১৭ মে’ দেওবাৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৬ত ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়ে এক নতুন ইতিহাস সৃষ্টি কৰিছে।
২০২৬ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত বেটিঙেৰে ধুমুহাৰ সৃষ্টি কৰা বিৰাট কোহলীয়ে আন এক কৃতিত্ব অৰ্জন কৰিছে।ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ তাৰকা বেটছমেনগৰাকীয়ে পুনৰবাৰ প্ৰতিযোগীতাখনত নিজৰ ধাৰাবাহিকতা আৰু ক্লাছ প্ৰমাণ কৰিলে।প্ৰতিযোগিতাখনৰ ইতিহাসত ৯টা ভিন্ন ছিজনত ৫০০ বা তাতকৈ অধিক ৰান সংগ্ৰহ কৰা প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হৈছে তেওঁ। যোৱা ছিজনত তেওঁ এই ক্ষেত্ৰত অষ্ট্ৰেলিয়াৰ প্ৰাক্তন বেটছমেন ডেভিদ ৱাৰ্নাৰক চেৰ পেলাইছিল।
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ এই ছিজনত বিৰাট কোহলীয়ে যথেষ্ট ৰান সংগ্ৰহ কৰিছে। দেওবাৰে পঞ্জাব কিংছৰ বিৰুদ্ধে তেওঁ পঞ্চাশ ৰান সংগ্ৰহ কৰি পুনৰবাৰ দলটোক শক্তিশালী আৰম্ভণিৰ সুবিধা প্ৰদান কৰে। তেওঁ এই অৰ্ধশতকটো মাত্ৰ ৩১টা বলত, ৩টা চাৰি আৰু সমান সংখ্যক ছয়ৰ সহায়ত অৰ্জন কৰে। বিৰাট কোহলীৰ নামত ৯টা ভিন্ন ছিজনত ৫০০ৰো অধিক ৰান সংগ্ৰহ যোগ হৈছে।
বিৰাট কোহলীয়ে ২০১১ চনত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত প্ৰথমবাৰৰ বাবে ৫০০ ৰান সম্পূৰ্ণ কৰিছিল ।সেই ছিজনত তেওঁ ৫৫৭ ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ পিছত ২০১৩ চনত ৬৩৪ ৰান, আৰু ২০১৫ চনত ৫০৫ ৰান সংগ্ৰহ কৰাৰ লগতে ২০১৬ ৰ ঐতিহাসিক ছিজনত বেটেৰে ধুমুৰাহ সৃষ্টি কৰি ৯৭৩ ৰান সংগ্ৰহ কৰিছিল।
লগতে পঢ়ক: বিপদত LSGৰ অধিনায়ক ঋষভ পন্ত; বিহিলে ১২ লাখ টকাৰ জৰিমনা









