পুৱাই দেশ কঁপোৱা মৰ্মান্তিক ঘটনা, চিকিৎসালয়ৰ আই চি ইউত বিধ্বংসী অগ্নিকাণ্ড

পুৱাই দেশ কঁপোৱা মৰ্মান্তিক ঘটনা, চিকিৎসালয়ৰ আই চি ইউত বিধ্বংসী অগ্নিকাণ্ড

চিকিৎসালয়খনৰ পঞ্চম মহলাত থকা আই চি ইউ ৱাৰ্ডত প্ৰথমতে এই জুই লাগে আৰু মুহূৰ্তৰ ভিতৰতে সমগ্ৰ হাস্পতালখন ধোঁৱাই আৱৰি ধৰে দিল্লীৰ মালৱীয় নগৰৰ হোটেলৰ অগ্নিকাণ্ডৰ পাছতেই এইবাৰ বিহাৰৰ মুজাফ্ফৰপুৰত সংঘটিত হৈছে দেশ কঁপাই যোৱা এক ভয়াৱহ ঘটনা । বৃহস্পতিবাৰে পুৱতি নিশা মুজাফ্ফৰপুৰৰ ব্ৰহ্মপুৰাত অৱস্থিত ‘প্ৰসাদ

চিকিৎসালয়খনৰ পঞ্চম মহলাত থকা আই চি ইউ ৱাৰ্ডত প্ৰথমতে এই জুই লাগে আৰু মুহূৰ্তৰ ভিতৰতে সমগ্ৰ হাস্পতালখন ধোঁৱাই আৱৰি ধৰে

দিল্লীৰ মালৱীয় নগৰৰ হোটেলৰ অগ্নিকাণ্ডৰ পাছতেই এইবাৰ বিহাৰৰ মুজাফ্ফৰপুৰত সংঘটিত হৈছে দেশ কঁপাই যোৱা এক ভয়াৱহ ঘটনা । বৃহস্পতিবাৰে পুৱতি নিশা মুজাফ্ফৰপুৰৰ ব্ৰহ্মপুৰাত অৱস্থিত ‘প্ৰসাদ হাস্পতাল’ত জুই লগাৰ ফলত ৩ গৰাকী ৰোগীয়ে কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হয় বুলি জানিব পৰা গৈছে । এই দুৰ্ঘটনাত আন ২০ জনতকৈও অধিক ৰোগী গুৰুতৰভাৱে আহত হৈছে ।

প্ৰত্যক্ষদৰ্শীৰ মতে, চিকিৎসালয়খনৰ পঞ্চম মহলাত থকা আই চি ইউ ৱাৰ্ডত প্ৰথমতে এই জুই লাগে আৰু মুহূৰ্তৰ ভিতৰতে সমগ্ৰ হাস্পতালখন ধোঁৱাই আৱৰি ধৰে । যাৰ ফলত সমগ্ৰ চিকিৎসালয়ত এক হাহাকাৰ আৰু আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় । প্ৰাথমিক তদন্তত শ্বৰ্ট ছাৰ্কিটৰ বাবেই এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে ।

খিৰিকী-দুৱাৰ ভাঙি উদ্ধাৰ অভিযান-

ঘটনাৰ খবৰ পোৱাৰ লগে লগে অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰায় ১২খন গাড়ী ততালিকে ঘটনাস্থলীত উপস্থিত হৈ যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰে । আই চি ইউ আৰু অন্যান্য ৱাৰ্ডত আৱদ্ধ হৈ থকা অসহায় ৰোগীসকলক উদ্ধাৰ কৰিবলৈ অগ্নি নিৰ্বাপক কৰ্মীসকলে খিৰিকী আৰু দুৱাৰসমূহ ভাঙি পেলাব লগা হয় । বৰ্তমান সুৰক্ষিতভাৱে উদ্ধাৰ কৰা ৰোগীসকলক আন চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে, যাৰ ভিতৰত কেইবাজনৰো অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে ।

অগ্নি নিৰ্বাপক বিষয়া আৰ. এন. পাণ্ডেই ঘটনা সন্দৰ্ভত কয় :

“আমি পুৱা প্ৰায় ৩ বজাত এই অগ্নিকাণ্ডৰ খবৰ পাইছিলোঁ । আমাৰ দলটো যেতিয়া উপস্থিত হৈছিল, তেতিয়া পৰিস্থিতি অতি ভয়াৱহ আছিল । সমগ্ৰ আই চি ইউ ৱাৰ্ডটো ঘন ক’লা ধোঁৱাৰে ভৰি আছিল । চিকিৎসাকৰ্মীৰ অনুপস্থিতিৰ স্বত্বেও আমাৰ দলে ২০ জনতকৈও অধিক ৰোগীক সুৰক্ষিতভাৱে উলিয়াই আনিবলৈ সক্ষম হয় ।”

ৰোগীক মৃত্যুৰ মুখত পেলাই পলাল চিকিৎসক-কৰ্মচাৰী!

এই কৰুণ দুৰ্ঘটনাটোৰ পাছতেই এতিয়া চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে ৰোগীৰ আত্মীয় তথা একাংশ স্থানীয় ৰাইজ । চকুৰ পানী টুকি এজন ভুক্তভোগীৰ আত্মীয়ই অভিযোগ কৰা মতে, জুই লগাৰ লগে লগে চিকিৎসালয়খনৰ চিকিৎসক আৰু সমগ্ৰ কৰ্মচাৰীয়ে ৰোগীসকলক ছটফটাই থকা অৱস্থাতে এৰি থৈ নিজৰ প্ৰাণ বচাবলৈ ঘটনাস্থলীৰ পৰা পলাই যায় । আনকি চিকিৎসালয় প্ৰশাসনে মৃত ৰোগীৰ মৃতদেহখিনিও পৰিয়ালক হস্তান্তৰ কৰাৰ কোনো সৌজন্যতা নেদেখুৱালে । অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়ায়ো নিশ্চিত কৰিছে যে তেওঁলোক উপস্থিত হোৱাৰ সময়ত হাস্পতালৰ বেছিভাগ কৰ্মচাৰীয়েই পলাই গৈছিল ।

জিলাধিপতি সুব্ৰত সেনে বৰ্তমানলৈকে তিনিজন লোকৰ মৃত্যুৰ কথা চৰকাৰীভাৱে নিশ্চিত কৰিছে । তেওঁ সংবাদ মাধ্যমক জনোৱা মতে, এই সমগ্ৰ ঘটনাৰ এক উচ্চস্তৰীয় তদন্তৰ নিৰ্দেশ দিয়া হৈছে আৰু কৰ্তব্যত গাফিলতি কৰা দোষীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

লগতে পঢ়ক : হঠাৎ দাউ দাউ জ্বলি উঠিল ‘লেমন গ্ৰীণ’ নামৰ হোটেলখন; জীৱন্তে অগ্নিদগ্ধ হৈ ২০ জনৰ মৃত্যু

শেহতীয়া প্ৰৱন্ধসমূহ