অভিযুক্ত ?
এই হাই-প্ৰফাইল গোচৰটোত সিদ্ধাৰ্থ শৰ্মাৰ উপৰিও আন যি ছয়জন অভিযুক্তৰ নাম সাঙোৰ খাই পৰিছে, তেওঁলোক হ’ল ক্ৰমে- শ্যামকানু মহন্ত, শেখৰ জ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য ।
বিশেষ ফাষ্ট ট্ৰেক আদালতে অভিযুক্তসকলৰ বিৰুদ্ধে অভিযোগ গঠন কৰাৰ পিছত এতিয়া মূল বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ’বলৈ সম্পূৰ্ণ সাজু হৈ উঠিছে । সমগ্ৰ ৰাজ্যবাসীৰ চকু এতিয়া উচ্চ ন্যায়ালয়ৰ ওপৰত নিবদ্ধ হৈছে । আজি প্ৰধান অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই জামিন লাভ কৰিব নে পুনৰ কাৰাগাৰলৈ যাব লাগিব, সেই সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তলৈ এতিয়া অধীৰ আগ্ৰহেৰে অপেক্ষা কৰা হৈছে ।
লগতে পঢ়ক : এই ঘটনাৰ উচিত বিচাৰ হ’বঃ মাধুৰ্য্য বৰ্মনৰ বাসগৃহত উপস্থিত হৈ মন্তব্য নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা









