ৰাজ্যত ভয়ংকৰ নৈশ বাছ দূৰ্ঘটনা; ঘৰ গৈ নাপালে দ্বীপজ্যোতি

ৰাজ্যত ভয়ংকৰ নৈশ বাছ দুৰ্ঘটনা; ঘৰ গৈ নাপালে দ্বীপজ্যোতি

শুকুৰবাৰে সন্ধিয়া গুৱাহাটীৰ পৰা মাজুলীৰ ঘৰলৈ বুলি যাত্ৰা নামৰ নৈশ বাছখনত উঠিছিল দ্বীপজ্যোতি বৰা। কিন্তু লখিমপুৰৰ নাওবৈচাত দুৰ্ঘটনাত পতিত হয় নৈশ বাছখন। লখিমপুৰৰ নাওবৈচাত পুৱতি নিশা সংঘটিত হৈছে এক শোকাৱহ নৈশ বাছ দুৰ্ঘটনা। গুৱাহাটীৰ পৰা মাজুলীৰ কমলাবাৰী অভিমুখী আছিল যাত্ৰা নামৰ নৈশ বাছখন। দুৰ্ঘটনাটোৰ ফলত

শুকুৰবাৰে সন্ধিয়া গুৱাহাটীৰ পৰা মাজুলীৰ ঘৰলৈ বুলি যাত্ৰা নামৰ নৈশ বাছখনত উঠিছিল দ্বীপজ্যোতি বৰা। কিন্তু লখিমপুৰৰ নাওবৈচাত দুৰ্ঘটনাত পতিত হয় নৈশ বাছখন।

লখিমপুৰৰ নাওবৈচাত পুৱতি নিশা সংঘটিত হৈছে এক শোকাৱহ নৈশ বাছ দুৰ্ঘটনা। গুৱাহাটীৰ পৰা মাজুলীৰ কমলাবাৰী অভিমুখী আছিল যাত্ৰা নামৰ নৈশ বাছখন। দুৰ্ঘটনাটোৰ ফলত এজন যাত্ৰীৰ নিহত হোৱাৰ লগতে ৪৫ জনৰো অধিক যাত্ৰী গুৰুতৰভাৱে আহত।

শুকুৰবাৰে সন্ধিয়া গুৱাহাটীৰ পৰা মাজুলীৰ কমলাবাৰীলৈ গৈ আছিল যাত্ৰা নামৰ নৈশ বাছখন।নিহত যুৱক গৰাকী দ্বীপজ্যোতি বৰা বুলি চিনাক্ত কৰা হৈছে। গুৱাহাটীৰ পৰা মাজুলীৰ ঘৰলৈ গৈ আছিল দ্বীপজ্যোতি। কিন্তু পুৱা ঘৰ গৈ নাপালে তেওঁ। নিয়ন্ত্ৰণহীন হৈ এজোপা গছত খুন্দা মাৰি বাগৰি পৰে AR01w1144 নম্বৰৰ নৈশ বাছখন।দলহাট তিনিআলিৰ শিঙৰা দলঙৰ সন্মুখত সংঘটিত হয় এই দূৰ্ঘটনাতো।

লগতে পঢ়ক: পুনৰ মাধমাৰ; ১০ দিনৰ ভিতৰত তৃতীয়বাৰলৈ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য