আজি অসম বিধানসভাৰ সদনত উত্থাপন কৰা হ’ল UCC বিধেয়ক। মুখ্য়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী অতুল বৰাই সদনত UCC বিধেয়ক উত্থাপন কৰে।
ৰাজ্যৰ কেবিনেটে প্ৰস্তাৱিত আইনত অনুমোদন জনোৱাৰ প্ৰায় দুসপ্তাহৰ পাছত ২৫ মে’ত অসম বিধানসভাত ইউনিফৰ্ম চিভিল কোড (UCC) বিধেয়ক উত্থাপন কৰা হয়।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী অতুল বৰাই সদন চলি থকা অধিৱেশনৰ সময়ত সদনত “The Uniform Civil Code, Assam, Bill, 2026” উত্থাপন কৰে।২৭ মে’ত এই বিধেয়কখন আলোচনা আৰু গৃহীত হোৱাৰ সম্ভাৱনা আছে।
ৰাজ্যৰ কেবিনেটে মুখ্যমন্ত্ৰীৰ দ্বিতীয় কাৰ্যকাল আৰম্ভ হোৱাৰ পিছত ১৩ মে’ৰ প্ৰথমখন বৈঠকত এই UCC আইনখনৰ খচৰাত অনুমোদন জনাইছিল। কেবিনেট বৈঠকৰ পাছতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰিছিল যে ২১ মে’ৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ চলি থকা অধিৱেশনৰ সময়ত প্রস্তাৱিত আইনখন উত্থাপন কৰা হ’ব৷
বিৰোধীয়ে UCCৰ বিৰোধিতা কৰাক লৈ কেইবাজনো বিধায়কে বিৰোধীক সমালোচনা কৰে। বিধায়ক সুশান্ত বৰগোঁহায়ে কয়, ‘‘কংগ্ৰেছে UCCৰ বিৰোধিতা কৰিবই। কাৰণ তেওঁলোকৰ ১৯ জনৰ ১৮জন বিধায়ক সংখ্যালঘু বিধায়ক। তেওঁলোকে UCCৰ বিৰোধিতা কৰিবই। কাৰণ তেওঁলোকে তিনি তালাক বা বহুবিবাহ বিচাৰে। কংগ্ৰেছৰ এনে ভূমিকাৰ বাবে মানুহে গ্ৰহণ নকৰে। UCCত সকলোৱে সমান সুবিধা লাভ কৰিব।’’
বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই কয়, ‘‘কংগ্ৰেছে কেতিয়াবা সংবিধান মানে কেতিয়াবা নামানে৷ কংগ্ৰেছে সংবিধানক সন্মান কৰিব লাগে৷ UCC অহাৰ লগে লগে একতাবোধ আহিব৷ UCC অনাটো মুখ্যমন্ত্ৰীৰ যুগান্তকাৰী সিদ্ধান্ত৷’’









