কেৰালাৰ নতুন মুখ্যমন্ত্ৰী হ’ল ভি.ডি.সতীশন; ৰাহুল গান্ধীৰ উপস্থিতিত শপত গ্ৰহণ

কেৰালাৰ নতুন মুখ্যমন্ত্ৰী হ’ল ভি.ডি.সতীশন; ৰাহুল গান্ধীৰ উপস্থিতিত শপত গ্ৰহণ

শেহতীয়াকৈ সমাপ্ত হোৱা কেৰালা বিধানসভাৰ নিৰ্বাচনত ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্টে বাওঁপন্থীৰ দহ বছৰীয়া শাসনৰ অন্ত পেলাই। আজি তিৰুৱনন্তপুৰমত ভি.ডি. সতীশনে তেওঁৰ সমগ্ৰ মন্ত্ৰীসভাৰ সৈতে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে। কেৰালাত কংগ্ৰেছ নেতৃত্বাধীন নতুন ইউডিএফ চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান আৰম্ভ হৈছে। য’ত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল

শেহতীয়াকৈ সমাপ্ত হোৱা কেৰালা বিধানসভাৰ নিৰ্বাচনত ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্টে বাওঁপন্থীৰ দহ বছৰীয়া শাসনৰ অন্ত পেলাই। আজি তিৰুৱনন্তপুৰমত ভি.ডি. সতীশনে তেওঁৰ সমগ্ৰ মন্ত্ৰীসভাৰ সৈতে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে।

কেৰালাত কংগ্ৰেছ নেতৃত্বাধীন নতুন ইউডিএফ চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান আৰম্ভ হৈছে। য’ত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী, আৰু প্ৰিয়ংকা গান্ধীৰ উপস্থিতিত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ভি.ডি. সতীশনে কেৰালাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে। তেওঁক ৰাজ্যপাল আৰ.ভি. আৰ্লেকাৰে তেওঁক পদবী আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাই।

ভি.ডি. সতীশনৰ লগতে, তেওঁৰ সমগ্ৰ ২০ জনীয়া মন্ত্ৰীসভাও একেলগে শপত গ্ৰহণ কৰি আছে।প্ৰায় ছয় দশকৰ পাছত কেৰালাত এনে এক অনুষ্ঠান হৈছে, যেতিয়া মুখ্যমন্ত্ৰীয়ে সমগ্ৰ মন্ত্ৰীমণ্ডলৰ সৈতে শপত গ্ৰহণ কৰিছে।

কেৰালাত নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, আৰু কংগ্ৰেছ শাসিত তিনিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীও উপস্থিত থাকে।

কেৰালাত নতুন চৰকাৰৰ ভৱ্য শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ বিজেপিৰ ৰাজ্যিক সভাপতি ৰাজীৱ চন্দ্ৰশেখৰ আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ ৰাজ্যিক সম্পাদক বিনয় বিশ্বও উপস্থিত হৈছে।

লগতে পঢ়ক: ‘শিক্ষামন্ত্ৰীক কিয় বৰ্খাস্ত কৰা হোৱা নাই ‘; NEET প্ৰশ্নকাকত ফাদিলক লৈ ৰাহুল গান্ধীৰ সমালোচনা