ভাৰতসহ ৬০ খনকৈ দেশত পুনৰ নতুন শুল্ক আৰোপ কৰাৰ পৰিকল্পনা ট্ৰাম্পৰ

ভাৰতসহ ৬০ খনকৈ দেশত পুনৰ নতুন শুল্ক আৰোপ কৰাৰ পৰিকল্পনা ট্ৰাম্পৰ

ড’নাল্ড ট্ৰাম্পে পুনৰবাৰ বিশ্বৰ ওপৰত “টেৰিফ বোমা” নিক্ষেপ কৰাৰ প্ৰস্তুতি চলাইছে। উচ্চতম ন্যায়ালয়ত হোৱা গুৰুতৰ পৰাজয়ৰ পিছত এতিয়া আমেৰিকাই নতুন শুল্ক পৰিকল্পনা প্ৰস্তুত কৰিছে। এফালে ভাৰত আৰু আমেৰিকাই অন্তৱৰ্তীকালীন বাণিজ্য চুক্তিৰ গাঁথনি (ফ্ৰেমৱৰ্ক) তৈয়াৰ কৰাৰ কথা ঘোষণা কৰিছে, আনহাতে আনফালে ড’নাল্ড ট্ৰাম্পৰ চৰকাৰে পুনৰ এবাৰ

ড’নাল্ড ট্ৰাম্পে পুনৰবাৰ বিশ্বৰ ওপৰত “টেৰিফ বোমা” নিক্ষেপ কৰাৰ প্ৰস্তুতি চলাইছে। উচ্চতম ন্যায়ালয়ত হোৱা গুৰুতৰ পৰাজয়ৰ পিছত এতিয়া আমেৰিকাই নতুন শুল্ক পৰিকল্পনা প্ৰস্তুত কৰিছে।

এফালে ভাৰত আৰু আমেৰিকাই অন্তৱৰ্তীকালীন বাণিজ্য চুক্তিৰ গাঁথনি (ফ্ৰেমৱৰ্ক) তৈয়াৰ কৰাৰ কথা ঘোষণা কৰিছে, আনহাতে আনফালে ড’নাল্ড ট্ৰাম্পৰ চৰকাৰে পুনৰ এবাৰ ‘টেৰিফ বোমা’ ফুটাবলৈ সাজু হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প চৰকাৰে ভাৰতকে ধৰি কেইবাখনো বৃহৎ বাণিজ্যিক অংশীদাৰ দেশৰ সামগ্ৰীৰ ওপৰত ১০% বা তাতকৈ অধিক অতিৰিক্ত আমদানী শুল্ক আৰোপ কৰাৰ এক প্ৰস্তাৱ আনিছে। এই পদক্ষেপ গ্ৰহণ কৰাৰ আঁৰত আমেৰিকাই অভিযোগ উত্থাপন কৰিছে যে এই দেশসমূহৰ পৰা অহা কিছুমান সামগ্ৰী বলপূৰ্বক শ্ৰম (ফৰ্চড লেবাৰ) বা বাধ্যতামূলক শ্ৰমিকৰ দ্বাৰা নিৰ্মিত হ’ব পাৰে।

বুধবাৰ, ৩ জুনৰ পুৱা আমেৰিকাৰ বাণিজ্য প্ৰতিনিধিৰ কাৰ্যালয়ে জাৰী কৰা এক প্ৰতিবেদনত কোৱা হৈছে যে কানাডা, মেক্সিকো, টাইৱান, যুক্তৰাজ্য (ব্ৰিটেইন) আৰু আন কিছুমান দেশৰ ওপৰত ১০% অতিৰিক্ত শুক্ল আৰোপ কৰা হ’ব। অভিযোগ অনুসৰি, এই দেশসমূহে বলপূৰ্বক শ্ৰমৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ আমদানীৰ ওপৰত থকা নিষেধাজ্ঞা সঠিকভাৱে কাৰ্যকৰী কৰাত ব্যৰ্থ হৈছে। প্ৰতিবেদন অনুসৰি চীন, জাপান, ভাৰত, দক্ষিণ কোৰিয়া, ব্ৰাজিল আৰু চুইজাৰলেণ্ডকে ধৰি আন কেইবাখনো দেশৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত ট্ৰাম্পে ১২.৫ শতাংশ শুল্ক আৰোপ কৰিব পাৰে।

ইউএছ ট্ৰেড ৰিপ্ৰেজেণ্টেটিভৰ ৰাষ্ট্ৰদূত জেমীচন গ্ৰীয়াৰে এক বিবৃতিত কয়, “আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বাণিজ্যিক অংশীদাৰ দেশসমূহে বলপূৰ্বক শ্ৰমেৰে নিৰ্মিত সামগ্ৰীৰ আমদানী ৰোধ কৰাত ব্যৰ্থ হোৱাটো গ্ৰহণযোগ্য নহয়। ইয়াৰ ফলত এনে এক পৰিস্থিতিৰ সৃষ্টি হয়, য’ত আমেৰিকাৰ শ্ৰমিকসকলে বিশ্ব বজাৰত এক অসমান আৰু অন্যায় প্ৰতিযোগিতাৰ সন্মুখীন হ’বলগীয়া হয়।”

তেওঁ লগতে কয়, “বিশ্বব্যাপী বাণিজ্যে যাতে অজ্ঞাতসাৰে বলপূৰ্বক শ্ৰমক প্ৰসাৰিত আৰু শক্তিশালী নকৰে, সেয়া নিশ্চিত কৰিবলৈ আমাৰ প্ৰতিখন অংশীদাৰ দেশে অধিক পদক্ষেপ গ্ৰহণ কৰিব লাগিব।”

উল্লেখযোগ্য যে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে সমগ্ৰ বিশ্বৰ বিভিন্ন দেশৰ ওপৰত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে আৰোপ কৰা পাৰস্পৰিক শুল্ক বন্ধ কৰি দিছিল।এতিয়া ট্ৰাম্পে সেই শুল্ক পুনৰ আৰোপ কৰাৰ চেষ্টা কৰিছে।

লগতে পঢ়ক: “আপুনি পাগল হৈছে!মই নহ’লে আপুনি জেলত থাকিলহেঁতেন…”; নেতান্যাহুক তিৰস্কাৰ ট্ৰাম্পৰ