পাঞ্জাবী গায়ক দিলজিৎ দোসাঞ্জৰ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰা হৈছে।
পাঞ্জাবী গায়ক দিলজিৎ দোসাঞ্জ আৰু লুধিয়ানাৰ মেয়ৰ ইন্দৰজিৎ কৌৰে তেওঁলোকৰ বাসগৃহ উৰুৱাই দিয়াৰ ভাবুকি লাভ কৰিছে।এই ভাবুকিৰ পিছতে সতৰ্কতামূলক ব্যৱস্থা হিচাপে তৎক্ষণাত লুধিয়ানা পৌৰ নিগমৰ কাৰ্যালয় খালী কৰা হৈছে আৰু সমগ্ৰ চহৰখনতে নিৰাপত্তাৰ ব্যৱস্থা যথেষ্ট কটকটীয়া কৰা হৈছে।
আৰক্ষী বিষয়াৰ পৰা পোৱা তথ্য অনুসৰি,সোমবাৰে পুৱাই পৌৰ নিগমৰ আয়ুক্তৰ অফিচিয়েল ইমেইল একাউণ্টত ভাবুকিপূৰ্ণ ইমেইল আহিছিল।এই ইমেইলত কোৱা হৈছিল যে লুধিয়ানাৰ মেয়ৰ আৰু গায়ক দিলজিৎ দোসাঞ্জৰ চৌহদত শক্তিশালী বিস্ফোৰণ সংঘটিত হ’ব। আনকি ভাবুকি প্ৰদান কৰা ব্যক্তিজনে এই কাৰ্য্য সংঘটিত কৰাৰ বাবে এটা বিশেষ তাৰিখ আৰু সময়ৰ কথাও বিশেষভাৱে উল্লেখ কৰিছিল।
তদন্তৰ সৈতে জড়িত সূত্ৰই প্ৰকাশ কৰিছে যে এই ইমেইলত কিছুমান ব্যক্তি আৰু এটা সংস্থাৰ নামো উল্লেখ কৰা হৈছে। আৰক্ষী আৰু চাইবাৰ বিশেষজ্ঞৰ দলসমূহে এই ইমেইলটো নিবিড়ভাৱে পৰীক্ষা কৰি সত্যতা নিশ্চিত কৰিছে।
এই বোমাৰ ভাবুকি পোৱাৰ লগে লগে প্ৰশাসনে তদন্ত আৰম্ভ কৰিছে।নিৰাপত্তাৰ চিন্তাৰ প্ৰতি লক্ষ্য ৰাখি মেয়ৰৰ শিবিৰৰ কাৰ্যালয়ত আৰু চহৰৰ সকলো স্পৰ্শকাতৰ অঞ্চলত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ দল মোতায়েন কৰা হৈছে।
লগতে পঢ়ক: “মোক মাৰ পিট কৰিছিল”; ৰাখী সাৱন্তই উদঙালে বৈবাহিক জীৱনৰ যন্ত্ৰণা









